• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘ধোনীবিহীন CSK কল্পনাই কৰিব নোৱাৰি’

‘ধোনীবিহীন CSK কল্পনাই কৰিব নোৱাৰি’

3 minutes ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

মুছলিম ৰাষ্ট্ৰত দুৰ্যোগ, ঘৰ-বাৰী এৰি পলায়ন জনতাৰ

2 hours ago
হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! এয়া সোণ কিনাৰ সঠিক সময় নেকি?

হোৰাহোৰে হ্ৰাস পাইছে সোণৰ মূল্য! নৱেম্বৰৰ শেষলৈকে সোণৰ হাৰ ১.২৯ লাখ টকা হ’ব নেকি?

2 hours ago
আৰক্ষীৰ জালত দুলীয়াজানৰ ট্ৰিপ’ল মাৰ্ডাৰ কাণ্ডৰ মাষ্টাৰমাইণ্ড, ৰে’লত উঠাৰ সময়তে গ্ৰেপ্তাৰ কৰে ৰাজু দাসক

আৰক্ষীৰ জালত দুলীয়াজানৰ ট্ৰিপ’ল মাৰ্ডাৰ কাণ্ডৰ মাষ্টাৰমাইণ্ড, ৰে’লত উঠাৰ সময়তে গ্ৰেপ্তাৰ কৰে ৰাজু দাসক

3 hours ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

প্ৰেমৰ ক্ষেত্ৰত আটাইতকৈ বিশ্বাসী এই ৫ ৰাশিৰ লোক, নিদিয়ে কাৰো মনত আঘাত!

3 hours ago
পুৰণি দুখ-কষ্টৰ অন্ত! ২০২৭ চনত সোণালী সময় আৰম্ভ হ’ব এই ৫ ৰাশিৰ বাবে

পুৰণি দুখ-কষ্টৰ অন্ত! ২০২৭ চনত সোণালী সময় আৰম্ভ হ’ব এই ৫ ৰাশিৰ বাবে

4 hours ago
সাৱধান! ৰাহু-কেতুৰ প্ৰভাৱত জীৱনলৈ আহিব পাৰে নানা সমস্যা, জানক জ্যোতিষশাস্ত্ৰই কি কয়

সাৱধান! ৰাহু-কেতুৰ প্ৰভাৱত জীৱনলৈ আহিব পাৰে নানা সমস্যা, জানক জ্যোতিষশাস্ত্ৰই কি কয়

4 hours ago
ৰক সংগীতেৰে কঁপিব গুৱাহাটী! আজি খানাপাৰাত বিশ্ববিখ্যাত Guns N’ Rosesৰ সংগীতানুষ্ঠান, উছাহত মতলীয়া অনুৰাগী

ৰক সংগীতেৰে কঁপিব গুৱাহাটী! আজি খানাপাৰাত বিশ্ববিখ্যাত Guns N’ Rosesৰ সংগীতানুষ্ঠান, উছাহত মতলীয়া অনুৰাগী

4 hours ago
জোকে ধৰিলে কি কৰিব? তেজ নাখাবলৈ কি কৰিব লাগে জানি লওক

জোকে ধৰিলে কি কৰিব? তেজ নাখাবলৈ কি কৰিব লাগে জানি লওক

5 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ভয়ংকৰ পথ দুৰ্ঘটনা, ১০০ মিটাৰ দ খাৱৈত পৰিল যাত্ৰীবাহী বাছ

7 hours ago
হাড় কঁপোৱা শীত নামিব! শক্তিশালী হ’ব কাল ঘূৰ্ণীবতাহ ‘আকবান’, অসমৰ লগতে ১২ ৰাজ্যত বৰষুণৰ এলাৰ্ট

হাড় কঁপোৱা শীত নামিব! শক্তিশালী হ’ব কাল ঘূৰ্ণীবতাহ ‘আকবান’, অসমৰ লগতে ১২ ৰাজ্যত বৰষুণৰ এলাৰ্ট

8 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

গ্ৰহ-নক্ষত্ৰৰ শুভ প্ৰভাৱত জিলিকিব এই ৩ ৰাশিৰ ভাগ্য! কৰ্মক্ষেত্ৰৰ পৰা আৰ্থিক দিশলৈ আহিব সুখবৰ?

9 hours ago
কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক

ভাগ্যই দেখুৱাব খেল, সলনি হ’ব ৫ ৰাশিৰ জীৱন! জানক দৈনিক ৰাশিফল

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, November 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

‘ধোনীবিহীন CSK কল্পনাই কৰিব নোৱাৰি’

ক্ৰিকেটৰ দ্বিতীয় ইংনিছ আৰম্ভ হ'ব ধোনীৰ

editor by editor
November 17, 2026
in ক্ৰীড়া, বিনোদন, বিবিধ
0
‘ধোনীবিহীন CSK কল্পনাই কৰিব নোৱাৰি’
0
SHARES
1
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতীয় ক্ৰিকেটৰ কিংবদন্তি মহেন্দ্ৰ সিং ধোনীৰ সৈতে চেন্নাই ছুপাৰ কিংছৰ সম্পৰ্ক আৰু অধিক গভীৰ হ’বলৈ গৈ আছে। IPL ২০২৭ৰ পৰা খেলুৱৈ হিচাপে নহয়, বৰঞ্চ দলটোৰ মেণ্টৰ হিচাপে নতুন দায়িত্ব গ্ৰহণ কৰিব ধোনীয়ে। প্ৰায় দুটা দশক ধৰি চেন্নাই ছুপাৰ কিংছৰ সৈতে জড়িত হৈ থকা ধোনীয়ে এইবাৰ দলটোৰ নতুন প্ৰজন্মৰ খেলুৱৈসকলক আগুৱাই নিয়াৰ দায়িত্ব পালন কৰিব।

ধোনীৰ এই নতুন ভূমিকাক লৈ যথেষ্ট আশাবাদী চেন্নাই ছুপাৰ কিংছৰ কৰ্তৃপক্ষ। দলটোৰ মালিক এন শ্ৰীনিবাসনে ধোনীৰ সৈতে ফ্ৰেঞ্চাইজিটোৰ সম্পৰ্কৰ বিষয়ে উল্লেখ কৰি কয় যে মহেন্দ্ৰ সিং ধোনীক বাদ দি চেন্নাই ছুপাৰ কিংছৰ কথা কল্পনাই কৰিব নোৱাৰি। প্ৰায় ২০ বছৰ ধৰি দুয়ো পক্ষই একেলগে বহু সফলতা, বিফলতা আৰু কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছে।

তেওঁৰ মতে, চেন্নাই ছুপাৰ কিংছ আৰু ধোনীৰ মাজৰ সম্পৰ্কৰ মূল ভেটি হৈছে পাৰস্পৰিক বিশ্বাস। ২০০৮ চনতে তেওঁ ধোনীক চেন্নাই দলত অন্তৰ্ভুক্ত কৰাৰ বাবে বিশেষভাৱে আগ্ৰহ প্ৰকাশ কৰিছিল। সেই সিদ্ধান্তক নিজৰ জীৱনৰ অন্যতম শ্ৰেষ্ঠ সিদ্ধান্ত বুলি অভিহিত কৰে শ্ৰীনিবাসনে। কেৱল খেলপথাৰত ধোনীয়ে অৰ্জন কৰা সফলতাৰ বাবেই নহয়, এজন ভাল মানুহ হিচাপেও তেওঁক বিশেষভাৱে প্ৰশংসা কৰে। লগতে ধোনীৰ বাবে চেন্নাই সদায় নিজৰ ঘৰ হৈ থাকিব বুলিও তেওঁ উল্লেখ কৰে।

আনহাতে, চেন্নাই ছুপাৰ কিংছৰ মালিক ৰূপা গুৰুনাথেও ধোনীৰ অৱদানৰ কথা স্মৰণ কৰে। তেওঁৰ মতে, মহেন্দ্ৰ সিং ধোনীৰ দৰে খেলুৱৈ জীৱনত এবাৰহে দেখা পোৱা যায়। দলটোৰ আৰম্ভণিৰ পৰাই ধোনী ইয়াৰ সৈতে জড়িত হৈ আছে আৰু দলটোৰ সফলতাৰ ভেটি গঢ়াত তেওঁৰ ভূমিকা অপৰিসীম।

ৰূপা গুৰুনাথৰ মতে, ধোনী কেৱল চেন্নাই ছুপাৰ কিংছৰ এজন কিংবদন্তি খেলুৱৈয়েই নহয়, তেওঁ দলটোৰ এক অবিচ্ছেদ্য অংশ। তেওঁৰ নেতৃত্ব, নম্ৰতা, দায়বদ্ধতা আৰু অনুৰাগীৰ সৈতে গঢ়ি তোলা সম্পৰ্ক সদায় স্মৰণীয় হৈ থাকিব। খেলপথাৰৰ ভিতৰত আৰু বাহিৰত ধোনীয়ে আগবঢ়োৱা অৱদানৰ মূল্য নিৰূপণ কৰাটো কঠিন।

তেওঁ লগতে কয় যে মেণ্টৰ হিচাপে ধোনী চেন্নাই পৰিয়ালৰ সৈতে জড়িত হৈ থাকিব। দলটোত বহু নতুন আৰু যুৱ খেলুৱৈ থকাৰ বাবে ধোনীৰ অভিজ্ঞতা আৰু পৰামৰ্শই তেওঁলোকক ভৱিষ্যতে এগৰাকী দক্ষ খেলুৱৈ হিচাপে গঢ়ি তোলাত সহায় কৰিব।

চেন্নাই ছুপাৰ কিংছৰ পৰিচালন সঞ্চালক কে এছ বিশ্বনাথনেও ধোনীৰ ভূমিকাক লৈ মন্তব্য কৰে। তেওঁৰ মতে, ক্ৰিকেটাৰ হিচাপে ধোনীয়ে অৰ্জন কৰা সফলতা প্ৰতিগৰাকী অনুৰাগীৰ মনত সদায় সজীৱ হৈ থাকিব। কিন্তু ধোনীক অধিক বিশেষ কৰি তুলিছিল চেন্নাইৰ সৈতে তেওঁৰ আত্মিক সম্পৰ্কই। তেওঁ চেন্নাই চহৰখনক নিজৰ কৰি লৈছিল আৰু চেন্নাইবাসীয়েও তেওঁক নিজৰ মানুহ হিচাপে আদৰি লৈছিল।

বিশ্বনাথনে কয় যে ধোনীয়ে দলটোক বহু ট্ৰফী উপহাৰ দিছে যদিও সেই ট্ৰফী জয়ৰ ধৰণ আৰু দলটোৰ মাজত গঢ়ি তোলা সংস্কৃতিও তেওঁৰ অন্যতম বৃহৎ অৱদান। খেলপথাৰত হালধীয়া জাৰ্ছীত ধোনীক আৰু দেখা নাপালেও মেণ্টৰ হিচাপে তেওঁৰ পৰামৰ্শ আৰু নিৰ্দেশনা দলটোৱে লাভ কৰি থাকিব বুলি তেওঁ আনন্দ প্ৰকাশ কৰে।

উল্লেখ্য যে মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত চেন্নাই ছুপাৰ কিংছে পাঁচবাৰকৈ IPL খিতাপ জয় কৰিবলৈ সক্ষম হৈছে। IPL ইতিহাসত সৰ্বাধিক পাঁচবাৰ খিতাপ জয় কৰা অধিনায়কৰ তালিকাত ধোনীৰ নাম আছে। ইয়াৰ উপৰি তেওঁৰ নেতৃত্বত দলটোৱে দুবাৰকৈ চেম্পিয়নছ লীগ টি-২০ৰ খিতাপো জয় কৰিছিল।

কেৱল অধিনায়ক হিচাপেই নহয়, এগৰাকী বেটছমেন হিচাপেও IPLত ধোনীৰ অৱদান উল্লেখযোগ্য। চেন্নাই ছুপাৰ কিংছৰ হৈ তেওঁ ৫,৩১৪ ৰান সংগ্ৰহ কৰিছে। দলটোৰ হৈ সৰ্বাধিক ২৭২খন মেচ খেলাৰ অভিলেখো তেওঁৰ নামতে আছে। শেষৰ বলত মেচৰ ভাগ্য সলনি কৰা বেটিং আৰু তেওঁৰ বিখ্যাত ‘হেলিকপ্টাৰ শ্বট’ ক্ৰিকেট অনুৰাগীৰ বাবে সদায় স্মৰণীয় হৈ থাকিব।

ধোনীৰ বিশেষত্ব কেৱল তেওঁৰ পৰিসংখ্যা বা খিতাপৰ মাজতে সীমাবদ্ধ নহয়। চাপৰ মুহূৰ্ততো শান্ত হৈ থকাৰ অসাধাৰণ ক্ষমতা, বিদ্যুৎগতিত কৰা ষ্টাম্পিং আৰু খেলপথাৰত লোৱা ব্যতিক্ৰমী সিদ্ধান্তই তেওঁক আন খেলুৱৈতকৈ পৃথক কৰি তুলিছিল। মেচৰ অন্তিম মুহূৰ্তলৈকে অনুৰাগীক আশাবাদী কৰি ৰখাৰ ক্ষেত্ৰতো ধোনীৰ তুলনা বিৰল। সেয়েহে ধোনী কেৱল এজন সফল ক্ৰিকেটাৰ বা চেন্নাই ছুপাৰ কিংছৰ অধিনায়কেই নহয়, তেওঁ দলটোৰ পৰিচয়ৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে।

এতিয়া IPL ২০২৭ৰ পৰা নতুন দায়িত্বৰে চেন্নাই ছুপাৰ কিংছৰ সৈতে জড়িত হ’বলৈ সাজু হৈছে ধোনী। খেলপথাৰত তেওঁৰ খেল উপভোগ কৰাৰ সুযোগ কমিলেও নতুন প্ৰজন্মৰ খেলুৱৈসকলক গঢ় দিয়াৰ ক্ষেত্ৰত তেওঁৰ অভিজ্ঞতা যে দলটোৰ বাবে অমূল্য সম্পদ হ’ব, সেয়া নিশ্চিতভাৱে ক’ব পাৰি। চেন্নাই ছুপাৰ কিংছেও ধোনীৰ এই নতুন অধ্যায়ৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24ms dhoni
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩
বিশ্ব

মুছলিম ৰাষ্ট্ৰত দুৰ্যোগ, ঘৰ-বাৰী এৰি পলায়ন জনতাৰ

November 17, 2026
হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! এয়া সোণ কিনাৰ সঠিক সময় নেকি?
বাণিজ্য

হোৰাহোৰে হ্ৰাস পাইছে সোণৰ মূল্য! নৱেম্বৰৰ শেষলৈকে সোণৰ হাৰ ১.২৯ লাখ টকা হ’ব নেকি?

November 17, 2026
আৰক্ষীৰ জালত দুলীয়াজানৰ ট্ৰিপ’ল মাৰ্ডাৰ কাণ্ডৰ মাষ্টাৰমাইণ্ড, ৰে’লত উঠাৰ সময়তে গ্ৰেপ্তাৰ কৰে ৰাজু দাসক
অসম

আৰক্ষীৰ জালত দুলীয়াজানৰ ট্ৰিপ’ল মাৰ্ডাৰ কাণ্ডৰ মাষ্টাৰমাইণ্ড, ৰে’লত উঠাৰ সময়তে গ্ৰেপ্তাৰ কৰে ৰাজু দাসক

November 17, 2026
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া
জীৱনশৈলী

প্ৰেমৰ ক্ষেত্ৰত আটাইতকৈ বিশ্বাসী এই ৫ ৰাশিৰ লোক, নিদিয়ে কাৰো মনত আঘাত!

November 17, 2026

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.