• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বৰষুণ বতৰত কাহ-চৰ্দিক সাধাৰণ ৰোগ বুলি ভাবে নেকি? ভুলতো নকৰিব এইকেইটা কাম

বৰষুণ বতৰত কাহ-চৰ্দিক সাধাৰণ ৰোগ বুলি ভাবে নেকি? ভুলতো নকৰিব এইকেইটা কাম

3 weeks ago
সঁচাকৈয়ে সাপে গাখীৰ খায় নেকি?

সঁচাকৈয়ে সাপে গাখীৰ খায় নেকি?

7 hours ago
কেতিয়া শেষ হ’ব কলিযুগ? কোনখন পুৰাণত লুকাই আছে ইয়াৰ ৰহস্য

কেতিয়া শেষ হ’ব কলিযুগ? কোনখন পুৰাণত লুকাই আছে ইয়াৰ ৰহস্য

8 hours ago
নতুন EPS নীতিত আপোনাৰ কিমান বাঢ়িব পেঞ্চন?

নতুন EPS নীতিত আপোনাৰ কিমান বাঢ়িব পেঞ্চন?

8 hours ago
ভয়াৱহ ৰোগৰ সংক্ৰমণ, এইখন দেশত এহেজাৰতকৈও অধিক লোকৰ মৃ*ত্যু

ভয়াৱহ ৰোগৰ সংক্ৰমণ, এইখন দেশত এহেজাৰতকৈও অধিক লোকৰ মৃ*ত্যু

9 hours ago
‘মোক জোৰকৈ চুমা খাইছিল, তাৰ পিছত সোধাইছিল প্ৰচণ্ড চৰ’

‘মোক জোৰকৈ চুমা খাইছিল, তাৰ পিছত সোধাইছিল প্ৰচণ্ড চৰ’

11 hours ago
আজিৰে পৰা জিম্বাবুৱেৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ T20 শৃংখলা

আজিৰে পৰা জিম্বাবুৱেৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ T20 শৃংখলা

12 hours ago
NEET পেপাৰ কেলেংকাৰী সন্দৰ্ভত অৱশেষত ছলমান খানৰো প্ৰতিক্ৰিয়া

NEET পেপাৰ কেলেংকাৰী সন্দৰ্ভত অৱশেষত ছলমান খানৰো প্ৰতিক্ৰিয়া

13 hours ago
লাডাখস্থিত ছোনম ৱাংচুকৰ অট্টালিকাটোৰ আছে সাংঘাতিক বিশেষত্ব

লাডাখস্থিত ছোনম ৱাংচুকৰ অট্টালিকাটোৰ আছে সাংঘাতিক বিশেষত্ব

14 hours ago
দিল্লীৰ প্ৰতিবাদক লৈ কি ক’লে NEETত শীৰ্ষস্থান লাভ কৰা পংশুলে?

দিল্লীৰ প্ৰতিবাদক লৈ কি ক’লে NEETত শীৰ্ষস্থান লাভ কৰা পংশুলে?

15 hours ago
আজি আপোনাৰ দিনটো কেনে যাব?

আজি আপোনাৰ দিনটো কেনে যাব?

16 hours ago
বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই

বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই

1 day ago
ট্ৰাম্পৰ নতুন টেৰিফ নীতি ভাৰতীয় ঔষধ কোম্পানীৰ বাবে আশীৰ্বাদ নে অভিশাপ?

ট্ৰাম্পৰ নতুন টেৰিফ নীতি ভাৰতীয় ঔষধ কোম্পানীৰ বাবে আশীৰ্বাদ নে অভিশাপ?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বৰষুণ বতৰত কাহ-চৰ্দিক সাধাৰণ ৰোগ বুলি ভাবে নেকি? ভুলতো নকৰিব এইকেইটা কাম

কোনবোৰ লোকৰ বাবে বিভিন্ন ভাইৰাছৰ আশংকা বেছি?

editor by editor
July 3, 2026
in জীৱনশৈলী, বিবিধ, স্বাস্থ্য
0
বৰষুণ বতৰত কাহ-চৰ্দিক সাধাৰণ ৰোগ বুলি ভাবে নেকি? ভুলতো নকৰিব এইকেইটা কাম
0
SHARES
139
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰচণ্ড গৰমৰ মাজতে অলপ বৰষুণ আহিলে সকলোৰে ভাল লাগে। কিন্তু প্ৰচণ্ড গৰমৰ পিছত বৰষুণ যেতিয়া আহে তেতিয়া বিভিন্ন শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণৰ আশংকাও বহু গুণে বৃদ্ধি পায়। বায়ুমণ্ডলত আর্দ্ৰতা বৃদ্ধি, তাপমাত্ৰাৰ সঘন পৰিৱৰ্তন, বিভিন্ন ঠাইত পানী জমা হোৱা আৰু জনসমাগমত অধিক সময় কটোৱাৰ ফলত ভাইৰাছ, বেক্টেৰিয়া আৰু ফাংগাছে দ্ৰুতগতিত বিস্তাৰ লাভ কৰে। ইয়াৰ ফলত সাধাৰণ চৰ্দি-কাহ, ইনফ্লুৱেঞ্জা, ব্ৰংকাইটিছ, নিমোনিয়াৰ দৰে ৰোগৰ সংক্ৰমণ এই সময়ত অধিক হোৱা দেখা যায়। চিকিৎসা বিশেষজ্ঞৰ মতে, কিছুমান বিশেষ শ্ৰেণীৰ লোকৰ ক্ষেত্ৰত এই সংক্ৰমণে গুৰুতৰ ৰূপ ল’ব পাৰে। সেয়েহে বৰষুণৰ বতৰত তেওঁলোকে অধিক সাৱধানতা অৱলম্বন কৰাটো অতি প্ৰয়োজনীয়।

কোনবোৰ লোকৰ বাবে আশংকা বেছি?

বিশেষজ্ঞৰ মতে, শিশু, বয়োজ্যেষ্ঠ ব্যক্তি, গৰ্ভৱতী মহিলা আৰু আগৰে পৰা হাঁপানি (Asthma), COPD বা ব্ৰংকাইটিছত ভুগি থকা লোকসকল শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণৰ প্ৰতি অধিক সংবেদনশীল। ইয়াৰ উপৰিও ডায়েবেটিছ, হৃদৰোগ, বৃক্কৰোগ, কেন্সাৰ অথবা ৰোগ-প্ৰতিৰোধ ক্ষমতা কমাই দিয়া চিকিৎসা গ্ৰহণ কৰি থকা ব্যক্তিসকলেও অধিক সতৰ্ক হৈ থাকিব লাগে। ধূমপান আৰু বায়ু প্ৰদূষণৰ সংস্পৰ্শতো হাওঁফাঁও দুৰ্বল হৈ পৰে, যাৰ ফলত সংক্ৰমণৰ আশংকা বৃদ্ধি পায়।

এই সহজ অভ্যাসবোৰেই দিব সুৰক্ষা

বিশেষজ্ঞসকলে কয়, দৈনন্দিন জীৱনত কিছুমান সহজ অভ্যাস গঢ়ি তুলিলেই শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণৰ আশংকা যথেষ্ট হ্ৰাস কৰিব পাৰি। নিয়মিতভাৱে চাবোনেৰে হাত ধুব। চৰ্দি-কাহ বা জ্বৰত আক্ৰান্ত ব্যক্তিৰ সৈতে ঘনিষ্ঠ সংস্পৰ্শ এৰাই চলিব। ভিৰ থকা ঠাইলৈ গ’লে মাস্ক ব্যৱহাৰ কৰিব। ঘৰখনত পৰ্যাপ্ত বায়ু চলাচলৰ ব্যৱস্থা নিশ্চিত কৰিব। প্ৰতিদিনে পৰ্যাপ্ত নিদ্ৰা ল’ব। সুষম আৰু পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিব। শৰীৰত পানীৰ অভাৱ নহ’বলৈ যথেষ্ট পৰিমাণে পানী খাব। হাঁপানি বা COPD ৰোগীয়ে নিয়মিত ইনহেলাৰ ব্যৱহাৰ কৰিব আৰু ৰেচকিউ ঔষধ লগত ৰাখিব। অধিক বিপদজনক শ্ৰেণীৰ লোকে চিকিৎসকৰ পৰামৰ্শ মতে ঋতুকালীন ফ্লু আৰু নিমোনিয়াৰ প্ৰতিষেধক টিকা গ্ৰহণ কৰিব পাৰে।

এণ্টিবায়’টিক নিজ ইচ্ছামতে নাখাব

বিশেষজ্ঞসকলৰ মতে, বৰষুণৰ বতৰত হোৱা অধিকাংশ শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণ ভাইৰাছজনিত হয়। এনে ক্ষেত্ৰত এণ্টিবায়’টিক ঔষধে কোনো উপকাৰ নকৰে। বৰঞ্চ অযথা বা চিকিৎসকৰ পৰামৰ্শ অবিহনে এণ্টিবায়’টিক গ্ৰহণ কৰিলে ভৱিষ্যতে ঔষধৰ প্ৰতি জীৱাণুৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাব পাৰে। ফলত পিছলৈ হোৱা সংক্ৰমণৰ চিকিৎসা অধিক কঠিন হৈ পৰিব। সেয়েহে যিকোনো ঔষধ চিকিৎসকৰ পৰামৰ্শ অনুসৰিয়েই গ্ৰহণ কৰাটো বুদ্ধিমত্তাৰ পৰিচয়। বিশেষজ্ঞসকলৰ মতে, সঠিক স্বাস্থ্যবিধি পালন, সুষম আহাৰ, পৰ্যাপ্ত বিশ্ৰাম আৰু চিকিৎসকৰ পৰামৰ্শ মানি চলিলে বৰষুণৰ বতৰত শ্বাস-প্ৰশ্বাসজনিত অধিকাংশ সংক্ৰমণৰ পৰা নিজকে সুৰক্ষিত ৰাখিব পাৰি।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24health
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সঁচাকৈয়ে সাপে গাখীৰ খায় নেকি?
বিজ্ঞান

সঁচাকৈয়ে সাপে গাখীৰ খায় নেকি?

July 23, 2026
কেতিয়া শেষ হ’ব কলিযুগ? কোনখন পুৰাণত লুকাই আছে ইয়াৰ ৰহস্য
বিবিধ

কেতিয়া শেষ হ’ব কলিযুগ? কোনখন পুৰাণত লুকাই আছে ইয়াৰ ৰহস্য

July 23, 2026
নতুন EPS নীতিত আপোনাৰ কিমান বাঢ়িব পেঞ্চন?
জীৱনশৈলী

নতুন EPS নীতিত আপোনাৰ কিমান বাঢ়িব পেঞ্চন?

July 23, 2026
ভয়াৱহ ৰোগৰ সংক্ৰমণ, এইখন দেশত এহেজাৰতকৈও অধিক লোকৰ মৃ*ত্যু
জীৱনশৈলী

ভয়াৱহ ৰোগৰ সংক্ৰমণ, এইখন দেশত এহেজাৰতকৈও অধিক লোকৰ মৃ*ত্যু

July 23, 2026
Next Post
গোবিন্দাৰ পৰকীয়া প্ৰেমৰ বিষয়ে মুখ খুলিছে পত্নীয়ে, কি ক’লে পত্নী সুনীতাই

গোবিন্দাৰ পৰকীয়া প্ৰেমৰ বিষয়ে মুখ খুলিছে পত্নীয়ে, কি ক'লে পত্নী সুনীতাই

ফোন চাৰ্জ কৰাৰ এই সাধাৰণ ভুলে কমাব পাৰে বেটেৰীৰ আয়ুস! বিশেষজ্ঞৰ সতৰ্কবাণী

ফোন চাৰ্জ কৰাৰ এই সাধাৰণ ভুলে কমাব পাৰে বেটেৰীৰ আয়ুস! বিশেষজ্ঞৰ সতৰ্কবাণী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.