অসম লাইভ২৪ঃ হিন্দী চিনেমাৰ জগতত সঞ্জয় দত্ত বুলিলেই মনলৈ আহে ভিলেইনৰ এটা ৰূপ৷ খলনায়ক হৈয়ো তেওঁ বলীউডৰ এটা যুগৰ একক নায়ক৷ ৰীল লাইফেই হওক বা ৰিয়েল লাইভ একেই ৰূপ সঞ্জয় দত্তৰ৷ পেশীবহুল চেহেৰা, দীঘল চুলি, কাকো কেয়াৰেই নকৰা এটা ব্যক্তিত্ব৷ প্ৰথম যেতিয়া তেওঁ ছবিত কাম কৰিবলৈ বলীউডত প্ৰৱেশ কৰিছিল তেতিয়া পোনতে পৰিচালকে তেওঁক চুলি কাটিবলৈ কৈছিল৷ সঞ্জয় দত্ত কোনো কাৰণতে ৰাজি নহয়৷ যদি চুলি কাটিবই লাগে তেন্তে ছবিত কামেই নকৰো বুলি স্পষ্টৰূপত জনাই দিয়ে সঞ্জয় দত্তই৷
তেওঁ এজন পৃথক নায়ক হিচাপে আৰম্ভনিতেই সকলোৰে চকুত ধৰা দিয়ে৷ পৰিচালকেও অৱশেষত মান্তি হৈছিল৷ ছবিত দীঘল চুলি, ছিক্স পেকেৰে পৃথকৰূপত ভুমুকি মাৰিছিল সঞ্জয় দত্তই৷ ছবিখন মুক্তিৰ নিশাতেই দেশৰ যুৱচামৰ হৃদয়ত ঠাই কৰি লৈছিল এজন অভিনেতাই৷ তেৱেই সঞ্জয় দত্ত৷ বলীউডলৈ ৰূপান্তৰ অনা অভিনেতাই হৈছে সঞ্জয় দত্ত৷ বহু মানুহৰেই হিয়াৰ আমঠু হৈ পৰা সঞ্জয় দত্তৰ জীৱনত প্ৰতি পদতেই আছিল বহু উত্থান-পতন৷
বিগত পাঁচ বছৰ পূৰ্বে এগৰাকী মহিলাই কৰা এটা কাণ্ডত সকলোৰে দৃষ্টি থৰ হৈ গৈছিল৷ কিমান ভালপালে এগৰাকী অনুৰাগীয়ে এই কাম কৰিব পাৰে? এগৰাকী মহিলাই তেওঁৰ সকলো সম্পত্তিয়েই উইল কৰি দিছে সঞ্জয় দত্তৰ নামত৷ বহু সম্পত্তিৰ গৰাকী সঞ্জয়ক মহিলা অনুৰাগীগৰাকীয়েও প্ৰদান কৰিছে ৭২ কোটি টকাৰ সম্পত্তি৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ