গুৱাহাটী মহানগৰীৰ বামুণীমৈদামত সংঘটিত হৈছে এক চাঞ্চল্যকৰ অপহৰণৰ ঘটনা। মাতৃৰ সন্মুখৰ পৰাই এগৰাকী ৯ বছৰীয়া কন্যা শিশুক দুৰ্বৃত্তই গাড়ীত উঠাই অপহৰণ কৰি লৈ যোৱাৰ ঘটনাই অঞ্চলটোত তীব্ৰ আতংকৰ সৃষ্টি কৰিছে। ঘটনাটোক কেন্দ্ৰ কৰি শিশুটিৰ পৰিয়ালৰ লগতে স্থানীয় লোকসকলৰ মাজতো উদ্বেগ বৃদ্ধি পাইছে।
জানিব পৰা মতে, ছিলাপথাৰৰ মৌচুমী বৰুৱা নামৰ মহিলাগৰাকীয়ে আজি ব্যক্তিগত কামৰ বাবে ৯ বছৰীয়া কন্যা শিশুটিক লগত লৈ গুৱাহাটীলৈ আহিছিল। মহানগৰীৰ বামুণীমৈদামত থকা অৱস্থাতে মাতৃৰ সন্মুখৰ পৰাই কোনো দুস্কৃতিকাৰীয়ে শিশুটিক গাড়ীত উঠাই লৈ যায়। হঠাৎ সংঘটিত এই ঘটনাই মাতৃগৰাকীক হতভম্ব কৰি তোলে।
ঘটনাৰ পিছতে মাতৃগৰাকীয়ে নুনমাটি আৰক্ষী থানাত উপস্থিত হৈ অপহৰণ সন্দৰ্ভত অভিযোগ দাখিল কৰে। অভিযোগ লাভ কৰাৰ পিছতে নুনমাটি আৰক্ষীয়ে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ শিশুটিৰ সন্ধানত অভিযান আৰম্ভ কৰে। আৰক্ষীয়ে মাতৃগৰাকীক লগত লৈ বামুণীমৈদামৰ বিভিন্ন স্থানত শিশুটিৰ সন্ধান চলাই আছে। অপহৰণকাৰীৰ সন্ধান উলিওৱাৰ লগতে শিশুটিক উদ্ধাৰৰ বাবে আৰক্ষীয়ে তৎপৰতা অব্যাহত ৰাখিছে।
বাতৰি লিখা পৰলৈকে অপহৃত কন্যা শিশুটিৰ কোনো সন্ধান লাভ কৰিব পৰা নাই আৰক্ষীয়ে। মাতৃৰ সন্মুখৰ পৰাই ৯ বছৰীয়া শিশুক অপহৰণ কৰি লৈ যোৱা এই ঘটনাই গুৱাহাটী মহানগৰীৰ নিৰাপত্তা ব্যৱস্থাক লৈও বিভিন্ন প্ৰশ্নৰ সৃষ্টি কৰিছে। শিশুটিক শীঘ্ৰে উদ্ধাৰ কৰাৰ বাবে আৰক্ষীৰ অভিযান অব্যাহত আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















