দুলীয়াজানৰ চাঞ্চল্যকৰ পিতৃ-মাতৃ-কন্যাৰ হ*ত্যাকাণ্ডৰ দুই অভিযুক্ত ৰাজু দাস আৰু অমীৰ দাস আৰক্ষীৰ এনকাউণ্টাৰত গুলীবিদ্ধ হৈ গুৰুতৰভাৱে আহত হৈছে। মাজনিশা বৰডুবিৰ সমীপৰ বালিজান চাহ বাগিচাৰ ওচৰত সংঘটিত হয় এই ঘটনা। আৰক্ষীৰ ভাষ্য অনুসৰি, স্বাস্থ্য পৰীক্ষাৰ বাবে নিয়াৰ সময়ত দুয়ো অভিযুক্তই আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলোৱাৰ লগতে আৰক্ষীক আক্ৰমণ কৰিবলৈ উদ্যত হৈছিল। সেই সময়তে আৰক্ষীয়ে প্ৰত্যাক্ৰমণ চলায় আৰু দুয়ো অভিযুক্তৰ ভৰিত গুলী লাগে।
চন্দ্ৰকান্ত ভূঞা, এলিজা ভূঞা আৰু নীহাৰিকা ভূঞাৰ হ*ত্যাকাণ্ডৰ অভিযোগত অভিযুক্ত ৰাজু দাস আৰু অমীৰ দাসক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। কিন্তু নিশা স্বাস্থ্য পৰীক্ষাৰ বাবে নিয়াৰ সময়ত তেওঁলোকৰ পলায়নৰ চেষ্টা আৰু আৰক্ষীক আক্ৰমণৰ ঘটনাৰ পিছতে এনকাউণ্টাৰ সংঘটিত হয়। গুলীবিদ্ধ দুয়ো অভিযুক্তক গুৰুতৰভাৱে আহত অৱস্থাত চিকিৎসাৰ বাবে লৈ যোৱা হয়।
ইফালে, অভিযুক্ত অমীৰ দাসৰ এনকাউণ্টাৰক লৈ পিতৃ-মাতৃয়ে প্ৰকাশ কৰিছে এক বিশেষ মন্তব্য। পুত্ৰই কৰা অপৰাধৰ বাবে শাস্তি পোৱাত তেওঁলোকৰ কোনো আপত্তি নাই বুলি স্পষ্ট কৰি দিয়ে। তেওঁলোকৰ মতে, পুত্ৰই এটা পৰিয়াল ধ্বংস কৰি দিছে আৰু এনে অপৰাধৰ শাস্তি পোৱাটো তেওঁলোকেও বিচাৰে।
পিতৃ-মাতৃয়ে কয় যে চৰকাৰে যি শাস্তি দিছে, সেয়া তেওঁলোকে মানি লৈছে। মানুহ হ*ত্যা কৰাৰ দৰে ভয়ংকৰ অপৰাধ কৰাৰ পিছত শাস্তি পোৱাটো উচিত বুলিও মন্তব্য কৰে তেওঁলোকে। পুত্ৰক কোনোদিনে বেয়া কাম কৰিবলৈ উৎসাহিত কৰা নাছিল বুলি উল্লেখ কৰি, এনে অপৰাধৰ বাবে শাস্তি পোৱাটো তেওঁলোকৰ নিজৰো ইচ্ছা বুলি কয়।
আনকি গুলীবিদ্ধ পুত্ৰক চাবলৈও চিকিৎসালয়লৈ নাযায় বুলি প্ৰকাশ কৰিছে অমীৰ দাসৰ পিতৃ-মাতৃয়ে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতো পুত্ৰক চাবলৈ যোৱা নাছিল তেওঁলোক। তেওঁলোকৰ স্পষ্ট বক্তব্য—এটা পৰিয়ালৰ তিনিজন সদস্যৰ জীৱন শেষ কৰি দিয়া পুত্ৰৰ এনে কৰ্মক কোনো কাৰণতে সমৰ্থন কৰিব নোৱাৰি।
পুত্ৰৰ অপৰাধৰ প্ৰতি পিতৃ-মাতৃৰ এনে কঠোৰ স্থিতিয়ে ঘটনাটোক লৈ অঞ্চলটোত সৃষ্টি হোৱা শোক, ক্ষোভ আৰু উত্তেজনাৰ মাজত বিশেষ চৰ্চা লাভ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















