ইণ্ডিগো বিভ্ৰাট দূৰ কৰিবলৈ শুকুৰবাৰে পাইলট আৰু বিমানকৰ্মীসকলৰ বাবে থকা নিৰ্দিষ্ট শ্ৰমবিধি আংশিক শিথিল কৰিছে কেন্দ্ৰই৷ কিন্তু কেন্দ্ৰৰ এই সিদ্ধান্তক লৈ প্ৰশ্ন তুলিছে পাইলটসকলৰ একাংশ সংগঠনে৷ এয়াৰলাইন্স পাইলটছ এছোচিয়েছন নামৰ সেই সংগঠনে প্রশ্ন তুলিছে যে কিয় কেৱল ইণ্ডিগোৰ সুবিধা কৰি দিবৰ বাবেই নিয়মবিধি শিথিল কৰা হ’ব? ইয়াৰ ফলত লাখ লাখ যাত্ৰীৰ জীৱনলৈ সংকটো আহিব পাৰে বুলি দাবী কৰিছে সেই সংগঠনে৷
উল্লেখ্য যে পাইলটসকলৰ এই সংগঠনৰ অভিযোগ কৰিছে যে বিধি শিথিল কৰিবলৈ কেন্দ্ৰক বাধ্য কৰাৰ কৌশল গ্ৰহণ কৰিছিল ইণ্ডিগোই৷ সেই কাৰণেই বিমান পৰিসেৱা ব্যাহত হলেও ইণ্ডিগোই কোনো কাৰ্যকৰ পদক্ষেপ লোৱা নাই বুলি দাবী কৰিছে তেওঁলোকে৷
ইণ্ডিগোৰ বিমান পৰিসেৱা ব্যাহত হোৱাৰ নেপথ্যত আছে কেন্দ্ৰৰ এক বিধি৷ ফ্লাইট ডিউটি টাইম লিমিটেছনছ নামৰ সেই বিধিত কোৱা হৈছিল প্ৰতি সপ্তাহত পাইলট আৰু বিমানকৰ্মীসকলৰ বিশ্ৰামৰ বাবে ৪৮ ঘণ্টা সময় দিব লাগিব৷ প্ৰতি সপ্তাহত মাত্ৰ ২খন বিমান নিশা অৱতৰণ কৰাব পাৰিব এজন পাইলটে৷ ইয়াৰোপৰি এই বিধিত কোৱা হয়, পাইলট আৰু বিমানকৰ্মীসকলক দুদিন নাইট ডিউটি দিব পাৰিব৷ ২০২৪চনৰ জুনত এই বিধি কাৰ্যকৰ কৰাৰ কথা আছিল৷ কিন্তু বিমানসংস্থাসমূহৰ অনুৰোধত সেয়া বাৰে বাৰে পিছুৱাই যায়৷
সম্প্ৰতি নতুন বিধি কাৰ্যকৰ কৰাৰ বাবে ডিজিচিএক নিৰ্দেশ দিয়ে দিল্লী হাইকৰ্টে৷ জুন আৰু নৱেম্বৰত দুই দফাত ধাপে ধাপে এই নিৰ্দেশিকাত থকা নিয়মাৱলি কাৰ্যকৰ কৰাৰ পথত আগুৱাইছিল ডিজিচিএ৷ নতুন বিধি কাৰ্যকৰ হওঁতেই কৰ্মীসংকট পৰিসেৱা বিঘ্নিত হয় ইণ্ডিগোৰ৷ অভিযোগ যে অন্য বিমানসংস্থাসমূহে এই বিধিৰ কথা মূৰত ৰাখি কৰ্মী আৰু পাইলট নিয়োগ কৰিলেও ইণ্ডিগোৱে তেনে কোনো কামেই নকৰিলে৷ অন্য সংস্থাৰ পৰা কৰ্মী নিয়োগৰ দুৱাৰো বন্ধ কৰি দিছিল ইণ্ডিগোই৷
পূৰ্বৰ নিৰ্দেশিকাত কোৱা হৈছিল যে পাইলট বা বিমানচালকে লোৱা ছুটিক সাপ্তাহিক বিশ্ৰামৰ যি নিৰ্দিষ্ট সময়সীমা, তাৰ অন্তৰ্ভুক্ত কৰিব নোৱাৰিব৷ অৰ্থাৎ পাইলটে আগন্তুক ছুটি লওক বা নলওক সপ্তাহত ৪৮ ঘণ্টাৰ বিশ্ৰাম দিব লাগিব তেওঁলোকক৷ শুকুৰবাৰে এই নিয়মেই শিথিল কৰিছে দেশৰ উৰান নিয়ন্ত্ৰক সংস্থা ডিজিচিএ৷ কোৱা হয় পাইলটে ছুটীৰ সময়সীমাও সেই ৪৮ ঘণ্টাৰ মাজত অন্তৰ্ভুক্ত কৰা যাব৷ সমস্যা মোকাবিলাত পাইলটসকলৰ সহযোগিতা বিচৰা হৈছে৷
দিল্লী হাইকৰ্টৰ নিৰ্দেশৰ পাছত কিয় এই বিধি শিথিল কৰা হৈছে সেই লৈয়ো প্ৰশ্ন তুলিছে পাইলটৰ সেই সংগঠনে৷ শুকুৰবাৰে নিশা তেওঁলোকৰ তৰফৰ পৰা এক বিবৃতি দি কোৱা হৈছে যে-পাইলটে যাত্ৰীসকলৰ সুৰক্ষাৰ কথা মূৰত ৰাখি আদালতৰ নিৰ্দেশক মান্যতা দিয়াৰ বাবে মন্ত্ৰকৰ ওচৰত আৰ্জি জনাইছো৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















