ভিডিঅ’ গেমে তুলিলে তোলপাৰ, সৰ্বত্ৰে হাহাকাৰ, এতিয়া মহিলাৰ সন্মান ৰক্ষাৰ প্ৰতিবাদ
চীনত সদ্যহতে মুক্তি পোৱা এক ভিডিঅ’ গেমক লৈ সৰ্বত্ৰে বিবাদ হৈ আছে। চীনত ‘গোল্ড ডিগাৰ’ (Gold Diggers) নামেৰে এক ভিডিঅ’ গেমৰ ওপৰত লিংগ বৈষম্যৰ বিতৰ্ক হৈছে। এই গেম গোল্ড ডিগাৰ নামেৰে প্ৰচাৰ হৈছে, য’ত মুখ্য চৰিত্ৰত আছে এগৰাকী মহিলা।
যিয়ে নিজ আৰ্থিক লাভৰ বাবে প্ৰেমৰ জাল পেলাই ধনী ধনী পুৰুষৰ সৈতে বিবাহত বহাৰ লগতে সম্পৰ্ক গঢ়ি তোলে, অন্যথা পুৰুষ সকলৰ লগত ঠগ-প্ৰৱঞ্চনা কৰে। এই গেমত মহিলাসকলক কেৱল এক ধন-সম্পত্তি আহৰণ কৰাৰ ৰূপত উপস্থাপন কৰিছে, যিয়ে লিংগভেদ আৰু মহিলাক অপমানৰ পাত্ৰ কৰি তুলিছে।
যাৰ বাবেই এতিয়া চীনত এই গেমক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। কাৰণ ইয়াত মহিলাক এক অপমানজনক আৰু নেতিবাচক ৰূপত প্ৰদৰ্শিত কৰা হৈছে। কিছু লোকৰ মতে, এইধৰণৰ গেমে মহিলাৰ বিষয়ে ভুল ধাৰণা আৰু নকৰাত্মক মনোভাৱ প্ৰচাৰ কৰে।
যাৰ বাবে এতিয়া এই গেমৰ বিৰুদ্ধে আলোচনা হবলৈ ধৰিছে। মহিলা অধিকাৰ ৰক্ষাৰ সংগঠন আৰু কৰ্মীসকলে এই গেমটোৰ বিৰুদ্ধে মাত মতাৰ লগতে অনতিপলমে এই ধৰণৰ গেমৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ বাবে দাবী তুলিছে। অন্যতা এনে ধৰণৰ গেমে সমাজত মহিলাৰ প্ৰতিচ্ছবি বেয়া কৰি তোলাৰ আশংকাই দেখা দিছে।
এই গোল্ড ডিগাৰ গেমে এতিয়া চীন দেশত বহু বিতৰ্কৰ সৃষ্টি কৰিছে। এই বিতৰ্কৰ জৰিয়তে সমাজত সঠিক পৰিসৰত মহিলাৰ প্রতি সমৰ্থন আৰু সন্মান আগবঢ়োৱাৰ পৰিপ্ৰেক্ষিতত আলোচনা আৰম্ভ হৈছে। যাতে সমাজত সমাজত মহিলাৰ সন্মান ৰক্ষাৰ লগতে সমতা স্থাপন হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















