অসম লাইভ২৪ঃ চিনেমাৰ বাবেই বিভিন্ন চৰিত্ৰত অভিনয় কৰে৷ কিছু চৰিত্ৰ যেনেকৈ ভীষণভাৱে চৰ্চিত হয় ঠিক তেনেকৈ কিছু দৃশ্যক লৈ বিতৰ্কৰো সূত্ৰপাত হয়৷ এনে বহু চিনেমাৰ কথাই মাজে মাজে সংবাদ শিৰোনাম হয়৷ সম্প্ৰতি অটিটি প্লেটফৰ্মত মুক্তিলাভ কৰিছে ‘দ্যা নাইট মেনেজাৰ’৷ আদিত্য ৰায় কাপুৰ অভিনীত চিনেমাখনে বেছ চৰ্চা লাভ কৰিছে৷ ২৯ বছৰীয়া এগৰাকী অভিনেত্ৰীৰ সৈতে ৬৬ বছৰীয়া অনিল কাপুৰৰ অন্তৰংগ দৃশ্যই চৰ্চাত আনিছে ৱেব চিৰিজখনক৷
১৭ ফেব্ৰুৱাৰীত ডিজনি প্লাছ হট ষ্টাৰত মুক্তি লাভ কৰিছে ৱেব চিৰিজখনে৷ তাতেই অভিনেত্ৰী সবিতা ধুলিপালৰ সৈতে অতি ঘনিষ্ঠ এক দৃশ্যত দেখা গৈছে অভিনেতা অনিল কাপুৰক৷ চিৰিজখনত ওঁঠত ওঁঠ থৈ গভীৰ চুম্বন কৰিছে অনিল কাপুৰ আৰু অভিনেত্ৰীগৰাকীয়ে৷ দৃশ্যটো দেখা মাত্ৰকেই বহুতেই নেট দুনীয়াত প্ৰশ্ন কৰিছে এনে অন্তৰংগ দৃশ্যত অভিনয় কৰাৰ কি প্ৰয়োজন আছিল৷ চাৰিওফালে চলি থকা চৰ্চাৰ মাজতেই অভিনেতাজনে নিজা মন্তব্য প্ৰকাশ কৰি কয়, ‘সেই দৃশ্যটোত অভিনয় কৰি থাকোতে মই বহুত নাৰ্ভাছ হৈছিলো৷ আগতে কাহানিও এনেকৈ অন্তৰংগ দৃশ্যত মই অভিনয় কৰা নাই৷ কিন্তু অভিনেত্ৰী সবিতা সঁচায়ে খুব মুক্ত মনৰ ছোৱালী৷ তাই মোক এই দৃশ্যটোৰ বাবে সহজ কৰি তুলিলে৷ আমাৰ অভিজ্ঞতা বহু বেছি৷ কিন্তু নৱপ্ৰজন্ম কামক লৈ বহু বেছি ডেডিকেটেড৷ তেওঁলোকে জানে কৰ্মক্ষেত্ৰত কেনেকৈ সক্ৰিয়তা বজাই ৰাখিব লাগে৷’
উল্লেখ্য যে অনিল কাপুৰে এই ৱেব চিৰিজখনক লৈ কয় যে ছবিখন কৰি বহু বেছি অভিজ্ঞতাও হৈছে তেওঁৰ৷ চিৰিজটোৰ বাবেই দৈনিক প্ৰায় ১৬ ৰ পৰা ১৮ ঘণ্টা পৰ্যন্ত শ্বুটিং কৰিছিল অভিনেতা অনিল কাপুৰে৷ বহু সময়ত ক্লান্তও হৈ পৰিছিল কিন্তু নিজকে চৰিত্ৰটোৰ সৈতে একাত্ম কৰি তোলাৰ বাবেই শ্বুটিং সহজ হৈ পৰিছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ