অসম লাইভ২৪ঃ সম্পৰ্কত ভাঙোন ধৰ্মেন্দ্ৰ আৰু হেমা মালিনীৰ কন্যা ইশা দেউলৰ। হীৰা ব্যৱসায়ী ভৰত তখতানিৰ সৈতে ১২বছৰীয়া দাম্পত্য জীৱনৰ যতি পৰিছে ইশাৰ। বিচ্ছেদৰ খবৰত ছিলমোহৰ মাৰিছে ইশা আৰু তেওঁৰ স্বামী ভৰতে। এই খবৰত অনুৰাগীসকল কিছু পৰিমাণে আচৰিতো হৈছে। কাৰণ ইশা আৰু ভৰতৰ সম্পৰ্কত খেলিমেলি থকাৰ কথা কেতিয়াও ক’তো প্ৰকাশ হোৱা নাছিল। ইশা-ভৰত দুয়োকে বিভিন্ন সাক্ষাৎকাৰত কৰা প্ৰশ্নত তেওঁলোক খুবেই সুখী বুলিয়েই জনাইছিল।
কেৱল সেয়াই নহয়, ইশা আৰু ভৰতে একেলগে দিয়া এক সাক্ষাৎকাৰত দুয়োৱো দুয়োকে প্ৰশংসাহে কৰিছিল। ইশাই সাক্ষাৎকাৰত কৈছিল, ‘ভৰতৰ দৰে আৱেগপ্ৰৱণ মানুহ মই কমেই দেখিছো।’ ইশা জীৱনলৈ অহাৰ পাছত কিমান সুখী ভৰত সেই কথাও ভৰতে নিজেই জনাইছিল। সেই সুখী বুলি কোৱা দম্পত্তিৰেই অৱশেষত বিচ্ছেদ হৈছে। ২০১২ চনত ইশা আৰু ভৰত বিবাহপাশত আৱদ্ধ হৈছিল। বিবাহৰ পূৰ্বেও তেওঁলোক বহুসময় ধৰি প্ৰেমৰ সম্পৰ্কত আছিল। বিবাহৰ পাছতো এখন পৰিপাটি সংসাৰ। বিবাহৰ পাঁচ বছৰ পাছতেই তেওঁলোকৰ মাজলৈ আহিছিল প্ৰথমটো সন্তান। প্ৰথম সন্তান ৰাধ্যাৰ জন্মৰ দুবছৰৰ পাছত তেওঁলোকৰ সংসাৰলৈ আহে দ্বিতীয় সন্তান মীৰা। দুই কন্যাক লৈ খুবেই ব্যস্তময় জীৱন ইশাৰ।
দ্বিতীয় সন্তান মীৰাৰ জন্মৰ পাছতেই ইশা আৰু ভৰতৰ মাজত দূৰত্ব আহিবলৈ ধৰে। নিজৰ সম্পৰ্কৰ সকলো সমীকৰণ কিন্তু কোনো এজনেই খুলি কোৱা নাই। বিগত বৰ্ষৰ পৰা পৃথকে পৃথকে আছে ইশা আৰু ভৰত। তেতিয়াৰে পৰাই দুয়োৰে বিচ্ছেদৰ খবৰ ভাইৰেল হৈ আছে। এই ভাইৰেল চৰ্চাক প্ৰায় মিছা প্ৰমাণ কৰিবলৈ গৈ ইশাই কৈছিল ভৰতে তেওঁলোকৰ সন্তানদ্বয়ৰ খবৰ ভালকৈয়ে ৰাখে। ভৰতৰ বাবে সকলোতকৈ আগত পৰিয়াল বুলিও ইশাই ইণ্টাৰভিউত উল্লেখ কৰিছিল। ইশাই কৈছিল, ‘ভৰতে পৰিয়ালৰ সকলোকে ভীষণ ভালপায়। সকলোকে তেওঁ সামৰি ৰাখে। তেওঁৰ দৰে সাংসৰিক মানুহ খুব কমেই আছে।’ অন্যহাতে ভৰতে কৈছিল, ‘তাৰকা বুলি নহয়, ইশাক মই বিয়া কৰাইছো তাইক মই ভালপাই পেলাইছিলো বাবে। ইশাৰ খ্যাতিত মই গৌৰৱাম্বিত। কিন্তু মই ইশাক ভালপোৱাৰ কাৰণ তাইৰ খ্যাতি নহয়।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ