ৰাজ্যত পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। কাজিৰঙাৰ পাছত সোণাপুৰৰ ৰাজপথত সংঘটিত হৈছে দুৰ্ঘটনা! তীব্ৰবেগী ট্ৰাকৰ তলত সোমাই গুৰুতৰভাৱে আহত হৈছে এজন যুৱক। দুৰ্ঘটনাটোৰ ফলত যুৱকজনৰ এখন ভৰি সম্পূৰ্ণৰূপে ছিঙি যোৱাৰ খবৰ পোৱা গৈছে।
প্ৰাপ্ত তথ্য অনুসৰি, যুৱকজনে ৰাজপথ পাৰ হ’বলৈ লওঁতেই সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। সেই সময়তে তীব্ৰবেগেৰে আহি থকা এখন ট্ৰাকে যুৱকজনক খুন্দা মাৰে। খুন্দাৰ ফলত যুৱকজন ট্ৰাকখনৰ তলত সোমাই পৰে। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে যুৱকজনৰ এখন ভৰি সম্পূৰ্ণৰূপে ছিঙি যায়। দুৰ্ঘটনাটোৰ পিছত যুৱকজনৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
এই আকস্মিক ঘটনাই সমগ্ৰ অঞ্চলটোতে সৃষ্টি কৰে চাঞ্চল্যৰ। দুৰ্ঘটনাৰ পাছতেই যুৱকজনক সংকটজনক অৱস্থাত সোণাপুৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে গুৰুতৰভাৱে আহত যুৱকজন।
উল্লেখ্য যে, ৰাজ্যৰ বিভিন্ন প্ৰান্তত সঘনাই সংঘটিত হৈ থকা পথ দুৰ্ঘটনাই উদ্বিগ্ন কৰি তুলিছে সাধাৰণ ৰাইজক। তীব্ৰবেগ, অসাৱধানতা আৰু পথ সুৰক্ষাৰ প্ৰতি অৱহেলাই বহু সময়ত এনে ভয়ংকৰ পৰিণতি কঢ়িয়াই আনিছে। সোণাপুৰৰ এই দুৰ্ঘটনাই পুনৰ এবাৰ ৰাজপথত সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজনীয়তাক স্পষ্ট কৰি তুলিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















