উত্তৰ প্ৰদেশৰ বৰেলীত পোহৰলৈ আহিছে প্ৰেম, ধৰ্মান্তৰকৰণ আৰু বিৱাহৰ এক ঘটনা। ছ’চিয়েল মিডিয়াত চিনাকি, তাৰ পিছত প্ৰেম আৰু অৱশেষত ধৰ্ম সলনি কৰি বিৱাহপাশত আবদ্ধ হোৱা এগৰাকী যুৱতীৰ ঘটনাই অঞ্চলটোত চৰ্চা লাভ কৰিছে। নিজৰ ইচ্ছামতে সনাতন ধৰ্ম গ্ৰহণ কৰি আকাশ কাশ্যপ নামৰ এজন যুৱকক বিয়া কৰোৱা যুৱতীগৰাকীয়ে এতিয়া পৰিয়ালৰ পৰা জীৱনৰ প্ৰতি ভাবুকি অহাৰ আশংকা প্ৰকাশ কৰিছে।
প্ৰাপ্ত তথ্য অনুসৰি, বৰেলী জিলাৰ মাহমুদপুৰ গাঁৱৰ বাসিন্দা নাৰ্গিছ নামৰ যুৱতীগৰাকীৰ প্ৰায় ডেৰ বছৰ পূৰ্বে একেখন গাঁৱৰ আকাশ কাশ্যপৰ সৈতে ইনষ্টাগ্ৰামত চিনাকি হৈছিল। দুয়োৰে মাজত প্ৰথমে বন্ধুত্ব আৰু পিছলৈ প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠে। সময়ৰ লগে লগে দুয়োৰে ঘনিষ্ঠতা বৃদ্ধি পায়। অৱশেষত নাৰ্গিছে আকাশক বিয়া কৰোৱাৰ প্ৰস্তাৱ দিয়ে আৰু আকাশেও সেই প্ৰস্তাৱত সন্মতি প্ৰকাশ কৰে।
কিন্তু দুয়োৰে এই সম্পৰ্কত পৰিয়ালৰ ফালৰ পৰা বাধাৰ সৃষ্টি হয়। পৰিয়ালৰ আপত্তিৰ বাবে প্ৰথম অৱস্থাত দুয়োজনে একেলগে দিল্লীলৈ যোৱাৰ পিছতো যুৱতীগৰাকীক ঘৰলৈ উভতাই পঠিওৱা হৈছিল। অৱশ্যে নাৰ্গিছে দাবী কৰে যে তেওঁ নিজৰ ইচ্ছামতেই পুনৰ ঘূৰি আহিছিল আৰু কোনো ধৰণৰ হেঁচা বা জোৰ-জবৰদস্তিৰ সন্মুখীন হোৱা নাছিল।
বিৱাহৰ পূৰ্বে নাৰ্গিছে সনাতন ধৰ্ম গ্ৰহণ কৰে আৰু নিজৰ নাম সলনি কৰি ইচ্ছা দেৱী ৰাখে। বৰেলীৰ সুভাষ নগৰৰ মধিনাথস্থিত শ্ৰী অগস্ত্য মুনি আশ্ৰমত বৈদিক ৰীতি-নীতি অনুসৰি ধৰ্মান্তৰকৰণৰ অনুষ্ঠান অনুষ্ঠিত হয়। আশ্ৰমৰ মুৰব্বী পুৰোহিত আচাৰ্য পণ্ডিত কে কে শংখধৰৰ উপস্থিতিত শুদ্ধিকৰণ অনুষ্ঠান সম্পন্ন কৰা হয়। এই অনুষ্ঠানত যুৱতীগৰাকীয়ে গংগা জল আৰু গোমূত্ৰৰ আচমন কৰাৰ লগতে তিনিবাৰকৈ গায়ত্ৰী মন্ত্ৰ পাঠ কৰে। তাৰ পিছতে বৈদিক মন্ত্ৰোচ্চাৰণৰ মাজত আকাশ কাশ্যপৰ সৈতে তেওঁৰ বিৱাহ সম্পন্ন হয়। যুৱতীগৰাকীয়ে সদৰী কৰা অনুসৰি, তেওঁ বিগত চাৰি-পাঁচ বছৰ ধৰি হিন্দু ধৰ্মৰ প্ৰতি বিশ্বাসী আছিল। সেয়েহে কোনো লোকৰ হেঁচাত নহয়, সম্পূৰ্ণ নিজৰ ইচ্ছামতেই সনাতন ধৰ্ম গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছিল বুলি তেওঁ দাবী কৰে।
এই বিৱাহৰ সৈতে জড়িত দুয়োগৰাকীয়ে নিজৰ বয়স, ধৰ্মান্তৰকৰণ আৰু বিৱাহৰ সমৰ্থনত বিভিন্ন নথি-পত্ৰ আৰু শপতনামা দাখিল কৰিছে। প্ৰকাশিত তথ্য অনুসৰি, নাৰ্গিছৰ হাইস্কুলৰ মাৰ্কশ্বীটত জন্মৰ তাৰিখ ২০০৮ চনৰ ১১ জুলাই বুলি উল্লেখ আছে। আনহাতে, আকাশ কাশ্যপৰ জন্মৰ তাৰিখ ২০০১ চনৰ ৭ জুলাই বুলি নথিত উল্লেখ কৰা হৈছে। তেওঁলোকে ২৫ নৱেম্বৰত নটাৰীৰ জৰিয়তে শপতনামা প্ৰস্তুত কৰিছিল। ইয়াৰ উপৰি ২০২৬ চনৰ ২৭ নৱেম্বৰত ফাতেহগঞ্জ পশ্চিমৰ আৰ্য সমাজৰ পৰা বিৱাহৰ প্ৰমাণ-পত্ৰও লাভ কৰা বুলি জানিব পৰা গৈছে।
বিৱাহৰ পিছত এতিয়া দুয়োজনে নিজৰ গাঁও এৰি দিল্লীত থাকিবলৈ লৈছে। আকাশ কাশ্যপে অভিযোগ কৰিছে যে যুৱতীগৰাকীৰ পৰিয়ালৰ লোকৰ পৰা তেওঁ নিজৰ জীৱনৰ প্ৰতি ভাবুকি অনুভৱ কৰিছে। সেইবাবেই নিৰাপত্তাৰ স্বাৰ্থত তেওঁলোকে গাঁৱত থকাৰ পৰিৱৰ্তে দিল্লীত থাকিবলৈ সিদ্ধান্ত লৈছে। আনহাতে, নাৰ্গিছ ওৰফে ইচ্ছা দেৱীয়ে জানিবলৈ দিয়া মতে, আকাশৰ পৰিয়ালে তেওঁলোকৰ বিৱাহক স্বীকাৰ কৰিছে আৰু তেওঁক বোৱাৰী হিচাপে গ্ৰহণ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















