অসম লাইভ২৪ঃ কেএল ৰাহুলৰ পাছতেই বিবাহপাশত আৱদ্ধ হ’ল আন এজন ভাৰতীয় ক্ৰিকেটাৰ। বিবাহৰ সম্পৰ্কত বান্ধ খালে ক্ৰিকেটাৰ অক্ষৰ পেটেলো। দীৰ্ঘদিনীয়া প্ৰেমিকা মেহা পেটেলৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল অক্ষৰ পেটেল। বিবাহৰ বিষয়টো গোপনেই ৰাখিব বিচাৰিছিল ভাৰতীয় দলৰ অন্যতম ক্ৰিকেটাৰ অক্ষৰে কিন্তু বিবাহৰ খবৰ শেষপৰ্যন্ত লুকুৱাই ৰাখিব নোৱাৰিলে ক্ৰিকেটাৰগৰাকীয়ে।
বৃহস্পতিবাৰে গুজৰাটত মুষ্টিমেয় কেইজনমান আত্মীয় তথা বন্ধু-বান্ধৱৰ উপস্থিতিত বিবাহ সম্পন্ন হয় অক্ষৰৰ। কেইবাজনো ক্ৰিকেটাৰক আমন্ত্ৰণ কৰা হৈছিল যদিও নিউজিলেণ্ডৰ বিৰুদ্ধে খেল চলি থকাৰ বাবে উপস্থিত থাকিব নোৱাৰিলে কোনো সতীৰ্থ ক্ৰিকেটাৰ। বিবাহৰ বাবেই কেএল ৰাহুলৰ দৰেকৈ নিউজিলেণ্ডৰ বিৰুদ্ধে চলি থকা চিৰিজত ভাগ লোৱা নাই অক্ষৰেও।
উল্লেখ্য যে বিগত বৰ্ষতেই অক্ষৰে বাগদান সম্পূৰ্ণ কৰিছিল। প্ৰেমৰ সম্পৰ্কক খুব বেছি ৰাজহুৱা কৰাৰ পক্ষপাতী নাছিল অক্ষৰ। বিগত ২০ জানুৱাৰীত মেহাৰ জন্মদিনতহে বাগদানৰ কথা পোনতে পোহৰলৈ আহে। অক্ষৰৰ পত্নী মেহা কিন্তু সামাজিক মাধ্যমত খুবেই সক্ৰিয়। মেহাই সামাজিক মাধ্যমত শ্বেয়াৰ কৰা ফটোৰ পৰাহে তেওঁলোকৰ প্ৰেমৰ কথা পোনতে ৰাজহুৱা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ