আমি হিন্দু ধৰ্মীয় বিশ্বাস অনুসৰি, ঘৰৰ পূজাঘৰ বা মন্দিৰ হৈছে এক পৱিত্ৰ স্থান, য’ত মানুহে দৈনিক প্ৰাৰ্থনা, ধ্যান আৰু পূজা-অৰ্চনা কৰে। বহু লোকেই ঘৰ নিৰ্মাণ কৰাৰ সময়ত পূজাঘৰৰ দিশ আৰু স্থান নিৰ্বাচনৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়ে। বাস্তু শাস্ত্ৰ অনুসৰি, ঘৰৰ পূজাঘৰ সঠিক দিশত স্থাপন কৰিলে ঘৰত ইতিবাচক পৰিৱেশ, সুখ-শান্তি আৰু আধ্যাত্মিকতা বজাই ৰখাত সহায়ক বুলি বিশ্বাস কৰা হয়। জানো আহক বাস্তু শাস্ত্ৰৰ মতে পূজাঘৰ নিৰ্মাণৰ কেইটামান বিশেষ নিয়ম।
পূজাঘৰৰ বাবে উত্তৰ-পূব দিশ কিয় শুভ?
বাস্তু শাস্ত্ৰ অনুসৰি, ঘৰৰ উত্তৰ-পূব দিশক ঈশান কোণ বুলি কোৱা হয়। এই দিশক পূজা-অৰ্চনা, ধ্যান আৰু আধ্যাত্মিক কামৰ বাবে উপযুক্ত বুলি বিশ্বাস কৰা হয়। সেইবাবে ঘৰ নিৰ্মাণৰ সময়ত উত্তৰ-পূব দিশত পূজাঘৰ স্থাপন কৰাৰ পৰামৰ্শ দিয়া হয়।
যদি ঘৰত পৃথক পূজাঘৰ নিৰ্মাণ কৰাৰ সুবিধা থাকে, তেন্তে উত্তৰ-পূব দিশত এটা শান্ত আৰু পৰিষ্কাৰ স্থান বাছনি কৰিব পাৰে। সৰু ফ্লেট বা এপাৰ্টমেণ্টত পৃথক পূজাঘৰ নিৰ্মাণ সম্ভৱ নহ’লেও এই দিশৰ কোনো পৰিষ্কাৰ কোণত সৰু মন্দিৰ বা পূজাৰ স্থান স্থাপন কৰিব পাৰে।
কোন দিশ বাছনি কৰিব?
বহু সময়ত ঘৰৰ গঠন, স্থানৰ অভাৱ অথবা আন কাৰণত উত্তৰ-পূব দিশত পূজাঘৰ নিৰ্মাণ কৰাটো সম্ভৱ নহয়। এনে পৰিস্থিতিত বাস্তুৰ প্ৰচলিত নিয়ম অনুসৰি পূজাঘৰৰ বাবে পূব অথবা উত্তৰ দিশ বিকল্প হিচাপে বাছনি কৰিব পাৰে।
পূব দিশ সূৰ্যোদয়ৰ দিশ হোৱা বাবে বহু ধৰ্মীয় পৰম্পৰাত এই দিশক শুভ বুলি গণ্য কৰা হয়। উত্তৰ দিশো পূজা-অৰ্চনাৰ বাবে উপযুক্ত বুলি বাস্তুত উল্লেখ কৰা হয়। সেয়েহে ঘৰৰ সুবিধা অনুসৰি এই দিশসমূহৰ কোনো এটাত পূজাঘৰ স্থাপন কৰিব পাৰে।
পূজা কৰাৰ সময়ত কোন দিশলৈ মুখ কৰি বহিব লাগে?
বাস্তু শাস্ত্ৰৰ প্ৰচলিত নিয়ম অনুসৰি, পূজা কৰাৰ সময়ত পূব অথবা উত্তৰ দিশলৈ মুখ কৰি বহাটো শুভ বুলি বিশ্বাস কৰা হয়। পূব দিশলৈ মুখ কৰি প্ৰাৰ্থনা কৰিলে সূৰ্যোদয়ৰ পৱিত্ৰতা আৰু নতুন আৰম্ভণিৰ প্ৰতীক হিচাপে গণ্য কৰা হয়।
সেই অনুসৰি পূজাঘৰৰ ভিতৰত মূৰ্তি বা ছবি এনেদৰে স্থাপন কৰিব লাগে যাতে পূজা কৰোঁতে ভক্তই সুবিধাজনকভাৱে পূব অথবা উত্তৰ দিশলৈ মুখ কৰিব পাৰে। অৱশ্যে বিভিন্ন ধৰ্মীয় পৰম্পৰা আৰু পৰিয়ালৰ ৰীতি অনুসৰি এই নিয়মৰ কিছু পাৰ্থক্য থাকিব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















