ৰাজ্যত পুনৰ সংঘটিত হৈছে ৰে’ল দুৰ্ঘটনা। মাত্ৰ ১২ ঘণ্টাৰ ভিতৰতে সংঘটিত হৈছে দ্বিতীয়টো ৰে’ল দুৰ্ঘটনা। পাহাৰীয়া ৰে’লপথত তেল পৰিবাহী টেংকাৰ কঢ়িওৱা এখন মালবাহী ৰে’লৰ চকা বিচ্ছিন্ন হৈ লাইনচ্যুত হোৱাৰ ফলত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। বদৰপুৰ আৰু লামডিং ৰে’লৱে ষ্টেচনৰ মাজত সংঘটিত হৈছে এই ঘটনা।
এই দুৰ্ঘটনাৰ ফলত লামডিং-বদৰপুৰ সংযোগী একমাত্ৰ পাহাৰীয়া ৰে’লপথটো ক্ষতিগ্ৰস্ত হৈছে। ফলত বৰাক উপত্যকাৰ সৈতে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ ৰে’ল যোগাযোগ ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে। ৰে’লপথৰ এই সমস্যাৰ বাবে কেইবাখনো যাত্ৰীবাহী ৰে’লৰ চলাচল বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে উত্তৰ-পূব সীমান্ত ৰে’লৱে কৰ্তৃপক্ষই।
ৰে’ল বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি, মুঠ ১১খন ৰে’লৰ চলাচল সম্পূৰ্ণৰূপে বাতিল কৰা হৈছে। ইয়াৰ বিপৰীতে আন ৪খন ৰে’লৰ চলাচলৰ পথ সলনি কৰা হৈছে। এই সিদ্ধান্তৰ ফলত হাজাৰ হাজাৰ ৰে’ল যাত্ৰী সমস্যাৰ সন্মুখীন হোৱাৰ আশংকা কৰা হৈছে। বিভিন্ন ৰে’লৱে ষ্টেচনত আবদ্ধ হৈ পৰিছে বহু যাত্ৰী।
ৰে’ল বিভাগে প্ৰকাশ কৰা তালিকা অনুসৰি বাতিল কৰা ৰে’লকেইখন হৈছে—
1. 12504 – আগৰতলা–SMBV এক্সপ্ৰেছ।
2. 15616 – শিলচৰ–গুৱাহাটী এক্সপ্ৰেছ।
3. 15626 – AGTL–DGHR এক্সপ্ৰেছ।
4. 15641 – শিলচৰ–নিউ তিনিচুকীয়া এক্সপ্ৰেছ।
5. 15610 – SANG–গুৱাহাটী এক্সপ্ৰেছ।
6. 15609 – গুৱাহাটী–SANG এক্সপ্ৰেছ।
7. 15611 – ৰঙিয়া–শিলচৰ এক্সপ্ৰেছ।
8. 15650 – নাৰেংগী–আগৰতলা এক্সপ্ৰেছ।
9. 15649 – আগৰতলা–নাৰেংগী এক্সপ্ৰেছ।
10. 15612 – শিলচৰ–ৰঙিয়া এক্সপ্ৰেছ।
11. 15617 – গুৱাহাটী–DLCR এক্সপ্ৰেছ।
12. 15615 – গুৱাহাটী–শিলচৰ এক্সপ্ৰেছ।
ৰে’লপথ ক্ষতিগ্ৰস্ত হোৱাৰ ফলত বৰাক উপত্যকাৰ সৈতে ৰে’ল যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰিছে। বিশেষকৈ শিলচৰ, বদৰপুৰ, আগৰতলা আৰু গুৱাহাটী অভিমুখী যাত্ৰীসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে। যাত্ৰাৰ পূৰ্বে যাত্ৰীসকলক নিজৰ ৰে’লৰ শেহতীয়া স্থিতি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ চৰকাৰী জাননী বা ৰে’লৱেৰ অনুসন্ধান ব্যৱস্থাৰ জৰিয়তে নিশ্চিত কৰি ল’বলৈ আহ্বান জনোৱা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















