ইউৰোপৰ বিভিন্ন দেশত বিদ্যালয় আৰু ৰাজহুৱা স্থানত মুখ ঢাকি ৰখা পোছাক পৰিধানক লৈ দীৰ্ঘদিন ধৰি বিতৰ্ক চলি আহিছে। ফ্ৰান্সৰ দৰে দেশেও এই বিষয়ত বিভিন্ন নিষেধাজ্ঞা আৰোপ কৰিছে। এইবাৰ ইটালীৰ নতুন শিক্ষা আইনক লৈও আৰম্ভ হৈছে তীব্ৰ চৰ্চা। বিদ্যালয়ত বোৰ্খা আৰু নিকাবৰ দৰে মুখ ঢাকি ৰখা পোছাক নিষিদ্ধ কৰাৰ লগতে বিদেশী ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ ক্ষেত্ৰতো নতুন নিয়ম প্ৰৱৰ্তন কৰিছে ইটালী চৰকাৰে।
ইটালীৰ সংসদৰ নিম্ন সদন চেম্বাৰ অব ডেপুটিজত ১৪২টা ভোটৰ সমৰ্থনত আইনখন গৃহীত হয়। ইয়াৰ পূৰ্বে ২০ নৱেম্বৰত দেশখনৰ উচ্চ সদন চেনেটেও আইনখনত অনুমোদন জনাইছিল। নতুন আইনখনৰ জৰিয়তে বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ, ছাত্ৰ-ছাত্ৰীৰ পৰিচয় নিশ্চিত কৰা আৰু বিদেশী শিশুৰ শিক্ষাৰ ক্ষেত্ৰত কেতবোৰ পৰিৱৰ্তন অনাৰ চেষ্টা কৰা হৈছে। কিন্তু আইনখনৰ এই সিদ্ধান্তক লৈ ইতিমধ্যে সৃষ্টি হৈছে তীব্ৰ বিতৰ্ক।
বিদ্যালয়ত বোৰ্খা আৰু নিকাব পিন্ধাত নিষেধাজ্ঞা
ইটালীৰ নতুন শিক্ষা আইনখনৰ আটাইতকৈ চৰ্চিত আৰু বিতৰ্কিত বিষয়টো হৈছে বিদ্যালয়ত মুখ সম্পূৰ্ণৰূপে ঢাকি ৰখা পোছাকৰ ওপৰত নিষেধাজ্ঞা। নতুন নিয়ম অনুসৰি, বিদ্যালয়ত এনে কোনো পোছাক পৰিধান কৰিব নোৱাৰিব, যাৰ ফলত ছাত্ৰ-ছাত্ৰীৰ মুখ বা পৰিচয় চিনাক্ত কৰাত অসুবিধা হয়। অৰ্থাৎ বোৰ্খা, নিকাবৰ দৰে মুখ ঢাকি ৰখা পোছাক পৰিধান কৰি বিদ্যালয়লৈ অহা ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য হ’ব পাৰে। দেশখনৰ চৰকাৰৰ মতে, বিদ্যালয়ৰ ভিতৰত প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ পৰিচয় নিশ্চিত কৰাটো অতি প্ৰয়োজনীয়। ইয়াৰ ফলত বিদ্যালয়ৰ নিৰাপত্তা আৰু শৈক্ষিক পৰিৱেশ উন্নত হ’ব বুলি আশা কৰা হৈছে। কিন্তু এই সিদ্ধান্তক লৈ ধৰ্মীয় স্বাধীনতা আৰু ব্যক্তিগত অধিকাৰৰ প্ৰশ্নও উত্থাপন হৈছে। বিশেষকৈ মুছলমান সম্প্ৰদায়ৰ সেইসকল মহিলা ছাত্ৰীৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিব পাৰে, যিসকলে ধৰ্মীয় বিশ্বাসৰ বাবে নিকাব বা বোৰ্খা পৰিধান কৰে।
বিদেশী ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিত ৩০%ৰ সীমা
নতুন শিক্ষা আইনখনত কেৱল বোৰ্খা বা নিকাব নিষিদ্ধ কৰাৰ কথাই কোৱা হোৱা নাই। বিদেশী ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ পৰিৱৰ্তন অনা হৈছে। নতুন নিয়ম অনুসৰি, বিদ্যালয়ৰ প্ৰথম শ্ৰেণীত বিদেশী ছাত্ৰ-ছাত্ৰীৰ সংখ্যা মুঠ শিক্ষাৰ্থীৰ ৩০ শতাংশৰ ভিতৰত সীমাবদ্ধ ৰখাৰ ব্যৱস্থা কৰা হৈছে। অৱশ্যে এই নিয়ম সকলো বিদেশী শিশুৰ ক্ষেত্ৰত একেদৰে প্ৰযোজ্য নহ’ব। যিসকল শিশুৱে ইটালিয়ান ভাষাত ভালদৰে কথা ক’ব আৰু বুজিব পাৰে, তেওঁলোকক এই সীমাৰ পৰা ৰেহাই দিয়াৰ ব্যৱস্থা থাকিব পাৰে। চৰকাৰৰ যুক্তি অনুসৰি, কোনো এখন বিদ্যালয়ত বিদেশী ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অত্যধিক বৃদ্ধি পালে ভাষা শিক্ষণ আৰু শৈক্ষিক কাম-কাজত অসুবিধা হ’ব পাৰে। সেয়েহে প্ৰতিখন বিদ্যালয়তে ছাত্ৰ-ছাত্ৰীৰ মাজত ভাৰসাম্য ৰক্ষা কৰাই এই নিয়মৰ উদ্দেশ্য। যদি কোনো বিদ্যালয়ত বিদেশী ছাত্ৰ-ছাত্ৰীৰ সংখ্যা নিৰ্ধাৰিত ৩০ শতাংশ সীমাত উপনীত হয়, তেন্তে সংশ্লিষ্ট কৰ্তৃপক্ষই তেওঁলোকৰ বাবে ওচৰৰ আন বিদ্যালয়ত নামভৰ্তিৰ ব্যৱস্থা কৰিব লাগিব।
দেশখনত পঢ়া-শুনা কৰিবলৈ শিকিব লাগিব ইটালিয়ান
বিদেশী ছাত্ৰ-ছাত্ৰীৰ শিক্ষা ব্যৱস্থাক অধিক সুসংগঠিত কৰাৰ লক্ষ্যৰে ভাষা শিক্ষাৰ ওপৰতো বিশেষ গুৰুত্ব দিয়া হৈছে। নতুন আইন অনুসৰি, বিদেশী পৰিয়ালৰ অভিভাৱকসকলৰ বাবেও ইটালিয়ান ভাষাৰ শিক্ষাৰ ব্যৱস্থা কৰা হ’ব। ইয়াৰ জৰিয়তে অভিভাৱকসকলে ইটালীৰ ভাষা বুজি পোৱাৰ লগতে নিজৰ সন্তানৰ পঢ়া-শুনা আৰু বিদ্যালয়ৰ বিভিন্ন কাৰ্যসূচীত অধিক সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব পাৰিব। ইটালীৰ শিক্ষামন্ত্ৰী জিউচেপে ভালডিটাৰাই কয় যে, এই ব্যৱস্থাৰ উদ্দেশ্য বিদেশী ছাত্ৰ-ছাত্ৰীক পৃথক কৰা নহয়। বৰঞ্চ তেওঁলোকক ইটালীৰ ভাষা, সংস্কৃতি আৰু সামাজিক নিয়মৰ সৈতে পৰিচয় কৰাই দি সমাজৰ সৈতে একাত্ম কৰাৰ চেষ্টা কৰা হৈছে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















