৯০ বছৰৰ অন্তত গ্ৰেইট ব্ৰিটেইনৰ এখন চিৰিয়াখানাত বিশ্বৰ অতি বিৰল আফ্ৰিকান এক বিশেষ জন্তু আৰ্ডভাৰ্কৰ এটি পোৱালিৰ জন্ম হৈছে৷
ব্ৰিটেইনৰ ছেইষ্টাৰ চিৰিয়াখানাত যোৱা ৪ জানুৱাৰীত আৰ্ডভাৰ্কৰ এই পোৱালিটো জন্ম হোৱা বুলি চিৰিয়াখানাৰ কৰ্তৃপক্ষই সদৰী কৰিছে৷
শেহতীয়াকৈ যোৱা ৪ জানুৱাৰীত জন্ম লাভ কৰা এই চিৰিয়াখঘানাৰ কৰ্তৃপক্ষই পোৱালিটো মাইকী বুলি চিনাক্ত কৰা হৈছে৷ চিৰিয়াখানাৰ কৰ্তৃপক্ষই পোৱালিজনীৰ নাম ড’ব্বি ৰাখিছে বুলিও প্ৰকাশ কৰিছে৷ প্ৰকাশ পোৱা মতে হেৰি প’টাৰৰ চৰিত্ৰ হাউছ-এলফৰ সৈতে ইয়াৰ সাদৃশ্য থকাৰ বাবেই ইয়াৰ নাম ড’ব্বি ৰখা হৈছে৷
ভাইৰেল হোৱা ভিডিঅ’টোত দেখা গৈছে ড’ব্বিৰ শৰীৰত নোম নাই আৰু মুখ, ওঁঠ, কাণ আদি দীঘল আৰু ডাঙৰ হোৱাৰ লগতে নখবোৰ দৈত্যৰ দৰে দীঘল৷
উল্লেখ্য যে ৯০ বছৰৰ পূৰ্বে গ্ৰেট ব্ৰিটেইনৰ এখন চিৰিয়াখানাত আৰ্ডাভাৰ্কৰ এটা পোৱালিৰ জন্ম হৈছিল৷ ৯০ বছৰৰ পিছত এইবাৰ ছেইষ্টাৰৰ চিৰিয়াখানাত এই বিৰল প্ৰজাতিৰ আফ্ৰিকান জন্তু বিধৰ এটা পোৱালিৰ জন্ম হৈছে৷
পোৱালিটো জন্ম হোৱাৰ পিছতে চিৰিয়াখানাৰ কৰ্তৃপক্ষই নিজা ৱেবচাইটত ইয়াৰ ভিডিঅ’ আপলোড কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ