• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰং আৰু আকাশ

ৰং আৰু আকাশ

6 years ago
ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?

ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?

19 minutes ago
ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

1 hour ago
শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

2 hours ago
মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

2 hours ago
এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?

এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?

2 hours ago
১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন

১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন

3 hours ago
হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

4 hours ago
আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?

আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?

4 hours ago
কাইলৈৰ পৰা নক্ষত্ৰ সলনি কৰিব শুক্ৰই, এই ৩ৰাশিৰ চাকৰি পাক্কা, প্ৰেম জীৱনতো সুখৰ খবৰ আহিব

কাইলৈৰ পৰা নক্ষত্ৰ সলনি কৰিব শুক্ৰই, এই ৩ৰাশিৰ চাকৰি পাক্কা, প্ৰেম জীৱনতো সুখৰ খবৰ আহিব

5 hours ago
২০২৭ চনত সলনি হ’ব দেশৰ প্ৰধানমন্ত্ৰী! প্ৰধানমন্ত্ৰীক লৈ বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত ডাঙৰ ভৱিষ্যদ্বাণী

২০২৭ চনত সলনি হ’ব দেশৰ প্ৰধানমন্ত্ৰী! প্ৰধানমন্ত্ৰীক লৈ বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত ডাঙৰ ভৱিষ্যদ্বাণী

7 hours ago
দিনত ৩বাৰ ৰং সলনি হয় এই জ্যোতিৰ্লিংগৰ, জানক ৰহস্য ঘেৰা এই মন্দিৰৰ কথা

দিনত ৩বাৰ ৰং সলনি হয় এই জ্যোতিৰ্লিংগৰ, জানক ৰহস্য ঘেৰা এই মন্দিৰৰ কথা

7 hours ago
৫মাহ ধৰি ৰাজ কৰিব এই ৪ৰাশিয়ে, বৃহস্পতিৰ গোচৰত সোণৰ মুকুট পিন্ধিব কোন কোন ৰাশিৰ জাতকে?

৫মাহ ধৰি ৰাজ কৰিব এই ৪ৰাশিয়ে, বৃহস্পতিৰ গোচৰত সোণৰ মুকুট পিন্ধিব কোন কোন ৰাশিৰ জাতকে?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home লেখা

ৰং আৰু আকাশ

editor by editor
July 5, 2020
in লেখা
0
ৰং আৰু আকাশ
455
SHARES
425
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

একৈশ শতিকা।চন্দ্ৰত মাটি কিনাৰ যুগ। মঙলত ঘৰ সজাৰ সপোন। বিশ্বব্ৰহ্মাণ্ড মানুহে নিয়ন্ত্ৰণ কৰিব খুজিছে। সফলতা আহিছে মানুহৰ মাজলৈ। বিজ্ঞানৰ জেউতিয়ে সভ্যতাক পোহৰাই তুলিছে। নতুন নতুন কথা জানিবলৈ মানুহৰ আগ্ৰহ বাঢ়িছে। বিশ্বব্ৰহ্মাণ্ডত নতুন গ্ৰহৰ সন্ধান লাভ কৰিছে বিজ্ঞানে। গোলকীয় উষ্ণতাৰ পৰা পৃথিৱীক বচাবলৈ, সুমেৰু-কুমেৰুৰ বৰফ সূৰ্যৰ তাপত গলাৰ পৰা ৰক্ষা কৰিবলৈ সমগ্ৰ পৃথিৱীক আৱৰি এখন আৱৰণ সৃষ্টিৰ প্ৰচেষ্টা চলাইছে বিজ্ঞানীয়ে। চিকিৎসা বিজ্ঞানৰ অগ্ৰগতিয়ে মানুহক ৬০ বছৰতো যুৱক কৰি ৰাখিছে। চিকিৎসা বিজ্ঞান আৰু মানুহৰ সামূহিক প্ৰচেষ্টাত আজিৰ ৭০ বছৰীয়া পুৰুষ-মহিলা সমানে শাৰীৰিক আৰু মানসিকভাৱে সক্ষম হৈ আছে। ৯০ৰ ঘৰ চুবলৈ দুবছৰ থকা সময়তো লক্ষ্মীনন্দন বৰাৰ দৰে কৃতবিদ্য অসমীয়া সাহিত্যিকে ইটোৰ পাছত সিটো গল্প, ইখনৰ পাছত সিখন উপন্যাস লিখি গৈছে। এয়াই আধুনিক সময় বুলি পৃথিৱীবাসীয়ে গণ্য কৰিছে। জীৱনৰ আনন্দ ইয়াতেই যে আধুনিক পৃথিৱীৰ তৰুণ প্ৰজন্মৰ মাজত ভেগানৰ সংখ্যা বাঢ়িবলৈ ধৰিছে। মাছ-মাংসই নহয়, গাখীৰ-কণীও নাখায় এই প্ৰজন্মই। ইমান দয়ালু আৰু পৃথিৱীখনৰ প্ৰতিটো জীৱৰ কল্যাণৰ কথা ভাবে এইটো প্ৰজন্মই।

মানুহে বিশ্বব্ৰহ্মাণ্ডখন হাতৰ মুঠিত ৰাখিবলৈ সক্ষম হোৱাৰ সময়তে পৃথিৱীত এনেকুৱা কিছুমান মানুহৰ আধিপত্য বিৰাজ কৰিছে, যিবোৰ মানুহে আমাক সৌ পুৰণি দিনবোৰ মনত পেলাই দিছে। যিবোৰ দিনত আমেৰিকাত বগাই ক’লাক ক্ৰীতদাস হিচাপে বজাৰত বেচা-কিনা কৰিছিল। এই যুগতো কলকতা মহানগৰীত জুলাইৰ প্ৰচণ্ড গৰমৰ মাজত মানুহে টনা ৰিক্সাত উঠি ঘূৰা-ফুৰা কৰা ভদ্ৰলোকৰ যিদৰে সীমা-সংখ্যা নাই, সেইদৰে ৰং আৰু আকাশক লৈ পৃথিৱীক নৰককুণ্ডত পৰিণত কৰিব বিচৰা ড’নাল্ড ট্ৰাম্পৰ দৰে নেতাৰ অভাৱ হোৱা নাই। সম্প্ৰতি আমেৰিকাৰ মানুহৰ গাৰ ৰঙক লৈ উত্তপ্ত হৈ আছে। সহস্ৰাধিক লোক ৰাজপথলৈ ওলাই আহিছে। ইজনৰ পাছত সিজনকৈ লোকক হত্যা কৰা হৈছে। চৰকাৰৰ নিৰাপত্তা বাহিনীয়ে বেংকৰ এখন চেকৰ খেলিমেলিৰ বাবে ক’লা ৰঙৰ জৰ্জ ফ্লয়দক ৰাজপথতে ডিঙি চেপি সকলোৰে সন্মুখত হত্যা কৰিছিল। জৰ্জৰ ডিঙিত যেতিয়া বগা বৰণৰ আৰক্ষীজনে হেঁচা মাৰি ধৰিছিল, তেতিয়া ক’লা বৰণৰ জৰ্জে কাতৰ হৈ অনুৰোধ কৰিছিল মই উশাহ লোৱাত কষ্ট পাইছো।প্লিজ মোক এৰি দিয়ক। চটফটাই থকা জৰ্জ ফ্লয়দক আৰক্ষীয়ে কিন্তু এৰি নিদিলে। আৰক্ষীৰ এটা টেঁটুচেপাত জৰ্জে জীৱন দিলে।ইয়াৰ পাছৰ পৰিস্থিতি এতিয়া ইতিহাস।

এয়া নতুন ৰাজনীতি

আমেৰিকাত বৰ্ণ বৈষম্য নতুন নহয়। এইবোৰ দেখি ক’লা আৰু বগা ছালৰ মানুহৰ মাজত হিংসা, বঞ্চনাৰ ইতিহাসেই আমেৰিকাৰ ইতিহাস বুলি ক’বলৈ মন যায়। যদিও এয়াই একমাত্ৰ আমেৰিকাৰ ইতিহাস নহয়। ড’নাল্ড ট্ৰাম্পক আমেৰিকাৰ দৰে পৃথিৱীৰ সৰ্বশক্তিমান ৰাষ্ট্ৰ বুলি কোৱা এখন দেশৰ ৰাষ্ট্ৰপতি হিচাপে লাভ কৰাটোৱে দেশখনৰ নাগৰিকৰ দুৰ্ভাগ্য বুলি আৰম্ভণিৰে পৰা কৈ অহা হৈছে। ড’নাল্ড ট্ৰাম্পৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা ক’লা ৰঙৰ মানুহজন আছিল বাৰাক অ’বামা। অ’বামাক আমেৰিকাৰ দৰে পুঁজিবাদ আৰু সাম্ৰাজ্যবাদ বিস্তাৰৰ ৰাষ্ট্ৰ এখনৰ অধিনায়ক হিচাপে বহুতে সমালোচনা কৰিলেও বগা ৰঙৰ ট্ৰাম্পৰ কাম-কাজ দেখি এতিয়া পৃথিৱীৰ বহু সংগ্ৰামী লোকে অ’বামাক অকণমান প্ৰশংসা কৰিবলৈ লৈছে। অ’বামাৰ পূৰ্বে জৰ্জ ডব্লিউ বুশ্ব বগা ৰঙৰ মানুহ আছিল। পৃথিৱীক শাসন কৰাৰ যি সপোন প্ৰতিজন আমেৰিকানে দেখে জৰ্জ ডব্লিউ বুশ্বো তেনে এজন আমেৰিকানে আছিল।

ট্ৰাম্প ইয়াতকৈও এঢাপ আগুৱাই নিৰ্বাচনৰ বতৰত দেশখনত গাৰ ৰঙক লৈ সাম্প্ৰদায়িক ৰাজনীতি আৰম্ভ কৰাটো পৃথিৱীবাসীৰ বাবে চিন্তাৰ কাৰক হৈ উঠিছে। জৰ্জ ফ্লয়দৰ পাছত আৰু কে’বাজনো ক’লা ৰঙৰ মানুহক হত্যা কৰা হৈছে আমেৰিকাত। নিগৃহীত হৈছে অজস্ৰ ক’লা বৰণীয়া মানুহ। যিখন আমেৰিকাৰ নাগৰিকে চন্দ্ৰত মাটি কিনি বাস কৰাৰ সপোন দেখে, যিখন আমেৰিকাৰ নাগৰিকে মঙলত বজাৰ কৰাৰ সপোন বুকুত পুহি ৰাখে, যিখন আমেৰিকাত নিৰ্মিত চলচ্চিত্ৰই অস্কাৰৰ প্ৰতিযোগিতাত শেষ হাঁহি মাৰে, যিখন আমেৰিকাত বাস কৰা লোক সাহিত্য, অৰ্থনীতি, পদাৰ্থ বিজ্ঞান, ৰসায়ন বিদ্যা, অংক শাস্ত্ৰত বছৰৰ পাছত বছৰ ধৰি ন’বেল সন্মানেৰে সন্মানিত হয়, সেইখন দেশত এতিয়া মানুহৰ গাৰ ৰঙক লৈ সাম্প্ৰদায়িক সংঘৰ্ষৰ সূচনা হৈছে। ভাবিবলৈকে আচৰিত লাগে!

আকাশৰ সিপাৰে

আকাশৰ সিপাৰে কি আছে কোনেও নাজানে। আকাশৰ সিপাৰে অন্য এখন পৃথিৱী, গ্ৰহ, উপগ্ৰহ থাকিব পাৰে! বিজ্ঞানে এই ক্ষেত্ৰত যিয়েই নকওক ভাৰতৰ ধৰ্মৰ বেপাৰীবোৰে আকাশৰ সিটো পাৰে তেওঁলোকৰ ঈশ্বৰ আছে বুলি ঘোষণা কৰিছে। আকাশৰ সিটো পাৰে থকা ঈশ্বৰে ভাৰতৰ হিন্দুসকলক আশীৰ্বাদ দিবলৈ ৰৈ আছে। আকাশৰ সিপাৰে থকা ঈশ্বৰে হেনো বিচাৰিছে, তেওঁৰ জন্মস্থান অযোধ্যাত তেওঁৰ নামত এটা ওখ ডাঙৰ মন্দিৰ নিৰ্মাণ হ’ব লাগে। ইয়াৰ বাবে ভাৰতত থকা অহিন্দুসকলৰ বিৰুদ্ধে প্ৰয়োজনত যুদ্ধ ঘোষণা হ’ব লাগে। এই যুদ্ধত অহিন্দুক হত্যা কৰিলেও আকাশৰ সিপাৰে থকা ঈশ্বৰে হেনো বেয়া নাপায়, বৰঞ্চ আশীৰ্বাদ দিব! এই আশীৰ্বাদৰ বাবে অহিন্দু বধ কৰা হিন্দু মৃত্যুৰ পাছত সৰগত স্থায়ীভাৱে থকাৰ সুযোগ পাব। এয়া ধৰ্মৰ বেপাৰীৰ প্ৰচাৰ। ট্ৰাম্পৰ ৰঙৰ ৰাজনীতি আৰু ভাৰতৰ ধৰ্মান্ধৰ মাজত সাংঘাটিক মিল। এই বছৰৰ শেষৰ পিনে অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ বৈতৰণী পাৰ হ’বলৈ ট্ৰাম্পে মানুহৰ গাৰ ৰঙক লৈ এই ৰাজনীতি আৰম্ভ কৰিছে। নিৰ্বাচনী জুইত ঘিঁউ ঢালিবলৈ ক’লা ৰঙৰ মানুহ হত্যা কৰিছে। আৰু ভাৰতত? ক্ষমতা দখলৰ বাবে আকাশৰ সিপাৰে থকা কোনেও নেদেখা ঈশ্বৰৰ নামত ৰাজনীতি হৈছে। ইয়াতো নেদেখা ঈশ্বৰৰ দোহাই দি মানুহ হত্যা কৰি যোৱা হৈছে। আনকি এই ঈশ্বৰৰ শপত লৈ তেওঁৰ নামত হাস্পতাল, স্কুল খুলি আন এক ভোটৰ ৰাজনীতি আৰম্ভ হৈছে ভাৰতত। এই শতিকাতো ৰং আৰু আকাশক লৈ আমেৰিকাৰ দৰে উন্নত আৰু ভাৰতৰ দৰে উন্নয়নশীল ৰাষ্ট্ৰত চলিছে একেই ৰাজনীতি।

(লেখক জিতুমণি বৰা এগৰাকী জ‍্যেষ্ঠ সাংবাদিক)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: jitumoni borapolitics
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?
জীৱনশৈলী

ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

April 15, 2026
শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব
খাদ্য

শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

April 15, 2026
মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত
জীৱনশৈলী

মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

April 15, 2026
হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?
জীৱনশৈলী

হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

April 15, 2026
Next Post
ওদালগুৰিত অবৈধ অস্ত্ৰ-শস্ত্ৰ জব্দ

ওদালগুৰিত অবৈধ অস্ত্ৰ-শস্ত্ৰ জব্দ

বিটিচিত বন বিভাগে জব্দ কৰিলে বৃহত্ পৰিমাণৰ মূল্যৱান কাঠৰ কুণ্ডা

বিটিচিত বন বিভাগে জব্দ কৰিলে বৃহত্ পৰিমাণৰ মূল্যৱান কাঠৰ কুণ্ডা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.