• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যান-জঁট নিয়ন্ত্ৰণ কৰে চিকিৎসকে! কেনেকৈ চিকিৎসকে পালে পাৰ্ট টাইম যান-বাহন আৰক্ষীৰ চাকৰি

যান-জঁট নিয়ন্ত্ৰণ কৰে চিকিৎসকে! কেনেকৈ চিকিৎসকে পালে পাৰ্ট টাইম যান-বাহন আৰক্ষীৰ চাকৰি

3 years ago
শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

1 hour ago
ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

2 hours ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

3 hours ago
বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

4 hours ago
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

20 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

22 hours ago
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

23 hours ago
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

24 hours ago
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

1 day ago
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

1 day ago
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

1 day ago
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home নিয়োগ

যান-জঁট নিয়ন্ত্ৰণ কৰে চিকিৎসকে! কেনেকৈ চিকিৎসকে পালে পাৰ্ট টাইম যান-বাহন আৰক্ষীৰ চাকৰি

editor by editor
October 2, 2022
in নিয়োগ, বিবিধ, ভাৰত, ভ্ৰমণ
0
যান-জঁট নিয়ন্ত্ৰণ কৰে চিকিৎসকে! কেনেকৈ চিকিৎসকে পালে পাৰ্ট টাইম যান-বাহন আৰক্ষীৰ চাকৰি
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এটা বিশেষ ঘটনাই সলাইছে চিকিৎসকৰ বৃত্তিকো। চিকিৎসকজন এতিয়া একাধাৰে যান-বাহন আৰক্ষীও। ৰোগীক চিকিৎসা দিয়াৰ ওপৰিও যান-বাহন আৰক্ষীৰ দায়িত্বও পালন কৰিছে চিকিৎসকগৰাকীয়ে। প্ৰথমটো পেছাৰ সৈতে তেওঁ দীৰ্ঘদিন ধৰি জড়িত যদিও দ্বিতীয় পেছাটোৰ সৈতে তেঁওৰ পৰিচয় ঘটিছে ২০২২ চনতহে।

কৃষ্ণ যাদৱ নামৰ চিকিৎসকগৰাকীৰ চিকিৎসকৰ পৰা যান-বাহন আৰক্ষীৰ পেছা আঁকোৱালী লোৱাৰ আঁৰত আছে বিশেষ এটি কাৰণ। ২০১১ বৰ্ষৰ অক্টোবৰ মাহ। প্ৰতিদিনেই চিকিৎসালয়ত ৰোগী চাই চিকিৎসক কৃষ্ণ যাদৱে। চিকিৎসালয়ৰ পৰা ৰোগী চাই উভতি আহোঁতে সদায়ে যান-জঁটত পৰাটো তেওঁৰ দৈনন্দিনতা। এনেকৈ যান-জঁটত ৰৈ থাকোতে এদিন তেওঁৰ কাষতেই এখন এম্বুলেঞ্চ চাইৰেণ বজাই বজাই ৰৈ যায়। চিকিৎসক কৃষ্ণই সেই দৃশ্য প্ৰত্যক্ষ কৰে। তেওঁ অন্য যাত্ৰীৰ দৰেকৈ ৰৈ নাথাকি এম্বুলেঞ্চখনক বাট এৰি দিয়ে। নিজে গাড়ীখন আঁতৰাই নামি আহি অন্যান্য গাড়ীচালকসকলক এম্বুলেঞ্চৰ বাবে বাটটো এৰি দিবলৈ অনুৰোধ কৰে।

চিকিৎসক কৃষ্ণই কৰা অনুৰোধ কোনোৱে মানিব নিবিচাৰিলে। চিকিৎসক কৃষ্ণই এই অৱস্থাত নিজকে বৰ অসহায় অনুভৱ কৰিলে। সেই দিনটোৰ পিছতেই এটা হতাশাই প্ৰত্যেক সময়তে খেদি থকা হ’ল চিকিৎসক কৃষ্ণক। তেওঁৰ ঘৰলৈ উভতি গৈ বাৰে বাৰে এটা কথাই ভাৱি থাকিল, ‘ৰোগীগৰাকী চিকিৎসালয় পালেগৈনে?’ মনত ভাৱি থকা সেই কথা কাকতলীয়া ভাৱেই মিলি গ’ল চিকিৎকগৰাকীৰ। পিছদিনা পুৱাই কাকতৰ প্ৰথম পৃষ্ঠাৰ হেডলাইনত জিলিকিল, যান-জঁটৰ বাবেই এখন এম্বুলেঞ্চত নিয়া ৰোগীয়ে হাস্পতাল পোৱাৰ আগতেই মৃত্যুক সাবটি ল’লে। কঁপি উঠিল তেওঁৰ অন্তৰাত্মা। মুহূৰ্ততেই এক বিষন্নতা নামি আহিল।

এই ঘটনাৰ পিছতেই চিকিৎসক কৃষ্ণই সিদ্ধান্ত ল’লে চিকিৎসা সেৱাৰ ওপৰিও তেওঁ ট্ৰেফিক কণ্ট্ৰলাৰ হিচাপে কাম কৰিব। কিন্তু ভাৱিলেই জানো এইয়া হৈ উঠে! কৃষ্ণৰ ক্ষেত্ৰতো সেইয়াই হ’ল। তেওঁৰ সিদ্ধান্তৰ কথাত পৰিয়ালৰ সদস্যসকলে আপত্তি দৰ্শাই। ১১ বছৰৰ অন্তত পৰিয়ালৰ লোকসকলক বুজাবলৈ সক্ষম হৈছে চিকিৎসকগৰাকীয়ে। ২০২২ বৰ্ষত বিনা বেতনেৰে ট্ৰেফিক কণ্ট্ৰলাৰ হিচাপে কামৰ দায়িত্ব ল’লে কৃষ্ণই।

প্ৰতিদিনেই ৩ ঘণ্টাকৈ উত্তৰ প্ৰদেশৰ নয়ডাৰ ট্ৰেফিক চিগনেলত কাম কৰে চিকিৎসক কৃষ্ণই। কৃষ্ণই প্ৰকাশ কৰা অনুযায়ী যান-বাহন আৰক্ষীৰ চৰকাৰী পোছাক তেওঁ পৰিধান নকৰে। তাৰ সলনি তেওঁ নিজাকৈ এই কামৰ বাবে পোছাক চিলাই লৈছে। যান-বাহন আৰক্ষীৰ দায়িত্ব পালন কৰিবলৈ গৈ তেওঁ বহুতো সমস্যাৰ সন্মুখীন হৈছে যদিও ৰাইজৰ সুবিধাৰ্থে এই কাম কৰিবলৈ আগ্ৰহী বুলি উল্লেখ কৰিছে চিকিৎসক কৃষ্ণ যাদৱে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24 digitalBest Assamese News ChannelBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!
বিবিধ

শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

March 15, 2026
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!
বিবিধ

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

March 15, 2026
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

March 14, 2026
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা
জীৱনশৈলী

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

March 14, 2026
Next Post
মানৱ জাতিতো পৰিব প্ৰভাৱ! প্ৰতিঘণ্টাত ১৪৪৯৫ কিঃমিঃ বেগত পৃথিৱীৰ দিশে আহি আছে বিশাল গ্ৰহাণু

মানৱ জাতিতো পৰিব প্ৰভাৱ! প্ৰতিঘণ্টাত ১৪৪৯৫ কিঃমিঃ বেগত পৃথিৱীৰ দিশে আহি আছে বিশাল গ্ৰহাণু

এই সমন্বয় কেৱল দুৰ্গা পূজাতেই দেখিব! ঢাকৰ তালে তালে সাংসদ নুচৰত জাহানেও কৰিলে নৃত্য

এই সমন্বয় কেৱল দুৰ্গা পূজাতেই দেখিব! ঢাকৰ তালে তালে সাংসদ নুচৰত জাহানেও কৰিলে নৃত্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.