ডিজিটেল ডেস্কঃ সংসাৰ সুখেৰে চলা নাই। কিছু কথাক লৈ ঐশ্বৰ্যা- অভিষেকৰ মাজত চলি আছে অশান্তি। এয়া আমি কোৱা কথা নহয়। ৰাষ্ট্ৰীয় সংবাদমাধ্যমত সবিস্তাৰে প্ৰকাশ পাইছে এই বাতৰি। প্ৰকাশিত বাতৰি অনুসৰি, দুয়োৰে মাজত ইমানেই বিভেদ আহিছে যে, ঐশ্বৰ্যাই বিয়াত অভিষেকক পিন্ধোৱা আঙুঠিটোও খুলি পেলালে। শেহতীয়াকৈ এখন ফটোও ভাইৰেল হৈছে অভিষেকৰ , চাওক ফটোখন-
ইফালে চৰ্চা হৈছে যে, যদিহে অভিষেক আৰু ঐশ্বৰ্যাৰ মাজত যদি বিবাহ বিচ্ছেদ হয়। তেন্তে অভিষেকে ক্ষতিপূৰণ হিচাপে কিমান টকা দিব লাগিব ঐশ্বৰ্যাক। এই হিচাপৰ বাতৰিও ইতিমধ্যে ৰাষ্ট্ৰীয় সংবাদমাধ্যমে সম্পন্ন কৰিছে। অভিষেক বচ্চনৰ মুঠ সম্পত্তিৰ পৰিমাণ ২৮০কোটি। প্ৰতিমাহে ১.৮কোটি টকা উপাৰ্জন কৰে অভিষেকে। বাৰ্ষিক প্ৰায় ২৫কোটি টকা উপাৰ্জন কৰে অভিনেতাগৰাকীয়ে।
এই হিচাপলৈ চাই যদিহে বিবাহ বিচ্ছেদ হয় তেন্তে মাহিলী মুঠ সম্পত্তিৰ ২৫শতাংশ ধন অৰ্থাত প্ৰায় ৪৫লাখ টকা ক্ষতিপূৰণ হিচাপে প্ৰতিমাহে ঐশ্বৰ্যাক দিব লাগিব অভিষেকে। উল্লেখ কৰা প্ৰয়োজন যে, ২০০৭চনৰ ২০এপ্ৰিলত অভিষেক আৰু ঐশ্বৰ্যাৰ মাজত বিবাহ সম্পন্ন হৈছিল। অতি সুখেৰে দাম্পত্য জীৱন অতিবাহিত কৰা দুয়োৰে বিবাহ বিচ্ছেদৰ খবৰত নেটিজেন সকল আচৰিত হৈ পৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ