অসম লাইভ২৪ঃ
ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত
ৰাজ্যৰ পৰীক্ষাৰ্থীসকলৰ বাবে কেইবাটাও নতুন নিয়ম
পঞ্চম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে থাকিব এক বাধ্যতামূলক পৰীক্ষা
এই পৰীক্ষাত পাছ কৰিলেহে ষষ্ঠ শ্ৰেণীলৈ উন্নীত হ’ব
এই পৰীক্ষাত উত্তীৰ্ণ নহ’লে দুমাহৰ পাছত আকৌ দিব লাগিব পৰীক্ষা
দুমাহৰ অন্তত অনুষ্ঠিত পৰীক্ষাত উত্তীৰ্ণ নহ’লে একেটা শ্ৰেণীতেই পঢ়িব লাগিব
অষ্টম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীৰ বাবেও থাকিব বাধ্যতামূলক পৰীক্ষা
এই পৰীক্ষাতো উত্তীৰ্ণ হ’ব লাগিব ছাত্ৰ-ছাত্ৰীসকল
অষ্টম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ নহ’লে দুমাহৰ ভিতৰত দিব লাগিব পৰীক্ষা
এই পৰীক্ষাত উত্তীৰ্ণ নহ’লে অষ্টম শ্ৰেণীতে থাকিব লাগিব ছাত্ৰ-ছাত্ৰী
নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবেও বছৰেকীয়া পৰীক্ষা থাকিব
দশম শ্ৰেণীত মেট্ৰিকৰ পূৰ্বে থাকিব টেষ্ট পৰীক্ষা
একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বাবেও থাকিব বৰ্ডৰ পৰীক্ষা
মেট্ৰিকত একাংশ পৰীক্ষা অৱজেক্টিভ পদ্ধতিত হ’ব
পৰীক্ষাৰ্থীৰ বাবে থাকিব মাল্টিপোল চইছ প্ৰশ্ন
অএমআৰ ছীটত দিব লাগিব পৰীক্ষা
বাকী প্ৰশ্নসমূহ পৰম্পৰাগত পদ্ধতিৰেই হ’ব
দুখন প্ৰশ্নকাকত আৰু দুখন উত্তৰবহী থাকিব
দশম শ্ৰেণীৰ পৰিৱৰ্তে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাকহে হাইস্কুল শিক্ষান্তৰ পৰীক্ষা হিচাপে ধৰা হ’ব
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ