• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিছলেৰীত পুনৰ ধৰা পৰিল অসুৰক্ষিত খোৱাপানীৰ নমুনা

বিছলেৰীত পুনৰ ধৰা পৰিল অসুৰক্ষিত খোৱাপানীৰ নমুনা

1 minute ago
বৃহৎ ৰাজনৈতিক খবৰ, মহিলা জিলা আয়ুক্তক নিৰ্যাতন; গ্ৰেপ্তাৰ বিধায়ক

বৃহৎ ৰাজনৈতিক খবৰ, মহিলা জিলা আয়ুক্তক নিৰ্যাতন; গ্ৰেপ্তাৰ বিধায়ক

28 minutes ago
হৃদয় বিদাৰক ঘটনা! বিৱাহৰ ২৪ ঘণ্টা পিছতে দৰাৰ কৰুণ মৃত্যু

হৃদয় বিদাৰক ঘটনা! বিৱাহৰ ২৪ ঘণ্টা পিছতে দৰাৰ কৰুণ মৃত্যু

59 minutes ago
চাইবাৰ প্ৰৱঞ্চনাত নিয়োজিত ১৬৪ বিদেশী নাগৰিকক উদ্ধাৰ

চাইবাৰ প্ৰৱঞ্চনাত নিয়োজিত ১৬৪ বিদেশী নাগৰিকক উদ্ধাৰ

2 hours ago
মৰ্মান্তিক ঘটনা! পুখুৰীত ডুবি ৩ কণমানি ভাতৃ-ভগ্নীৰ মৃ*ত্যু

মৰ্মান্তিক ঘটনা! পুখুৰীত ডুবি ৩ কণমানি ভাতৃ-ভগ্নীৰ মৃ*ত্যু

2 hours ago
২০২৭ত ক’ভিডতকৈও ভয়ংকৰ সংকটৰ আশংকা!

২০২৭ত ক’ভিডতকৈও ভয়ংকৰ সংকটৰ আশংকা!

3 hours ago
আজি খুলিব ভাগ্যৰ দুৱাৰ, এই ৫ ৰাশিয়ে লাভ কৰিব কষ্টৰ ফল

আজি খুলিব ভাগ্যৰ দুৱাৰ, এই ৫ ৰাশিয়ে লাভ কৰিব কষ্টৰ ফল

3 hours ago
কেন্দ্ৰীয় কেবিনেটৰ বৃহৎ সিদ্ধান্ত, ৮৫০লৈ বৃদ্ধি পাব লোকসভাৰ আসনৰ সংখ্যা!

কেন্দ্ৰীয় কেবিনেটৰ বৃহৎ সিদ্ধান্ত, ৮৫০লৈ বৃদ্ধি পাব লোকসভাৰ আসনৰ সংখ্যা!

15 hours ago
শুক্ৰ-বৃহস্পতিৰ শুভ সংযোগ! ভাগ্য সলনি হ’ব পাৰে ৪ ৰাশিৰ

শুক্ৰ-বৃহস্পতিৰ শুভ সংযোগ! ভাগ্য সলনি হ’ব পাৰে ৪ ৰাশিৰ

15 hours ago
অসমত জলপ্ৰপাতকেন্দ্ৰিক পৰ্যটন

অসমত জলপ্ৰপাতকেন্দ্ৰিক পৰ্যটন

16 hours ago
ছাল-চুলিৰ উজ্জ্বলতা বৃদ্ধি কৰে আমলখিয়ে! বাঢ়িব ৰোগ প্ৰতিৰোধ ক্ষমতা

ছাল-চুলিৰ উজ্জ্বলতা বৃদ্ধি কৰে আমলখিয়ে! বাঢ়িব ৰোগ প্ৰতিৰোধ ক্ষমতা

16 hours ago
‘বিস্ফোৰক’ বেটিং কেতিয়া শিকিব অসমৰ বেটাৰে?

‘বিস্ফোৰক’ বেটিং কেতিয়া শিকিব অসমৰ বেটাৰে?

17 hours ago
সোণ-ৰূপৰ মূল্যত বৃহৎ উত্থান! আজি কিমান হ’ল সোণ আৰু ৰূপৰ মূল্য?

সোণ-ৰূপৰ মূল্যত বৃহৎ উত্থান! আজি কিমান হ’ল সোণ আৰু ৰূপৰ মূল্য?

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, November 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিছলেৰীত পুনৰ ধৰা পৰিল অসুৰক্ষিত খোৱাপানীৰ নমুনা

বিছলেৰীৰ বিপদ অনিবাৰ্য!

editor by editor
November 28, 2026
in জীৱনশৈলী, লেখা, স্বাস্থ্য
0
বিছলেৰীত পুনৰ ধৰা পৰিল অসুৰক্ষিত খোৱাপানীৰ নমুনা
0
SHARES
1
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পেকেজিং খোৱাপানীৰ কথা আহিলেই দেশৰ বহু লোকৰ মনলৈ অহা এটা চিনাকি নাম হৈছে বিছলেৰী (Bisleri)। দীৰ্ঘদিন ধৰি গ্ৰাহকৰ বিশ্বাস অৰ্জন কৰা এই জনপ্ৰিয় ব্ৰেণ্ডটোৰ পানীৰ গুণাগুণক লৈ এইবাৰ সৃষ্টি হৈছে তীব্ৰ বিতৰ্ক। ভাৰতীয় খাদ্য সুৰক্ষা আৰু মান কৰ্তৃপক্ষ (FSSAI)ৰ পৰীক্ষাত বিছলেৰীৰ পানীৰ এটা নমুনা অসুৰক্ষিত বুলি ধৰা পৰাৰ পিছতে কোম্পানীটোৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি চলোৱা হৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, FSSAIয়ে বিছলেৰী ইণ্টাৰনেশ্যনেল প্ৰাইভেট লিমিটেডৰ বিৰুদ্ধে গোচৰ চলাবলৈ অনুমোদন জনাইছে। নিয়ন্ত্ৰক সংস্থাটোৰ মতে, কোম্পানীটোৰ পানীৰ নমুনা প্ৰাথমিক পৰীক্ষাত বিফল হোৱাৰ পিছত পুনৰ ৰেফাৰেল লেবৰেটৰীতো পৰীক্ষা কৰা হৈছিল। দ্বিতীয়টো পৰীক্ষাতো পানীখিনি অসুৰক্ষিত বুলি প্ৰমাণিত হয়। এই ঘটনাৰ পিছতে কেৱল বিছলেৰীয়েই নহয়, দেশৰ আন পেকেজিং খোৱাপানীৰ ব্ৰেণ্ডসমূহৰ ওপৰতো নিৰীক্ষণ বৃদ্ধি কৰিছে FSSAIয়ে।

লেবৰেটৰীৰ পৰীক্ষাত কি ধৰা পৰিল?

FSSAIৰ তথ্য অনুসৰি, পশ্চিমবংগৰ জলপাইগুৰিস্থিত বিছলেৰীৰ উৎপাদন কেন্দ্ৰৰ পৰা পেকেজিং খোৱাপানীৰ এটা নমুনা সংগ্ৰহ কৰা হৈছিল। এই নমুনাটোৰ বেচ নম্বৰ আছিল PB 201। পানীখিনিৰ নিৰ্মাণৰ তাৰিখ আছিল ২০২৬ চনৰ ২০ জুলাই আৰু ব্যৱহাৰৰ শেষ তাৰিখ আছিল ২০২৭ চনৰ ১৯ জানুৱাৰী। প্ৰথম পৰীক্ষাত পানীখিনিত ব্ৰমেটৰ (Bromate) মাত্ৰা নিৰ্ধাৰিত সীমাতকৈ অধিক পোৱা যায়। ফলত খাদ্য সুৰক্ষা আৰু মানদণ্ড আইন, ২০০৬ৰ অধীনত নমুনাটোক অসুৰক্ষিত বুলি ঘোষণা কৰা হয়।

কিন্তু কোম্পানীটোৱে পৰীক্ষাৰ ফলাফলক প্ৰত্যাহ্বান জনোৱাৰ পিছত নমুনাটো পুনৰ ৰেফাৰেল ফুড লেবৰেটৰীলৈ প্ৰেৰণ কৰা হয়। দ্বিতীয়টো পৰীক্ষাত পানীখিনিত পলিচাইক্লিক এৰোমেটিক হাইড্ৰ’কাৰ্বন (PAH)ৰ উপস্থিতি ধৰা পৰে। দুয়োটা পৰীক্ষাতে নমুনাটো অসুৰক্ষিত বুলি চিনাক্ত হোৱাৰ পিছত FSSAI-এ ২০২৬ চনৰ ১২ আগষ্টত সংশ্লিষ্ট বেচটোৰ বিক্ৰী নিষিদ্ধ কৰে। পৰৱৰ্তী সময়ত কোম্পানীটোৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ বাবেও অনুমোদন জনোৱা হয়।

বিছলেৰী কৰ্তৃপক্ষৰ কি মন্তব্য?

FSSAIৰ পদক্ষেপৰ পিছতে বিছলেৰী ইণ্টাৰনেশ্যনেলে নিজৰ স্থিতি স্পষ্ট কৰিছে। কোম্পানীটোৰ দাবী অনুসৰি, তেওঁলোকৰ পেকেটত ভৰোৱা খোৱাপানী গ্ৰাহকৰ বাবে নিৰাপদ। পানীৰ গুণাগুণ নিশ্চিত কৰিবলৈ কোম্পানীটোৱে নিয়মীয়াকৈ বিভিন্ন পৰীক্ষা সম্পন্ন কৰে বুলিও উল্লেখ কৰিছে।

কোম্পানীটোৱে লগতে দাবী কৰিছে যে এই সন্দৰ্ভত FSSAIৰ পৰা কোনো জাননী লাভ কৰা নাই। তেওঁলোকৰ মতে, ২০২৬ চনৰ ফেব্ৰুৱাৰীতে এই বিষয়ৰ সৈতে জড়িত পৰীক্ষাৰ ফলাফল FSSAIৰ পশ্চিম আঞ্চলিক কাৰ্যালয়লৈ প্ৰেৰণ কৰা হৈছিল। কিন্তু তাৰ পিছত কোনো নতুন তথ্য লাভ কৰা নাছিল। ইয়াৰ উপৰি নিয়ন্ত্ৰক সংস্থাটোৰ সৈতে সম্পূৰ্ণ সহযোগিতা আগবঢ়াব বুলিও কোম্পানীটোৱে জানিবলৈ দিছে।

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বৃহৎ ৰাজনৈতিক খবৰ, মহিলা জিলা আয়ুক্তক নিৰ্যাতন; গ্ৰেপ্তাৰ বিধায়ক
ৰাজনীতি

বৃহৎ ৰাজনৈতিক খবৰ, মহিলা জিলা আয়ুক্তক নিৰ্যাতন; গ্ৰেপ্তাৰ বিধায়ক

November 28, 2026
হৃদয় বিদাৰক ঘটনা! বিৱাহৰ ২৪ ঘণ্টা পিছতে দৰাৰ কৰুণ মৃত্যু
জীৱনশৈলী

হৃদয় বিদাৰক ঘটনা! বিৱাহৰ ২৪ ঘণ্টা পিছতে দৰাৰ কৰুণ মৃত্যু

November 28, 2026
মৰ্মান্তিক ঘটনা! পুখুৰীত ডুবি ৩ কণমানি ভাতৃ-ভগ্নীৰ মৃ*ত্যু
ভাৰত

মৰ্মান্তিক ঘটনা! পুখুৰীত ডুবি ৩ কণমানি ভাতৃ-ভগ্নীৰ মৃ*ত্যু

November 28, 2026
আজি খুলিব ভাগ্যৰ দুৱাৰ, এই ৫ ৰাশিয়ে লাভ কৰিব কষ্টৰ ফল
জীৱনশৈলী

আজি খুলিব ভাগ্যৰ দুৱাৰ, এই ৫ ৰাশিয়ে লাভ কৰিব কষ্টৰ ফল

November 28, 2026

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.