সোণ-ৰূপ কিনাৰ পৰিকল্পনা কৰিছে নেকি? তেন্তে আপোনাৰ বাবে এয়া ভাল খবৰ। যোৱা ২০ নৱেম্বৰ শুকুৰবাৰে সোণ-ৰূপৰ দাম যথেষ্ঠ হ্ৰাস পাইছে। মাল্টি ক’ম’ডিটি এক্সচেঞ্জত এদিনতে ৪৭০০ টকাৰো অধিক হ্ৰাস পাইছে সোণৰ মূল্য। আনহাতে, ৰূপৰ মূল্য আঠ হাজাৰৰো অধিক হ্ৰাস পাইছে। আন্তঃৰাষ্ট্ৰীয় বজাৰত সোণ-ৰূপৰ মূল্যৰ ওপৰত হেঁচা। যদি আপুনি বিয়াৰ বাবে বা বিনিয়োগৰ বাবে সোণ কিনিব বিচাৰে, তেন্তে দোকানলৈ যোৱাৰ আগতে আপোনাৰ চহৰৰ সোণ-ৰূপৰ শেহতীয়া দাম নিশ্চয়কৈ পৰীক্ষা কৰক।
সোণৰ মূল্য এবাৰত ৪,৭১৫ টকা, ৰূপৰ মূল্য ৮,২৬৯ টকা হ্ৰাস
২০ নৱেম্বৰ শুকুৰবাৰে এমচিএক্সত সোণৰ মূল্য ৪,৭১৪ টকা বা ৩.৭০ শতাংশ হ্ৰাস পাই প্ৰতি ১০ গ্ৰামত ১,২২,৭৩৭ টকা হয়। ৰূপৰ মূল্য ৮,২৬৯ টকা বা ৫.২৫ শতাংশ হ্ৰাস পাই ১৪৯,২১৩ টকা প্ৰতি কিলোগ্ৰাম হয়। যোৱা কেইদিনমানৰ পৰা ধাৰাবাহিকভাৱে হ্ৰাস পাই আহিছে সোণৰ মূল্য। দিল্লীৰ বুলিয়নৰ বজাৰত একেৰাহে ৮ দিনলৈ হ্ৰাস পাইছে সোণৰ মূল্য। এদিন পূৰ্বে ৯৯.৯ শতাংশ বিশুদ্ধতা সোণৰ মূল্য ১৩০০ টকা হ্ৰাস পাইছিল।
দিল্লীত ২৪ কেৰেট সোণৰ মূল্য
২০ নৱেম্বৰৰ পুৱা ৰাজধানী দিল্লীত প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ১,২৫,৭২০ টকা। ২২ কেৰেট সোণৰ মূল্য ১,১৫,২৫০ টকা প্ৰতি ১০ গ্ৰাম। আনহাতে ১৮ কেৰেট সোণৰ দাম প্ৰতি ১০ গ্ৰামত ৯৪,৩৩০ টকা। ইফালে মুম্বাইত ২৪ কেৰেট সোণৰ মূল্য ১,২৫,৫৭০ টকা আৰু ২২ কেৰেট সোণৰ মূল্য ১,১৫,১০০ টকা। ১৮ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯৪,১৮০ টকা।
ৰূপৰ মূল্যও ডাঙৰ হ্ৰাস পাইছেসোণৰ লগতে ৰূপৰ দামও দুৰ্বল হৈ আহিছে। ২০ নৱেম্বৰৰ পুৱা ৰূপৰ খুচুৰা মূল্য আছিল ১,৭৯,৯০০ টকা। আগদিনা দিল্লীৰ বুলিয়নৰ বজাৰত ৰূপৰ মূল্য ২৫০০ টকা হ্ৰাস পাইছিল। জানিব পৰা মতে আন্তঃৰাষ্ট্ৰীয় বজাৰত সোণৰ স্পট মূল্য প্ৰতি আউন্সত ৩৬১৪.৫৯ ডলাৰ আৰু ৰূপৰ মূল্য ৪২.৮৬ ডলাৰ।
গুড ৰিটাৰ্ণছৰ তথ্যনুসৰি, গুৱাহাটীত আজিৰ সোণৰ মূল্য ২৪ কেৰেট সোণৰ (৯৯.৯% বিশুদ্ধতা) প্ৰতি গ্ৰাম ১২,৫৫৭, ২২ কেৰেট সোণৰ (৯১.৬% বিশুদ্ধতা) প্ৰতি গ্ৰাম ১১,৫১০ টকা, আৰু ১৮ কেৰেট সোণৰ (৭৫% বিশুদ্ধতা) প্ৰতি গ্ৰাম প্ৰতি গ্ৰাম ৯,৪১৮ টকা।
আজি গুৱাহাটীত ৰূপৰ মূল্য ১৭৫ টকা আৰু প্ৰতি কিলোগ্ৰাম ১,৭৫,০০০ টকা।
কিয় হ্ৰাস পাইছে সোণ-ৰূপৰ দাম?
সোণৰ মূল্য হ্ৰাসৰ আঁৰৰ মূল কাৰণ ভাৰতীয় টকাৰ মজবুততা আৰু আমেৰিকাৰ ফেডাৰেল ৰিজাৰ্ভৰ মুদ্ৰানীতিৰ কঠোৰ স্থিতিৰ আশংকা বুলি কোৱা হৈছে। বজাৰত এই সংকেতবোৰে বহুমূলীয়া ধাতুৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছে।
ফলত ঘৰুৱা বজাৰৰ লগতে আন্তঃৰাষ্ট্ৰীয় বজাৰতো সোণ-ৰূপৰ দাম বৃহৎ হ্ৰাসৰ সাক্ষী হৈ পৰিছে। কিন্তু এই স্তৰৰ পৰা মূল্য আৰু হ্ৰাস পাব নে পুনৰ উত্থান হ’ব সেয়া আন্তঃৰাষ্ট্ৰীয় বজাৰৰ পৰিস্থিতি, ডলাৰৰ গতি আৰু আমেৰিকাৰ ফেডৰ পৰৱৰ্তী পদক্ষেপৰ ওপৰত নিৰ্ভৰ কৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















