অসম লাইভ২৪ঃ থিয়েটাৰ সূৰ্যৰ মঞ্চতে সেইদিনা তেওঁ ঢলি পৰিছিল৷ সেইদিনা মঞ্চস্ত হৈছিল, ‘মই সেন্দুৰ নলওঁ’ শীৰ্ষক নাটক৷ নাটখন শেষ কৰি হোটেললৈ যাবলৈ লওঁতেই নিজা বাহনতেই ঢলি পৰিছিল অভিনেতা প্ৰাণজিৎ দাস৷ ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় অভিনেতাগৰাকীক৷ চিকিৎসকে জনাইছিল যে ব্যক্তিগৰাকী ব্ৰেইন ষ্ট্ৰ’কত আক্ৰান্ত হৈছিল৷
গুৱাহাটী মেট্ৰ হাস্পতালত ভৰ্তি হৈ থকা প্ৰাণজিৎ দাস আৰু উভতি নাহিল৷ ২২ জানুৱাৰীৰ পুৱাতেই আহিল দুঃখবৰটো৷ প্ৰাণজিৎ দাস আৰু নাই৷ দেওবাৰে পুৱা ১০.০৪ মিনিটত হাস্পতালতেই শেষ নিশ্বাস ত্যাগ কৰিছে অভিনেতা প্ৰাণজিৎ দাসে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ