ৰাজস্থানত বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰৰ প্ৰভাৱ এইবাৰ পঞ্চায়ত নিৰ্বাচনত দেখা নগ’ল। জিলা পৰিষদ আৰু গাঁও পঞ্চায়ত নিৰ্বাচনত শাসকীয় বিজেপিক পৰাস্ত কৰি কংগ্ৰেছে বৃহৎ জয় লাভ কৰিছে। প্ৰথমবাৰৰ বাবে এই নিৰ্বাচনত বিজেপি কংগ্ৰেছৰ হাতত ধাৰাসায়ী হোৱাৰ খবৰ পোৱা গৈছে।
প্ৰাপ্ত তথ্য অনুসৰি, মুঠ ৪,৯৫৮খন পঞ্চায়তৰ আসনৰ ভিতৰত বিজেপিয়ে মাত্ৰ ১,৫১২খন আসন লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে, কংগ্ৰেছে ২,৪৬৩খন আসন দখল কৰি বিজেপিতকৈ বহু আগুৱাই আছে। এই ফলাফলে ৰাজ্যখনৰ গ্ৰাম্য অঞ্চলত বিজেপিৰ জনপ্ৰিয়তা হ্ৰাস পোৱাৰ ইংগিত দিছে।
নিৰ্বাচনৰ ফলাফলক লৈ কংগ্ৰেছে বিজেপিক তীব্ৰ সমালোচনা কৰিছে। কংগ্ৰেছৰ নেতাসকলে দাবী কৰিছে যে গ্ৰাম্য ভোটাৰে বিজেপিক সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰিছে। লগতে মুখ্যমন্ত্ৰী ভজনলাল শৰ্মা আৰু তেওঁৰ মন্ত্ৰীসকলে নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিব লাগে বুলিও মন্তব্য কৰিছে।
আনহাতে, মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাৰ নিজৰ সমষ্টিতো বিজেপিৰ বাবে আশানুৰূপ ফলাফল দেখা নগ’ল। তাতো মোদী মেজিকে কাম নকৰাৰ অভিযোগ উত্থাপন হৈছে। কেইবাগৰাকী বিজেপি প্ৰাৰ্থী কংগ্ৰেছৰ হাতত পৰাস্ত হোৱাৰ পাছত দলটোৰ বাবে এই নিৰ্বাচনী ফলাফল এক বৃহৎ আঘাত হিচাপে বিবেচিত হৈছে।
ইয়াৰ উপৰি ৩৭টা ৱাৰ্ডৰ ভিতৰত ২২টা ৱাৰ্ডতে কংগ্ৰেছে জয়লাভ কৰি নিজৰ শক্তি প্ৰদৰ্শন কৰিছে। বিজেপি শাসিত ৰাজস্থানত কংগ্ৰেছৰ এই সফলতাই ৰাজ্যখনৰ ৰাজনৈতিক সমীকৰণত নতুন চৰ্চাৰ সৃষ্টি কৰি
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















