প্ৰচণ্ড জোৰেৰে আহি আছে আকবান। এতি ঘূৰ্ণিবতাহৰ ভয়ৰ বাবেই ভগৱানক দৰ্শনৰ নিয়মো প্ৰভাৱিত হৈছে। আকবান ঘূৰ্ণীবতাহৰ লক্ষ্য এতিয়া পুৰী। সেয়ে ইতিমধ্যে প্ৰশাসনে পৰ্যটকক সাগৰলৈ যোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে। জগন্নাথৰ দৰ্শনৰ বাবেও বিশেষ নিৰ্দেশনা দিয়া হৈছে।
হঠাৎ দিশ সলনি কৰিছে আকবান ঘূৰ্ণীবতাহে। ঘূৰ্ণীবতাহৰ দিশ অন্ধ্ৰ প্ৰদেশ। কিন্তু বতৰ বিজ্ঞান কেন্দ্ৰৰ পূৰ্বাভাস অনুসৰি শুকুৰবাৰে বিয়লি এই প্ৰবল ঘূৰ্ণীবতাহে অন্ধ্ৰ উপকূলত স্থলপথত প্ৰৱেশ কৰিব পাৰে। এতিয়া অন্ধ্ৰৰ সমান্তৰালকৈ পুৰীৰ বাবে অতি প্ৰবল বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞানে।
আকবানৰ ভয়ত পুৰী মন্দিৰত ১৮ নৱেম্বৰৰ বিয়লিৰ পৰা পৰ্যটকৰ প্ৰৱেশ নিষিদ্ধ কৰিছে প্ৰশাসনে। ইতিমধ্যে সাগৰৰ ঢৌ উত্তাল হৈ পৰিছে। যাৰ বাবে সাময়িকভাৱে পৰ্যটকক সাগৰৰ ওচৰলৈ যোৱাটো নিষিদ্ধ কৰিছে। প্ৰশাসনে সাগৰৰ পাৰৰ পৰা দোকানসমূহ আঁতৰাই দিয়াৰ নিৰ্দেশ জাৰি কৰিছে।
জানিব পৰা মতে, ঘূৰ্ণীবতাহ আকবানে স্থলপথত প্ৰৱেশ কৰাৰ পিছত শক্তি হেৰুৱাব। এই ঘূৰ্ণীবতাহৰ গতিবেগ ঘণ্টাত ১৪৫ কিলোমিটাৰ নহয়, সৰ্বোচ্চ ঘণ্টাত ১১০ কিলোমিটাৰ বেগেৰে স্থলভাগত প্ৰৱেশ কৰিব।
পুৰী এতিয়া আকবান ঘূৰ্ণীবতাহৰ কবলত। জগন্নাথৰ মাহীয়েকৰ ঘৰ হিচাপে পৰিচিত গুণ্ডিচা মন্দিৰটো প্ৰৱেশ বন্ধ কৰি দিয়া হৈছে। ১৯ নৱেম্বৰৰ পৰা ২১ নৱেম্বৰলৈ গুণ্ডিচা মন্দিৰ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিব প্ৰশাসনে। পুৰীৰ জগন্নাথ মন্দিৰতো বিশেষ দৰ্শন বন্ধ কৰি দিয়া হৈছে। প্ৰশাসনৰ সূত্ৰৰ পৰা জানিব পৰা মতে ভয়াবহ বতৰ আৰু প্ৰচণ্ড বৰষুণৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে।
‘আকবান’ ঘূৰ্ণীবতাহৰ প্ৰতি লক্ষ্য ৰাখি পুৰী জিলা প্ৰশাসনে ব্যাপক প্ৰস্তুতি গ্ৰহণ কৰি জিলাখনক হাই এলাৰ্ট জাৰি কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















