অসম লাইভ ২৪ঃ আশ্বৰ্যকৰ ঘটনা৷ পত্নীক বিক্ৰী কৰি স্বামীয়ে পূৰণ কৰিলে নিজৰ প্ৰয়োজন৷ নিজ পত্নীক ১ লাখ ৮০ হাজাৰ টকাত বিক্ৰী কৰি স্বামীয়ে কিনিলে স্মাৰ্টফোন৷ এই ঘটনা সংঘটিত হৈছে ৰাজস্থানত৷ বিয়াৰ ২ মাহৰ পাছতে ১৭ বছৰীয়া কিশোৰ স্বামীয়ে বিক্ৰী কৰিলে ২৪ বছৰীয়া পত্নীক৷ বিক্ৰী কৰিছে ৫৫ বছৰীয়া এজন লোকক৷ ঘটনা সংঘটিত কৰি কিশোৰজনে পত্নী আন কাৰোবাৰ সৈতে পলাই যোৱা বুলি পৰিয়ালক জনাইছিল৷ পাছত মহিলাগৰাকীৰ পৰিয়ালৰ লোকে সন্দেহৰ উমান পাই আৰক্ষীক খবৰ দিয়ে৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ কিশোৰজনক সোধ-পোচ কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিয়ে আৰক্ষীয়ে৷ আৰক্ষীৰ জিম্মাত কিশোৰজনে পত্নীক বিক্ৰী কৰা নাই তাৰ পৰিৱৰ্তে ৬০ হাজাৰ টকাত বন্ধকত ৰাখে বুলি উল্লেখ কৰে৷ কিন্তু শেষত সকলো কথা স্বীকাৰ কৰে কিশোৰজনে৷ অৰ্থৰ অভাৱত নিজৰ প্ৰয়োজন পূৰাব নোৱাৰাৰ বাবেই পত্নীক বিক্ৰী কৰিলে বুলি উল্লেখ কৰে আৰক্ষীৰ জিম্মাত৷ সম্প্ৰতি ১৭ বছৰীয়া কিশোৰজনক juvenile আদালতলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ