• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছলমান খানে যি কৰিব পৰা নাই, আমীৰ খানে কৰিলে ৩ বাৰ…

ছলমান খানে যি কৰিব পৰা নাই, আমীৰ খানে কৰিলে ৩ বাৰ…

1 month ago
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

15 hours ago
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

15 hours ago
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

16 hours ago
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

16 hours ago
কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

17 hours ago
‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

18 hours ago
শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

19 hours ago
‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

19 hours ago
সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

20 hours ago
গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

21 hours ago
দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

22 hours ago
প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

ছলমান খানে যি কৰিব পৰা নাই, আমীৰ খানে কৰিলে ৩ বাৰ…

ছলমান-শ্বাহৰুখক পিছ পেলাই গৌৰীৰ হাত ধৰিলে আমীৰে

editor by editor
July 3, 2026
in চিনেমা, বিনোদন, বিবিধ, ভাৰত
0
ছলমান খানে যি কৰিব পৰা নাই, আমীৰ খানে কৰিলে ৩ বাৰ…
0
SHARES
76
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বলীউডৰ ৩ খান সদায়ে কিবা নহয় কিবা কাৰণত চৰ্চাত থাকে। সম্প্ৰতি ছবি নিৰ্মাণৰ লগতে ক্ৰিকেটতো সম্পূৰ্ণ মনোনিবেশ কৰিছে শ্বাহৰুখ খানে। শেহতীয়াকৈ আমেৰিকাৰ লজ এঞ্জেলছত তেওঁৰ ফ্ৰেন্সাইজী ‘নাইট ৰাইডাৰ্ছ’ৰ অধীনত এখন ক্ৰিকেট ষ্টেডিয়ামৰ কামৰ শুভাৰম্ভণি কৰিছে। আনহাতে আন এজন খান ‘ভাইজান’-এ ছবিৰ লগতে বিভিন্ন ৰিয়েলিটী শ্বোত ব্যস্ত থকা দেখা গৈছে। এই দুই খানৰ বিপৰীতে বলীউডৰ মিষ্টাৰ পাৰ্ফেকশ্যনিষ্ট আমীৰ খান সম্প্ৰতি ব্যস্ত নিজৰ বিৱাহ অনুষ্ঠানৰ প্ৰস্তুতিৰ বাবে। হয় ঠিকেই শুনিছে, ৫ জুলাইত অভিনেতাগৰাকীয়ে তৃতীয়বাৰৰ বাবে আৱদ্ধ হ’ব বিৱাহপাশত। সম্পূৰ্ণ আনাড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ মাজেৰে গৌৰূ স্প্ৰেটৰ সৈতে বিৱাহপাশত আবদ্ধ হব মিষ্টাৰ পাৰ্ফেকশ্যনিষ্ট। আজি মুম্বাইত এক সাংবাদ মাধ্যমযোগে এই কথা সদৰী কৰে আমীৰ খানে
সমবাদমেলযোগে আমীৰে কয় যে-এই বিৱাহ অনুষ্ঠান সম্পূৰ্ণ ব্যক্তিগতভাৱে তেওঁৰ বাসগৃহতে অনুষ্ঠিত হ’ব। অনুষ্ঠানত কেৱল দুয়োটা পৰিয়ালৰ সদস্য আৰু কিছুমান ঘনিষ্ঠ বন্ধু উপস্থিত থাকিব। এই শুভক্ষণত তেওঁ সকলোৰে আশীৰ্বাদ আৰু শুভেচ্ছাও কামনা কৰে। অনুষ্ঠানত তেওঁৰ জ্যেষ্ঠ পুত্ৰ জুনাইদ খানো উপস্থিত আছিল।

২০২৫তে ৰাজহুৱা কৰিছিল গৌৰী সম্পৰ্কৰ ঘোষণা

২০২৫ত ৬০ সংখ্যক জন্মদিনৰ উপলক্ষে প্ৰথমবাৰৰ বাবে গৌৰী স্প্ৰেটৰ সৈতে থকা প্ৰেমৰ সম্পৰ্ক ৰাজহুৱাকৈ প্ৰকাশ কৰিছিল আমীৰ খানে। গৌৰী বেংগালুৰুৰ বাসিন্দা আৰু এগৰাকী সফল ছেলুন উদ্যোগী তথা হেয়াৰ ডিজাইনাৰ। তেওঁৰ পিতৃ তামিল-ব্ৰিটিছ বংশোদ্ভূত আৰু মাতৃ পাঞ্জাবী-আইৰিছ বংশোদ্ভূত।

গৌৰী ভাৰতৰ স্বাধীনতা আন্দোলনৰ সৈতে জড়িত থকা ব্ৰিটিছ কমিউনিষ্ট ফিলিপ স্প্ৰেটৰ নাতিনী। গৌৰীয়েও ইয়াৰ পূৰ্বে বিৱাহপাশত আবদ্ধ হৈছিল আৰু তেওঁৰ এটি সাত বছৰীয়া সন্তান আছে। বিগত দুবছৰ ধৰি তেওঁ নিজৰ সন্তানৰ সৈতে মুম্বাইত বাস কৰি আহিছে।

২৫ বছৰৰ বন্ধুত্বৰ পিছত প্ৰেম

আমীৰ আৰু গৌৰীয়ে প্ৰায় ২৫ বছৰৰ পৰা ইজনে-সিজনক জানে। প্ৰথমে তেওঁলোক ভাল বন্ধু আছিল। সময়ৰ সৈতে সেই বন্ধুত্ব এতিয়া প্ৰেমৰ সম্পৰ্কলৈ ৰূপান্তৰিত হয়। সম্পৰ্কৰ কথা ৰাজহুৱাকৈ ঘোষণা কৰাৰ পাছৰ পৰা গৌৰীক বিভিন্ন অনুষ্ঠান আৰু বিশেষ মুহূৰ্তত আমীৰৰ সৈতে একেলগে দেখা গৈছে।

গৌৰীৰ বিষয়ে এক অনুষ্ঠানত আমীৰে কয়-“মই নিজকে অত্যন্ত সৌভাগ্যৱান বুলি অনুভৱ কৰোঁ যে গৌৰীক পাইছোঁ। তেওঁ এগৰাকী অসাধাৰণ মহিলা আৰু তেওঁৰ সৈতে থাকিলে মই গভীৰ মানসিক শান্তি পাওঁ। ৰীনা দত্ত আৰু কিৰণ ৰাওৰ সৈতেও মোৰ সম্পৰ্কও যথেষ্ট গভীৰ আছিল, কিন্তু বিভিন্ন কাৰণত সেই সম্পৰ্ক আগ নাবাঢ়িল। গৌৰী মোৰ জীৱনলৈ অহাৰ পিছত মই যেন নিজকে সম্পূৰ্ণ অনুভৱ কৰিছোঁ।”

পূৰ্বেও দুবাৰকৈ বিৱাহপাশত আৱদ্ধ হৈছিল

আমীৰ খানে ১৯৮৬ চনত চলচ্চিত্ৰ প্ৰযোজক ৰীনা দত্তৰ সৈতে প্ৰথমবাৰৰ বাবে বিৱাহপাশত আৱদ্ধ হৈছিল। প্ৰায় ১৬ বছৰ একেলগে থকাৰ পিছত ২০০২ চনত দুয়ো আইনগতভাৱে পৃথক হয়। দুয়োৰে জুনাইদ খান আৰু ইৰা খান নামৰ দুটাকৈ সন্তান আছে। ইয়াৰ পিছত ২০০৫ চনত আমীৰে চলচ্চিত্ৰ পৰিচালক কিৰণ ৰাওৰ সৈতে দ্বিতীয়বাৰৰ বাবে বিৱাহপাশত আৱদ্ধ হৈছিল। দুয়োৰে IVF পদ্ধতিৰে জন্ম হৈছিল আজাদ নামৰ এটি সন্তান। প্ৰায় ১৫ বছৰৰ বৈবাহিক জীৱনৰ অন্তত ২০২১ চনত দুয়োৱে বিৱাহ বিচ্ছেদৰ সিদ্ধান্ত লয়। বিৱাহ বিচ্ছেদৰ পিছতো আমীৰ আৰু কিৰণৰ মাজত পাৰস্পৰিক সন্মান আৰু বন্ধুত্ব অটুট আছে। তেওঁলোকে আজিও পুত্ৰ আজাদৰ লালন-পালন একেলগে কৰি আছে আৰু পানী ফাউণ্ডেচনকে ধৰি কেইবাটাও সামাজিক আৰু চলচ্চিত্ৰ-সংক্রান্তীয় প্ৰকল্পত একেলগে কাম কৰি আহিছে। এতিয়া গৌৰী স্প্ৰেটৰ সৈতে জীৱনৰ নতুন অধ্যায় আৰম্ভ কৰিবলৈ ওলাইছে আমীৰ খান।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: amir khanasom live24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ
বিবিধ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

August 16, 2026
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ
বিবিধ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

August 16, 2026
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন
অপৰাধ

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

August 16, 2026
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ
বিনোদন

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

August 16, 2026
Next Post
বৰষুণ বতৰত কাহ-চৰ্দিক সাধাৰণ ৰোগ বুলি ভাবে নেকি? ভুলতো নকৰিব এইকেইটা কাম

বৰষুণ বতৰত কাহ-চৰ্দিক সাধাৰণ ৰোগ বুলি ভাবে নেকি? ভুলতো নকৰিব এইকেইটা কাম

গোবিন্দাৰ পৰকীয়া প্ৰেমৰ বিষয়ে মুখ খুলিছে পত্নীয়ে, কি ক’লে পত্নী সুনীতাই

গোবিন্দাৰ পৰকীয়া প্ৰেমৰ বিষয়ে মুখ খুলিছে পত্নীয়ে, কি ক'লে পত্নী সুনীতাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.