ডিচেম্বৰলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। নতুন আশা, পৰিকল্পনা আৰু প্ৰত্যাশাৰে সকলোৱে নতুন মাহটোক আদৰিবলৈ সাজু হৈছে। কিন্তু জ্যোতিষশাস্ত্ৰ অনুসৰি, ডিচেম্বৰ মাহ সকলোৰে বাবে সমান শুভ নহ’বও পাৰে। গ্ৰহ-নক্ষত্ৰৰ অৱস্থান আৰু তাৰ পৰিৱৰ্তনে কিছুমান ৰাশিৰ জাতক-জাতিকাৰ জীৱনত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে বুলি জ্যোতিষশাস্ত্ৰত বিশ্বাস কৰা হয়। এই মাহটোত তিনিটা ৰাশিৰ জাতক-জাতিকাই অধিক সাৱধান হোৱা উচিত…
মেষ ৰাশি (Aries)
ডিচেম্বৰ মাহ মেষ ৰাশিৰ জাতক-জাতিকাৰ বাবে কিছু প্ৰত্যাহ্বানমূলক হ’ব পাৰে। কৰ্মক্ষেত্ৰত কামৰ চাপ বৃদ্ধি পোৱাৰ লগতে সহকৰ্মীৰ সৈতে মতানৈক্যৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। কোনো কামত খৰখেদাকৈ সিদ্ধান্ত গ্ৰহণ কৰিলে সমস্যাৰ সন্মুখীন হ’ব পাৰে।
আৰ্থিক দিশতো সাৱধান হোৱা প্ৰয়োজন। অপ্ৰয়োজনীয় খৰচ আৰু আনক ধন ধাৰ দিয়াৰ ক্ষেত্ৰত সতৰ্ক থাকক। পাৰিবাৰিক বিষয়ক লৈ মানসিক অশান্তি বৃদ্ধি পাব পাৰে। সেয়েহে খঙৰ বশৱৰ্তী হৈ কোনো সিদ্ধান্ত গ্ৰহণ নকৰাই ভাল।
কৰ্কট ৰাশি (Cancer)
কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ বাবেও ডিচেম্বৰ মাহ কিছু চিন্তাৰ কাৰণ হ’ব পাৰে। বিশেষকৈ পাৰিবাৰিক জীৱনত সৰু-সুৰা কথাক লৈ মতানৈক্য সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। ঘনিষ্ঠ লোকৰ সৈতে ভুল বুজাবুজি হ’লে সম্পৰ্কত দূৰত্ব বৃদ্ধি পাব পাৰে।
কৰ্মক্ষেত্ৰত নিজৰ দায়িত্বৰ প্ৰতি অধিক সচেতন হোৱাটো প্ৰয়োজন। কোনো গুৰুত্বপূৰ্ণ কাম আনৰ ওপৰত এৰি নিদিব। স্বাস্থ্যৰ ক্ষেত্ৰতো অৱহেলা নকৰিব। মানসিক চাপ কমাবলৈ পৰ্যাপ্ত বিশ্ৰাম আৰু নিজৰ বাবে কিছু সময় উলিয়াই লোৱাটো জৰুৰী।
বৃশ্চিক ৰাশি (Scorpio)
বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ বাবেও ডিচেম্বৰ মাহত সাৱধানতা অৱলম্বন কৰা উচিত। বিশেষকৈ আৰ্থিক বিষয়ত কোনো ধৰণৰ খৰখেদা সিদ্ধান্ত গ্ৰহণ নকৰিব। বিনিয়োগ কৰাৰ পূৰ্বে ভালদৰে চিন্তা-চৰ্চা কৰক। অচিনাকি লোকৰ প্ৰলোভন বা প্ৰতিশ্ৰুতিত সহজে ভোল নাযাব।
অস্বীকাৰ: এই লেখাটো জ্যোতিষশাস্ত্ৰীয় বিশ্বাসৰ আধাৰত প্ৰস্তুত কৰা হৈছে। গ্ৰহ-নক্ষত্ৰৰ অৱস্থানৰ ভিত্তিত কৰা ভৱিষ্যদ্বাণী বৈজ্ঞানিকভাৱে প্ৰমাণিত নহয়। সেয়েহে ইয়াক নিশ্চিত ভৱিষ্যৎবাণী হিচাপে গ্ৰহণ নকৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















