কিমান ধনী ACS বিষয়া নুপূৰ বৰা? ৬বছৰতে কেনেকৈ কোটিপতি হ’ল ACS বিষয়া নূপুৰ বৰা? পোহৰলৈ আহিছে নুপূৰৰ সম্পত্তিৰ এখনৰ পাছত আনখন তালিকা৷ আয়তকৈ ৪১৬% বৰ্হিভূত সম্পত্তিৰ গৰাকী হৈছিল নূপুৰ বৰা৷ সচেতন নাগৰিকে নূপুৰৰ সম্পত্তিৰ তালিকা দেখি প্ৰশ্ন কৰিছে, কেৱল টকা খাবলৈহে ACS হৈছিল নেকি নুপূৰ বৰা?
নূপুৰৰ ঘৰৰ পৰা উদ্ধাৰ সৈতে নগদ ধন আৰু সোণৰ গহনা মিলি প্ৰায় ২ কোটি টকাতকৈয়ো অধিক সম্পত্তি৷ গ্ৰেপ্তাৰ হোৱাৰ সময়লৈকে তেওঁ কামৰূপৰ চাৰ্কল অফিচাৰ হিচাপে কৰ্মৰত৷ সোমবাৰে তেওঁৰ ঘৰত দিনজুৰি তালাচি চলাইছে চি এম ভিজিলেন্স দফতৰে৷ সোমবাৰে গ্ৰেপ্তাৰ কৰা হৈছে নূপুৰক৷ ঘটনাচক্ৰত সোমবাৰেই তেওঁৰ কৰ্মজীৱনৰ ছবছৰ পূৰ্ণ হৈছে৷
১৯৮৯ চনৰ ৩১ মাৰ্চত গোলাঘাটত জন্ম নূপুৰৰ৷ ইংৰাজি সাহিত্যত তেওঁ স্নাতক তেওঁ৷ কটন কলেজৰ পৰা পঢ়াশুনা কৰিছে৷ ছিভিল চাৰ্ভিছত যোগ দিয়াৰ পূৰ্বে ডিছট্ৰিক্ট ইনষ্টিটিউট অফ এডুকেছনেল ট্ৰেনিঙত লেকচাৰাৰ হিচাপে কৰ্মৰত আছিল৷ ২০১৯ চনত অসম ছিভিল চাৰ্ভিছ পৰীক্ষা পাছ কৰে৷ নূপুৰৰ প্ৰশাসনিক কেৰিয়াৰ আৰম্ভ হৈছিল কাৰ্বি আংলঙৰ এছিচটেণ্ট কমিছনাৰ হিচাপে৷ ২০১৯-২০২৩ চন পৰ্যন্ত সেই পদত কৰ্মৰত আছিল নূপুৰ৷
আৰক্ষীয়ে জনাইছে যে ২০২৩ চনৰ জুনত বৰপেটাত ছাৰ্কল অফিচাৰ হিচাপে যোগ দিয়ে৷ তাৰপিছতেই কামৰূপলৈ বদলি হয়৷ নূপুৰৰ সামাজিকমাধ্যম প্ৰফাইলেই কয় তেওঁ ফুৰি ভালপায়৷ চৌখিন নূপুৰৰ বিলাসবহুল জীৱনৰ কথা তদন্তৰ পাছতেই পোহৰলৈ আহিছে৷ গুৱাহাটীৰ গোটানগৰত ফ্লেট আছে তেওঁৰ৷ ইয়াৰোপৰি আৰু ৪ স্থানত সম্পত্তিৰ সন্ধান পাইছে ভিজিলেন্স দলে৷ আৰক্ষী ছুপাৰিণ্টেণ্ডেণ্ট ৰজি কলিতাই কয়, ‘নূপুৰৰ বিৰুদ্ধে তদন্ত আৰম্ভ হৈছে৷ তেওঁৰ বিৰুদ্ধে বহু অভিযোগ আছে৷ আমি প্ৰায় ৯০ লাখ নগদ টকা তেওঁৰ ঘৰৰ পৰা উদ্ধাৰ কৰিছো৷’
জনতাৰ সেৱাৰ নামত ধন লৈছিল খকুৱা নুপূৰ বৰাই৷ কোটি কোটি টকা উদ্ধাৰৰ পিছত পুনৰ অভিযান আৰম্ভ হয় নূপুৰৰ বিৰুদ্ধে৷ বহু দামী-দামী ব্ৰেণ্ডেদ সাজপাৰ উদ্ধাৰ হৈছে নূপুৰৰ ঘৰৰ পৰা৷ বিভিন্ন বেংকৰ প্ৰায় ৯ টা একাউন্ট জব্দ হৈছে নূপুৰৰ৷ বৰপেটাত দুটাকৈ ল’কাৰ থকাৰ তথ্য লাভ কৰিছে ভিজিলেন্স দলে৷ বেলতলা আৰু জালুকবাৰীৰ দুটাকৈ স্থানত আছে নুপূৰৰ মাটি৷ জালুকবাৰীত আছে দুটাকৈ ফ্লেট৷ গোটানগৰতো আৰু এটা ফ্লেট আছে নুপূৰৰ৷
পৰিয়ালৰ লোকৰ নামতো সম্পত্তি গোটাইছিল নুপূৰে৷ চাকৰি জীৱনৰ আজিৰ দিনটোলৈ নূপুৰ বৰাৰ মুঠ দৰমহা ৪৫ লাখ টকা৷ বৰপেটা সত্ৰৰ বহু ভূমি সন্দেহজনক লোকক নামজাৰী কৰি দিছিল৷ লাট মণ্ডল সুৰজিত ডেকাই নতুনকৈ এটা তিনিমহলীয়া অট্টালিকা নিৰ্মাণ কৰিছিল৷ সুৰজিতৰ পৰা এখন থাৰ বাহন জব্দ কৰিছে ভিজিলেন্স দলে৷ কিন্তু সুৰজিতৰ পৰা নগদ ধন লাভ কৰা নাই তদাৰকী কোষে৷ মুখ্যমন্ত্ৰী তদাৰকী কোষৰ সৰ্ববৃহৎ অভিযান আছিল এইটো৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ