• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাকিস্তানী মহিলাৰ বি*বস্ত্ৰ ফটোৰ বিনিময়ত ভাৰতৰ গোপন তথ্য ফাদিল!

পাকিস্তানী মহিলাৰ বি*বস্ত্ৰ ফটোৰ বিনিময়ত ভাৰতৰ গোপন তথ্য ফাদিল!

1 minute ago
৫০০ টকীয়া হাজিৰাত চলিছে নেকি বালাচৰা চেকগেট?

৫০০ টকীয়া হাজিৰাত চলিছে নেকি বালাচৰা চেকগেট?

36 minutes ago
বিশ্বৰ তেল সংকটৰ মাজতে ভাৰতৰ অৰ্থনীতি প্ৰশংসাযোগ্যঃ ৰাষ্ট্ৰসংঘৰ জলবায়ু প্ৰধান

বিশ্বৰ তেল সংকটৰ মাজতে ভাৰতৰ অৰ্থনীতি প্ৰশংসাযোগ্যঃ ৰাষ্ট্ৰসংঘৰ জলবায়ু প্ৰধান

58 minutes ago
কাজিৰঙাৰ দুৰ্ঘটনাঃ আজি একেলগে জ্বলিব ৩ ভগ্নীৰ চিতা!

কাজিৰঙাৰ দুৰ্ঘটনাঃ আজি একেলগে জ্বলিব ৩ ভগ্নীৰ চিতা!

2 hours ago
কাৰ ভুলৰ বাবে সংঘটিত কাজিৰঙাৰ দুৰ্ঘটনা?

কাৰ ভুলৰ বাবে সংঘটিত কাজিৰঙাৰ দুৰ্ঘটনা?

3 hours ago
কৰ্মক্ষেত্ৰত নতুন সুযোগৰ সম্ভাৱনা, আৰ্থিক লাভৰ যোগ

কৰ্মক্ষেত্ৰত নতুন সুযোগৰ সম্ভাৱনা, আৰ্থিক লাভৰ যোগ

4 hours ago
অষ্টম দৰমহা আয়োগৰ ডাঙৰ আপডেট, ৩ গুণ বৃদ্ধি পাব দৰমহা !

অষ্টম দৰমহা আয়োগৰ ডাঙৰ আপডেট, ৩ গুণ বৃদ্ধি পাব দৰমহা !

12 hours ago
বিচ্ছেদ নোহোৱাকৈ Live in ৰিলেচনত থকাটো অপৰাধ নহয়! উচ্চ ন্যায়ালয়ে ক’লে এইদৰে

বিচ্ছেদ নোহোৱাকৈ Live in ৰিলেচনত থকাটো অপৰাধ নহয়! উচ্চ ন্যায়ালয়ে ক’লে এইদৰে

13 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

একেৰাহে চতুৰ্থ দিনৰ বাবে হ্ৰাস সোণৰ মূল্য, এয়াই গহনা ক্ৰয়ৰ উচিত সময় নেকি?

13 hours ago
জেঠৰ প্ৰথম শনিবাৰেই শনিজয়ন্তী, গ্ৰহৰাজৰ জন্মতিথিৰ পৰা সুসময় আৰম্ভ এই ৩ৰাশিৰ

শনিদেৱে দূৰ কৰিব বিপদ, মাত্ৰ পুৱাই কৰক এই কাম!

13 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

দুৰ্ঘটনাক লৈ বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! সঁচাকৈয়ে আহিব নেকি অশুভ সময়?

14 hours ago
শনিৰ কৃপাত ভাগ্য উজলিব ৫ ৰাশিৰ? ধন-সম্পত্তি, চাকৰি আৰু প্ৰেমৰ ক্ষেত্ৰত কেনে যাব জানক

শনিৰ কৃপাত ভাগ্য উজলিব ৫ ৰাশিৰ? ধন-সম্পত্তি, চাকৰি আৰু প্ৰেমৰ ক্ষেত্ৰত কেনে যাব জানক

14 hours ago
পুনৰ বৃদ্ধি পাব ৰিচাৰ্জৰ মূল্য, ইংগিত দিলে Airtel ৰ মুৰব্বী

পুনৰ বৃদ্ধি পাব ৰিচাৰ্জৰ মূল্য, ইংগিত দিলে Airtel ৰ মুৰব্বী

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, November 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

পাকিস্তানী মহিলাৰ বি*বস্ত্ৰ ফটোৰ বিনিময়ত ভাৰতৰ গোপন তথ্য ফাদিল!

পাকিস্তানী চোৰাংচোৱাৰ ফান্দত বায়ুসেনাৰ উইং কমাণ্ডাৰ!

editor by editor
November 14, 2026
in অপৰাধ, ভাৰত, ৰাজনীতি
0
পাকিস্তানী মহিলাৰ বি*বস্ত্ৰ ফটোৰ বিনিময়ত ভাৰতৰ গোপন তথ্য ফাদিল!
0
SHARES
1
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতীয় বায়ুসেনাৰ এগৰাকী উইং কমাণ্ডাৰৰ বিৰুদ্ধে পাকিস্তানী চোৰাংচোৱাক দেশৰ গুৰুত্বপূৰ্ণ সামৰিক তথ্য যোগান ধৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। দিল্লী আৰক্ষীৰ দাখিল কৰা অভিযোগনামা অনুসৰি, বিষয়াগৰাকীয়ে পাকিস্তানী চোৰাংচোৱাৰ সৈতে যোগাযোগ কৰি ভাৰতৰ যুদ্ধ পৰিকল্পনা, লেহ বিমানঘাটিৰ কাৰ্যক্ষমতা আৰু ড্ৰোন যুদ্ধৰ সৈতে জড়িত বহু স্পৰ্শকাতৰ তথ্য প্ৰেৰণ কৰিছিল। অভিযোগ অনুসৰি, এই তথ্যৰ বিনিময়ত তেওঁ এগৰাকী মহিলাৰ নগ্ন ফটো লাভ কৰিছিল।

এই ঘটনাৰ সন্দৰ্ভত দিল্লী আৰক্ষীয়ে বিষয়াগৰাকীৰ বিৰুদ্ধে চৰকাৰী গোপনীয়তা আইনসহ বিভিন্ন আইনী বিধানৰ অধীনত অভিযোগ দাখিল কৰিছে। অৱশ্যে, এতিয়ালৈকে আদালতে এই গোচৰটোৰ সন্দৰ্ভত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা নাই। অভিযুক্তৰ বিৰুদ্ধে গোচৰ চলাবলৈ প্ৰয়োজনীয় অনুমোদনো আৰক্ষীয়ে লাভ কৰা নাই।

দিল্লী আৰক্ষীৰ বিশেষ কোষৰ কাউণ্টাৰ ইনটেলিজেন্স ইউনিটে পটিয়ালা হাউছ আদালতত এই অভিযোগনামা দাখিল কৰিছে। অভিযোগনামা অনুসৰি, ২০২৬ চনৰ ১২ জানুৱাৰীৰ পৰা ১ এপ্ৰিললৈকে পাকিস্তানী চোৰাংচোৱাৰ সৈতে উইং কমাণ্ডাৰগৰাকীৰ যোগাযোগ চলি আছিল।

লেহ বিমানঘাটিৰ যুদ্ধ পৰিকল্পনাৰ তথ্য ফাদিলৰ অভিযোগ

‘টাইমছ অব ইণ্ডিয়া’ৰ এক প্ৰতিবেদন অনুসৰি, তদন্তত প্ৰকাশ পাইছে যে পাকিস্তানী চোৰাংচোৱাগৰাকীয়ে এগৰাকী মহিলাৰ পৰিচয় লৈ ছ’চিয়েল মিডিয়াৰ জৰিয়তে উইং কমাণ্ডাৰজনৰ সৈতে বন্ধুত্ব স্থাপন কৰিছিল। লাহে লাহে বিষয়াগৰাকীৰ আস্থা লাভ কৰি তেওঁক চোৰাংচোৱাৰ জালত পেলোৱা হৈছিল বুলি অভিযোগ উঠিছে।

এই সময়ছোৱাত উইং কমাণ্ডাৰগৰাকীয়ে ভাৰতীয় বায়ুসেনাৰ বহু স্পৰ্শকাতৰ তথ্য আদান-প্ৰদান কৰিছিল বুলি আৰক্ষীয়ে অভিযোগ কৰিছে। ইয়াৰ ভিতৰত লেহ বিমানঘাটিত যুদ্ধ বিমান মোতায়েনৰ তথ্য, ৰাজস্থানৰ মহাজন ফিল্ড ৰেঞ্জত চলোৱা সামৰিক অনুশীলন, গোপন ড্ৰোন ইউনিটৰ সংখ্যা আৰু ইয়াৰ কাৰ্যক্ষমতাৰ বিষয়ে তথ্যও অন্তৰ্ভুক্ত আছিল। আনহাতে, অভিযোগ অনুসৰি, বিষয়াগৰাকীয়ে নিজৰ ইউনিটৰ পাঁচজন বিষয়াৰ ফোন আৰু অন্যান্য ইলেক্ট্ৰনিক ডিভাইচত হেকিং স্পাইৱেৰ স্থাপন কৰিছিল।

তদন্তত প্ৰকাশ পোৱা তথ্য অনুসৰি, অভিযুক্ত আৰু পাকিস্তানী চোৰাংচোৱাৰ মাজত ৩,০০০ৰো অধিক বাৰ্তা, ৬৫খন ফটো, ৪২টা ভইচ কল, চাৰিটা ভিডিঅ’ কল আৰু ছটা URL আদান-প্ৰদান হৈছিল। এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত যোৱা ৩০ মে’ত উইং কমাণ্ডাৰগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছিল। আৰক্ষীৰ মতে, এই তথ্য ফাদিলৰ ঘটনাই দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি গুৰুতৰ ভাবুকি সৃষ্টি কৰিব পাৰে।

থেৰাপিষ্ট বিচৰাৰ অজুহাতত পাতিছিল চোৰাংচোৱাই জাল

আৰক্ষীৰ অভিযোগনামাত উল্লেখ কৰা অনুসৰি, এই চোৰাংচোৱাগিৰিৰ আৰম্ভণি হৈছিল গভীৰ নিশা অহা হোৱাটছএপ বাৰ্তাৰ জৰিয়তে। প্ৰথমে বাৰ্তা প্ৰেৰণ কৰা ব্যক্তিগৰাকীয়ে নিজকে এগৰাকী মহিলা বুলি পৰিচয় দিছিল। তেওঁ মানসিক চাপত থকা বুলি উল্লেখ কৰি এজন ভাল থেৰাপিষ্ট বিচাৰি থকা বুলি উইং কমাণ্ডাৰগৰাকীক জনাইছিল। বিষয়াগৰাকীয়ে প্ৰথম অৱস্থাত ভুল নম্বৰত বাৰ্তা প্ৰেৰণ কৰা বুলি কৈছিল। কিন্তু তাৰ পিছতো বাৰ্তা অহা বন্ধ হোৱা নাছিল। অভিযোগ অনুসৰি, মহিলাগৰাকীয়ে নিজৰ স্বামীৰ পৰা পৃথক হৈ থকা আৰু মানসিকভাৱে অসুবিধাৰ সন্মুখীন হোৱা বুলি কৈ বিষয়াগৰাকীৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছিল। এইদৰে কথোপকথনৰ জৰিয়তে বিষয়াগৰাকীৰ আস্থা লাভ কৰি পাকিস্তানী চোৰাংচোৱাগৰাকীয়ে তেওঁক নিজৰ জালত পেলাইছিল বুলি তদন্তকাৰীয়ে সন্দেহ প্ৰকাশ কৰিছে।

কেনেকৈ পোহৰলৈ আহিল এই ঘটনা?

এই ঘটনাটো প্ৰথমে পোহৰলৈ আহিছিল বিষয়াগৰাকীৰ কাৰ্যালয়ত কৰ্মৰত এগৰাকী নিৰাপত্তাৰক্ষীৰ সন্দেহৰ ভিত্তিত। অভিযোগ অনুসৰি, ৰেচ কোৰ্চ ৰোডত থকা বিষয়াগৰাকীৰ কাৰ্যালয়ত নিৰাপত্তাৰ দায়িত্বত থকা ব্যক্তিগৰাকীয়ে তেওঁৰ হাতত এটা আইফোন লক্ষ্য কৰিছিল। স্পৰ্শকাতৰ সামৰিক দায়িত্বত থকা বিষয়াগৰাকীক এনে ফোন ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়া হোৱা নাছিল বুলি জানিব পৰা গৈছিল। ইয়াৰ পিছতে বিষয়াগৰাকীৰ ফোন পৰীক্ষা কৰা হয়। ফোন পৰীক্ষাৰ সময়ত পাকিস্তানী চোৰাংচোৱাৰ সৈতে যোগাযোগ আৰু গোপন সামৰিক তথ্য আদান-প্ৰদানৰ সন্দেহজনক প্ৰমাণ পোৱা যায়। এই তথ্যৰ ভিত্তিতে তদন্ত আৰম্ভ কৰা হয় আৰু পিছলৈ বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰা হয়।

পাকিস্তানী চোৰাংচোৱাই ব্যৱহাৰ কৰিছিল গুজৰাটৰ চিম কাৰ্ড

তদন্তকাৰীৰ আন এক গুৰুত্বপূৰ্ণ অভিযোগ হৈছে, পাকিস্তানী চোৰাংচোৱাই ভাৰতৰ গুজৰাটত জাৰি কৰা এটা চিম কাৰ্ড ব্যৱহাৰ কৰিছিল। এই ভাৰতীয় নম্বৰৰ জৰিয়তে হোৱাটছএপত উইং কমাণ্ডাৰগৰাকীৰ সৈতে যোগাযোগ কৰা হৈছিল বুলি আৰক্ষীয়ে অভিযোগ কৰিছে। চোৰাংচোৱাগৰাকীয়ে পাকিস্তানৰ পৰা কাম কৰি থকাৰ সময়তো ভাৰতীয় চিম কাৰ্ড ব্যৱহাৰ কৰি যোগাযোগ অব্যাহত ৰাখিছিল বুলি তদন্তত প্ৰকাশ পাইছে। এই ঘটনাই ভাৰতীয় সামৰিক বাহিনীৰ স্পৰ্শকাতৰ তথ্যৰ সুৰক্ষা আৰু সামাজিক মাধ্যমৰ জৰিয়তে চলোৱা চোৰাংচোৱাগিৰিৰ বিপদৰ বিষয়টো পুনৰ চৰ্চালৈ আনিছে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৫০০ টকীয়া হাজিৰাত চলিছে নেকি বালাচৰা চেকগেট?
অসম

৫০০ টকীয়া হাজিৰাত চলিছে নেকি বালাচৰা চেকগেট?

November 14, 2026
বিশ্বৰ তেল সংকটৰ মাজতে ভাৰতৰ অৰ্থনীতি প্ৰশংসাযোগ্যঃ ৰাষ্ট্ৰসংঘৰ জলবায়ু প্ৰধান
ভাৰত

বিশ্বৰ তেল সংকটৰ মাজতে ভাৰতৰ অৰ্থনীতি প্ৰশংসাযোগ্যঃ ৰাষ্ট্ৰসংঘৰ জলবায়ু প্ৰধান

November 14, 2026
বিচ্ছেদ নোহোৱাকৈ Live in ৰিলেচনত থকাটো অপৰাধ নহয়! উচ্চ ন্যায়ালয়ে ক’লে এইদৰে
ভাৰত

বিচ্ছেদ নোহোৱাকৈ Live in ৰিলেচনত থকাটো অপৰাধ নহয়! উচ্চ ন্যায়ালয়ে ক’লে এইদৰে

November 13, 2026
‘মোৰ ফোন টেপ কৰা হৈছে’ ৰাহুল গান্ধীৰ বিস্ফোৰক দাবী
ৰাজনীতি

‘মোৰ ফোন টেপ কৰা হৈছে’ ৰাহুল গান্ধীৰ বিস্ফোৰক দাবী

November 13, 2026

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.