ডিব্ৰুগড় জিলাৰ দুলীয়াজানত সংঘটিত চাঞ্চল্যকৰ ট্ৰিপ’ল মাৰ্ডাৰ কাণ্ডই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। একেটা পৰিয়ালৰ তিনিগৰাকী সদস্যক অতি নৃশংসভাৱে হত্যা কৰা এই ঘটনাক কেন্দ্ৰ কৰি এটাৰ পিছত আনটো ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। হত্যাকাণ্ডটোৰ বিৱৰণে এতিয়া স্তম্ভিত কৰি তুলিছে সকলোকে।
তথ্য অনুসৰি, হত্যাকাৰীয়ে অতি নিৰ্মমভাৱে আক্ৰমণ কৰি হত্যা কৰিছিল একেটা পৰিয়ালৰ তিনিগৰাকী সদস্যক। মৃতদেহ উদ্ধাৰৰ সময়ত তিনিওগৰাকীৰ মূৰত আছিল প্ৰচণ্ড আঘাতৰ চিন পোৱা যায়। আনকি হত্যাকাৰীয়ে ঘৰৰ ৱালত মূৰ থেতেলিয়াই তেওঁলোকক হত্যা কৰাৰ সন্দেহজনক তথ্যও পোহৰলৈ আহিছে। হত্যাকাণ্ডৰ ভয়ংকৰ দৃশ্যৰ প্ৰমাণ বহন কৰিছিল কোঠাটোৰ অৱস্থাই। কোঠাটোৰ চৌদিশে বিয়পি পৰিছিল তেজ।
নৃশংস হত্যাকাণ্ডৰ বলি হোৱা লোককেইগৰাকী হৈছে চন্দ্ৰকান্ত ভূঞা, এলিজা ভূঞা আৰু নিহাৰিকা ভূঞা। একেটা পৰিয়ালৰ তিনিগৰাকী সদস্যৰ এনেদৰে মৃত্যু হোৱা ঘটনাই অঞ্চলটোত গভীৰ শোক আৰু আতংকৰ সৃষ্টি কৰিছে।
মৃতদেহ উদ্ধাৰৰ সময়ত ঘৰৰ মূল দুৱাৰখন বন্ধ অৱস্থাত আছিল। কিন্তু ঘৰৰ ভিতৰত কেইবাটাও আলমাৰী খোলা অৱস্থাত থকা দেখা যায়। ইয়াৰ ফলত হত্যাকাণ্ডৰ আঁৰত ডকাইতিৰ উদ্দেশ্য থাকিব পাৰে বুলি চৰ্চা চলিছিল।
ইফালে আৰক্ষীৰ তদন্তত আন এক গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে। ঘৰত প্ৰৱেশ কৰাৰ পূৰ্বে দুৰ্বৃত্তই চিচিটিভিৰ কেবুল খুলি পেলাইছিল। এই হত্যাকাণ্ডৰ মাষ্টৰমাইণ্ড হৈছে ৰাজু দাস। প্ৰকাশিত তথ্য অনুসৰি, ৰাজু দাসেই একেটা পৰিয়ালৰ তিনিওগৰাকী সদস্যক হত্যা কৰিছিল। এই ভয়ংকৰ কাণ্ডত ৰাজু দাসক সহায় কৰিছিল তেওঁৰ মাহীয়েকৰ পুত্ৰ অমৃত দাসে বুলিও অভিযোগ উত্থাপন হৈছে।
অপৰাধীক গ্ৰেপ্তাৰ
ঘটনাৰ পিছতে অসম আৰক্ষীয়ে অপৰাধী ধৰিবলৈ উঠি-পৰি লাগিছিল। আজি দুলীয়াজানৰ ট্ৰিপ’ল মাৰ্ডাৰ কাণ্ডৰ মাষ্টাৰমাইণ্ড ৰাজু দাসক গ্ৰেপ্তাৰ কৰে। ৰে’লত উঠাৰ সময়ত শিমলুগুৰি ষ্টেচনৰ পৰা গ্ৰেপ্তাৰ কৰা হয় ৰাজু দাসক। তেওঁ অবোধ আসামেৰে কলকাতালৈ পলায়নৰ চেষ্টা চলাইছিল। মৰাণ আৰু সোণাৰি আৰক্ষীয়ে একেলগে ৰাজু দাসৰ সহযোগী অমিৰ দাসকো গ্ৰেপ্তাৰ কৰে। ভূঞা পৰিয়ালত কেয়াৰ টেকাৰ হিচাপে কাম কৰি আছিল ৰাজু দাসে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















