ফিট ইণ্ডিয়া ছানডেজ অন চাইকেলৰ (Sundays on Cycle) -ৰ ১০০ সংখ্যক সংস্কৰণ দেওবাৰে সমগ্ৰ দেশতে উদযাপন কৰা হয়। এই উপলক্ষে ছাত্ৰ-ছাত্ৰী, বিশিষ্ট ব্যক্তি, খেলুৱৈ, ফিটনেছ অনুৰাগী, পৰিয়ালবৰ্গ আৰু বিভিন্ন সামাজিক সংগঠনে অংশগ্ৰহণ কৰি ফিটনেছ, চাইকেল চালনা আৰু বহনক্ষম জীৱনশৈলীৰ প্ৰতি সজাগতা সৃষ্টিৰ এক ৰাষ্ট্ৰীয় উদযাপনত অংশ লয়।
ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ (AI), আঞ্চলিক কেন্দ্ৰ, গুৱাহাটীৰ উদ্যোগত ফিট ইণ্ডিয়া ছানডেজ অন চাইকেলৰ ৰ ১০০ সংখ্যক সংস্কৰণ ২৯ নৱেম্বৰ ২০২৬ তাৰিখে গুৱাহাটী বিশ্ববিদ্যালয় চৌহদ, জালুকবাৰী, গুৱাহাটীত আড়ম্বৰপূৰ্ণভাৱে উদযাপন কৰা হয়। এই অনুষ্ঠানত প্ৰায় ৫০০ গৰাকী অংশগ্ৰহণকাৰীয়ে উৎসাহেৰে অংশগ্ৰহণ কৰে।
ভাৰতত অলিম্পিক আন্দোলনক উদযাপনৰ উদ্দেশ্যে আয়োজিত এই ঐতিহাসিক সংস্কৰণৰ মূল বিষয়বস্তু আছিল #IndiaReady4Olympics। এই উপলক্ষে দেশৰ ১০০টা বিশেষ স্থানৰ লগতে প্ৰতিটো জিলাতে অনুষ্ঠান আয়োজন কৰা হয়। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি অভিনেতা আয়ুষ্মান খুৰানা আৰু বিশিষ্ট খেলুৱৈ মীৰাবাই চানু (ভাৰোত্তোলন), শীতল দেৱী (পেৰা আৰ্চাৰী) আৰু স্মৃতি মান্ধানা (ক্ৰিকেট)ক লৈ নিৰ্মিত এখন অলিম্পিক বিষয়ক চলচ্চিত্ৰও মুকলি কৰা হয়। চলচ্চিত্ৰখনে ভাৰতৰ অলিম্পিকৰ সপোন আৰু ভৱিষ্যতে অলিম্পিক ক্ৰীড়া প্ৰতিযোগিতা আয়োজন কৰাৰ আকাংক্ষাক প্ৰতিফলিত কৰিছে।
এই উপলক্ষে পুনেত মূল ৰাষ্ট্ৰীয় অনুষ্ঠানৰ আয়োজন কৰা হয়, য’ত মাননীয় কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড° মনসুখ মাণ্ডব্যই বলীউডৰ বিশিষ্ট ব্যক্তি, ভাৰতীয় অলিম্পিক সন্থাৰ প্ৰতিনিধি, শীৰ্ষস্থানীয় খেলুৱৈ আৰু জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এক বিশাল চাইকেল ৰেলীৰ নেতৃত্ব দিয়ে। ১০০ সংখ্যক সংস্কৰণত ১.৫ লাখতকৈ অধিক মাই ভাৰত(MY Bharat )ৰ স্বেচ্ছাসেৱকেও অংশগ্ৰহণ কৰে। MY Bharat-ৰ উদ্যোগত দেশৰ ৬০০তকৈ অধিক জিলাত চাইকেল ৰেলীৰ আয়োজন কৰা হয়। এই উপলক্ষে অংশগ্ৰহণকাৰীসকলে সামূহিকভাৱে নিচামুক্ত ভাৰতৰ শপত গ্ৰহণ কৰি নিচামুক্ত যুৱ, বিকশিত ভাৰতৰ সংকল্প পুনৰ দৃঢ় কৰে।
ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ (AI), আঞ্চলিক কেন্দ্ৰ, গুৱাহাটীৰ উদ্যোগত গুৱাহাটী বিশ্ববিদ্যালয় চৌহদ, জালুকবাৰী, গুৱাহাটীত অনুষ্ঠিত অনুষ্ঠানত ড° ৰঞ্জন কুমাৰ কাকতি, বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহৰ সচিব, ছাত্ৰ কল্যাণ সঞ্চালক, গুৱাহাটী বিশ্ববিদ্যালয়; লগতে অলিম্পিয়ান তথা অৰ্জুন বঁটা বিজয়ী শিৱ থাপা; আৰু যুৱ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ স্বৰ্ণ পদক বিজয়ী অংকুশিতা বড়ো সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে।
এই অনুষ্ঠানত শ্ৰী ডি. কে. মিট্টল, কাৰ্যবাহী সঞ্চালক, ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ, আঞ্চলিক কেন্দ্ৰ, গুৱাহাটী, লগতে শ্ৰী শিৱম পাণ্ডে আৰু শ্ৰী পৰনীত সিং, সহকাৰী সঞ্চালকদ্বয়, ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ, আঞ্চলিক কেন্দ্ৰ, গুৱাহাটী উপস্থিত থাকে।
১০০ সংখ্যক সংস্কৰণে সেই পদক্ষেপৰ যাত্ৰাত এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে, যাৰ আৰম্ভণি হৈছিল ১৭ ডিচেম্বৰ ২০২৪ তাৰিখে নতুন দিল্লীৰ মেজৰ ধ্যানচান্দ ৰাষ্ট্ৰীয় ষ্টেডিয়ামত ‘প্ৰদূষণৰ সমাধান’ বাৰ্তাৰে। দিল্লীত প্ৰায় ৫০০ গৰাকী চাইকেল আৰোহীৰ অংশগ্ৰহণেৰে আৰম্ভ হোৱা এই পদক্ষেপ আজি এক ৰাষ্ট্ৰীয় আন্দোলনত পৰিণত হৈছে। ১০০টা সংস্কৰণৰ জৰিয়তে Sundays on Cycle-ত দেশজুৰি প্ৰায় ৪০ লাখ সামগ্ৰিক অংশগ্ৰহণৰ অভিলেখ গঢ়িছে। প্ৰতি সপ্তাহে প্ৰায় ১০,০০০ স্থানত এই কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ লগতে দেশজুৰি ৬,০০০ৰো অধিক ফিট ইণ্ডিয়া নমো চাইক্লিঙ ক্লাব স্থাপন কৰা হৈছে।
১০০ সংখ্যক সংস্কৰণে অলিম্পিজমৰ তিনিটা মূল আদৰ্শ — উৎকৃষ্টতা, সন্মান আৰু বন্ধুত্ব — উদযাপন কৰে। Sundays on Cycle-ৰ জৰিয়তে নিয়মীয়া শাৰীৰিক ব্যায়ামৰ অভ্যাস গঢ়ি তুলি ব্যক্তিগত উৎকৃষ্টতা অৰ্জন কৰা, সহ-অংশগ্ৰহণকাৰী আৰু পৰিৱেশৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা তথা ক্ৰীড়াৰ জৰিয়তে বিভিন্ন সম্প্ৰদায়ৰ মাজত বন্ধুত্ব আৰু একতা গঢ়ি তোলাৰ বাবে নাগৰিকসকলক উৎসাহিত কৰা হয়। এই পদক্ষেপৰ উদ্দেশ্য হৈছে অলিম্পিকৰ আদৰ্শক খেলপথাৰৰ পৰিসৰৰ বাহিৰলৈ লৈ গৈ দৈনন্দিন জীৱনৰ এক অবিচ্ছেদ্য অংগ হিচাপে গঢ়ি তোলা।
ভাৰতৰ ক্ৰীড়া সম্পৰ্কীয় আকাংক্ষা কেৱল বৃহৎ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা আয়োজন আৰু বিশ্বমানৰ আন্তঃগাঁথনিৰ বিকাশতে সীমাবদ্ধ নহয়। ২০৩০ চনৰ কমনৱেলথ গেমছ আয়োজনৰ প্ৰস্তুতি আৰু ২০৩৬ চনৰ অলিম্পিক গেমছ আয়োজনৰ লক্ষ্যৰে আগবঢ়াৰ সময়তে Sundays on Cycle-ৰ দৰে পদক্ষেপে দেশত এক শক্তিশালী ক্ৰীড়া সংস্কৃতি গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। #IndiaReady4Olympics বাৰ্তাই প্ৰতিগৰাকী শিশুক খেলিবলৈ, প্ৰতিগৰাকী যুৱক-যুৱতীক সক্ৰিয় হৈ থাকিবলৈ আৰু প্ৰতিটো পৰিয়ালক ফিটনেছক জীৱনশৈলীৰ অংশ হিচাপে গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰে।
ফিট ইণ্ডিয়া ছানডেজ অন চাইকেলৰ এই পদক্ষেপে ইয়াৰ সাপ্তাহিক কাৰ্যসূচীৰ জৰিয়তে মেদবহুলতাৰ বিৰুদ্ধে সজাগতা, নিচামুক্ত জীৱনশৈলী, পৰিৱেশৰ বহনক্ষমতা, মহিলা সবলীকৰণ, ৰাষ্ট্ৰীয় ঐক্য আৰু সাংবিধানিক মূল্যবোধকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰকো প্ৰচাৰ কৰি আহিছে। ইয়াৰ বিশেষ সংস্কৰণসমূহে সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকক একত্ৰিত কৰাৰ লগতে স্বাস্থ্যসন্মত জীৱনশৈলী, বহনক্ষম যাতায়াত আৰু সামূহিক অংশগ্ৰহণৰ গুৰুত্ব দাঙি ধৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















