অসম লাইভ ২৪ঃ শিক্ষানুষ্ঠানসমূহে শিশুৰ ওপৰত জাপি দিয়া ‘হ’মৱৰ্ক’ আৰু ‘ঘৰুৱা টিউচন’ৰ অত্যাধিক বোজা এতিয়াৰে পৰা শিশুসকলে সহ্য কৰিব নালাগে৷ চীনত বন্ধ কৰা হৈছে শিশুৰ ‘হ’মৱৰ্ক’ আৰু ‘ঘৰুৱা টিউচন’ৰ ব্যৱস্থা৷ চীনে প্ৰণয়ন কৰিছে নতুন শিক্ষা আইন৷ নতুন আইন অনুসৰি, হোমৱৰ্ক বন্ধ কৰাৰ লগতে স্কুল ছুটীৰ পাছত হোৱা ক্লাছসমূহো বন্ধৰ নিৰ্দেশ দিছে যাতে অত্যাধিক চাপৰ বাবে শিশু উদ্বিগ্ন হ’বলগীয়া নহয়৷ ইয়াৰ জৰিয়তে শিশুসকলৰ অনলাইন গেমৰ প্ৰতি থকা আসক্তি নাইকীয়া কৰিবলৈ প্ৰচেষ্টা হাতত লৈছে৷ শিশুৰ ওপৰত থকা অত্যাধিক চাপ হ্ৰাসৰ বাবে শিশুক উপযুক্ত বিশ্ৰাম আৰু ব্যায়ামৰ বাবে সময় নিৰ্ধাৰিত কৰিবৰ বাবে অভিভাৱক সকলক আহ্বান জনায়৷ ইয়াৰ উপৰি শেহতীয়াভাৱে শিক্ষা বিভাগে শিশুৰ বাবে অনলাইন গেমৰ সময় নিৰ্ধাৰণ কৰি দিছে৷ সেই অনুসৰি শুকুৰবাৰ, শনিবাৰ আৰু দেওবাৰে কেৱল এঘণ্টাৰ বাবে অনলাইনত খেলিব পাৰিব শিশুৱে৷ ইয়াৰ পৰিৱৰ্তে মুকলিলৈ খেলাৰ সুবিধা কৰিবলৈ অভিভাৱকক আহ্বান জনায়৷ চীনৰ এই ব্যৱস্থাৰ জৰিয়তে নিশ্চিতভাৱে শিশুসকলে চাপমুক্ত হৈ খেলা-ধূলা কৰাৰ লগতে অন্য দিশত মনোনিৱশ কৰিব পাৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ