চন ১৯৯১৷ প্ৰধানমন্ত্ৰীৰ আসনত বহিছিল পি ভি নৰসীমা ৰাও৷ ভাৰতে তেতিয়া অৰ্থনৈতিক সমস্যা দূৰ কৰিবলৈ চেষ্টা কৰি আছিল৷ বিশ্ব সাক্ষী হৈছিল ছোভিয়েট ইউনিয়নৰ পতনৰ৷ ঠিক সেই সন্ধিক্ষণত মাজনিশা এটা ফোন আহিছিল ইউ জি চিৰ তৎকালীন চেয়াৰমেন মনমোহন সিং৷ ফোনটো আছিল নৰসীমা ৰাওৰ মুখ্য সচিব পি চি আলেকজেণ্ডাৰৰ৷ মনমোহনক জনোৱা হৈছিল, তেওঁ দেশৰ পৰবৰ্তী অৰ্থমন্ত্ৰী৷ ১৯৯১ চনৰ ২১ জুনত এক্সিডেণ্টেল ফাইনেন্স মিনিষ্টাৰ হিচাপে শপত লয় মনমোহন সিঙে৷
তেঁৱেই প্ৰথম শিখ ৰাজনীতিবিদ যি দেশৰ প্ৰধানমন্ত্ৰীও হৈছিল৷ মনমোহন সিঙে কৈছিল, ‘শিখ হিচাপে গৰ্বিত৷ মই এই হেৰিটেজেই মোক আৰু বেছি ভাৰতীয় কৰি তোলে৷’ ২০০৯ চনত দিল্লীৰ এইমছত ১০ ঘণ্টাজোৰা বাইপাছ ছাৰ্জাৰি হৈছিল ড• মনমোহন সিঙৰ৷ তেওঁৰ চিকিৎসক ৰমাকান্ত পাণ্ডাই স্মৃতিচাৰণত কৈছে, ‘ দীৰ্ঘ ১০-১১ ঘণ্টাৰ অস্ত্ৰোপছাৰৰ পাছত অটি ৰ পৰা তেওঁক বাহিৰলৈ ওলোৱাৰ পাছতেই তেওঁ পোনতে নিজৰ পৰিয়াল বা নিজৰ বিষয়ে কোনো প্ৰশ্ন কৰা নাছিল৷ তেওঁ কেৱল সুধিছিল, ‘মোৰ দেশ কেনে আছে? কাশ্মীৰ কেনে আছে?’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ