২০২১ চনত কিৰণ ৰাওৰ সৈতে বিচ্ছেদৰ পাছৰে পৰা একাধিকবাৰ ফাতেমা ছানা শ্বেখৰ সৈতে নাম সাঙোৰ খাইছে আমিৰ খানৰ৷ দঙ্গল আৰু ঠগছ অফ হিন্দুস্তানৰ সৈতে একেলগে কাম কৰাৰ সময়তেই এজনে আনজনৰ প্ৰেমত পৰিছিল৷ আমিৰৰ ঘৰত অবাধা যাতায়াত আছিল তেওঁৰ৷ কিন্তু বৰ্তমান একো সম্পৰ্ক নাই আমিৰ আৰু ফাতেমাৰ৷
সেয়ে আমিৰ কন্যাৰ বিবাহত দেখা যোৱা নাছিল ফাতেমাক৷ আমিৰ কন্যাৰ বিয়াত তেওঁৰ অনুপস্থিতিক লৈ চৰ্চাও হৈছিল বহুজনৰ মাজত৷ আকৌ অন্য নাৰীৰ প্ৰেমত পৰিছে নেকি আমিৰ? ইতিমধ্যেই তেওঁক নিজৰ পৰিয়ালৰ সৈতে আলাপো চলিছে বুলি প্ৰকাশ পাইছে তথ্য৷
সূত্ৰৰ খবৰ অনুসৰি বাংগালুৰুৰ নিৱাসী এগৰাকী নাৰীৰ প্ৰেমত পৰিছে অভিনেতা আমিৰ৷ আৰু আমিৰৰ পৰিয়ালৰ সৈতে সেই তৰুণীৰ আলাপ পৰ্বও ইতিমধ্যে সমাপ্ত হৈছে৷ যদিও এই বিষয়ে এতিয়াও মুখ খোলা নাই আমিৰ খানে৷ কোনোধৰণৰ বিবৃত্তি অথৱা ইংগিত অহা নাই ফাতেমাৰ তৰফৰ পৰাও৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ