প্ৰেমে কি কি নকৰাই? এইবাৰ প্ৰেমৰ বাবে বিপদত পৰে চলমান! পিছে আপুনি ভাবি থকা সেই চলমান খান নহয় বা কোনো চেলিব্ৰেটী নহয় তেওঁ এজন সাধাৰণ যুৱক। যিয়ে হিন্দু যুৱতীৰ প্ৰেমৰ জালত পেলাইছিল। ৰাজধানী ভূপালৰ এখন হোটেলত হিন্দু যুৱতীৰ সৈতে ধৰা পৰিছে এজন মুছলমান যুৱক। যুৱকজনৰ নাম চলমান খান যিয়ে মুছলমান ছোৱালীৰ ভুৱা আধাৰ কাৰ্ড বনাই হোটেলখনৰ এটা কোঠা লৈছিল। কিন্তু যেতিয়া হিন্দু সংগঠনক সেই স্থানত দেখে, তেতিয়া খিৰিকীৰে জপিয়াই পলায়ন কৰে।
আচলতে হিন্দু সংগঠনটোৱে হিমতাৰা হোটেলত এহাল দম্পতী থকাৰ তথ্য লাভ কৰিছিল। বিষয়টো সন্দেহজনক বুলি বিবেচনা কৰি বজৰং দলৰ দলে সেই স্থানত গৈ কোঠাটোত উপস্থিত হয়। ধৰা পৰাৰ ভয়ত যুৱকজন আৰু ছোৱালীজনীয়ে খিৰিকীৰ পৰা জপিয়াই লৰ মাৰে।
হোটেলৰ কোঠাৰ পৰা ওলাই যোৱাৰ সলনি দুয়োজনে খিৰিকীৰে দৌৰিবলৈ ধৰিলে। প্ৰায় ৫০ ফুট আগুৱাই যোৱাৰ পিছত হিন্দু সংগঠনৰ কৰ্মীয়ে যুৱকজনক ধৰি আৰক্ষীৰ হাতত গতাই দিয়ে। তথ্য অনুসৰি ছলমান খান হৰাখেডাৰ বাসিন্দা বুলি জানিব পৰা গৈছে। হিন্দু ছোৱালীজনী ছিৰঞ্জৰ বাসিন্দা আৰু মাতৃৰ ফালৰ পৰা ককাকৰ ঘৰত থাকে। ১২ নৱেম্বৰৰ সন্ধিয়া সংঘটিত হোৱাৰ বিপৰীতে ১৪ নৱেম্বৰত ইয়াৰ ভিডিঅ’ প্ৰকাশ পাইছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















