মধ্যপ্ৰদেশৰ ইন্দোৰত আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমাণৰ নগদ ধন। ৰাজপথৰ কাষত এটা শ্বপিং মলৰ সন্মুখত ৰখাই থোৱা এখন বাহনৰ পৰা আৰক্ষীয়ে প্ৰায় ৮০ লাখ টকা উদ্ধাৰ কৰে। উদ্ধাৰ হোৱা ধনখিনিৰ ভিতৰত ৫০০, ২০০ আৰু ১০০ টকীয়া নোটৰ বহু বান্দিল আছিল।
এই ঘটনাৰ পাছতে আৰক্ষীয়ে বাহনখনত থকা দুজন লোকক গ্ৰেপ্তাৰ কৰিছে। বৰ্তমান ধৃত লোক দুজনক আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে। উদ্ধাৰ হোৱা বৃহৎ পৰিমাণৰ ধনখিনি ক’ৰ পৰা আহিল আৰু কি কামত ব্যৱহাৰ কৰিবলৈ অনা হৈছিল, সেই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।
আনহাতে, ধৃত লোক দুজনে আৰক্ষীৰ আগত দাবী কৰা অনুসৰি, ধনখিনি মাটি বিক্ৰী কৰি লাভ কৰিছিল। অৱশ্যে তেওঁলোকৰ এই দাবীৰ সত্যতা এতিয়াও পৰীক্ষা কৰি থকা হৈছে। ইফালে, আয়কৰ বিভাগে প্ৰাথমিকভাৱে ধনখিনি অবৈধ উৎসৰ বুলি নিশ্চিত কৰা বুলি জানিব পৰা গৈছে। ধনখিনিৰ প্ৰকৃত উৎস আৰু ইয়াৰ সৈতে আন কোনো লোক জড়িত আছে নেকি, সেই সকলো দিশ চালি-জাৰি চাইছে তদন্তকাৰী সংস্থাই।
৮০ লাখ টকাৰ দৰে বৃহৎ পৰিমাণৰ নগদ ধন এখন ৰখাই থোৱা বাহনৰ পৰা উদ্ধাৰ হোৱা ঘটনাই স্বাভাৱিকতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। তদন্ত সম্পূৰ্ণ হোৱাৰ পাছতহে এই ধন জব্দৰ আঁৰৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















