মনোৰঞ্জন জগতত শোকৰ ছাঁ। জনপ্ৰিয় অভিনেত্ৰী কেলি হাটলৰ পথ দুৰ্ঘটনাত মৃত্যু হয়। মৃত্যুৰ সময়ত অভিনেত্ৰীগৰাকীৰ বয়স আছিল মাত্ৰ ১৮ বছৰ। এই ঘটনাৰ পিছতে সাংস্কৃতিক জগতত শোকৰ ছাঁ পৰিছে। ‘গডজিলা বনাম কং’ আৰু ‘গডজিলা এক্স কং: দ্য নিউ এম্পায়াৰ’ ছবিত জিয়াৰ চৰিত্ৰত অভিনয় কৰিছিল কেলি হাটল।
২০২১ চনৰ ছবি ‘গডজিলা এক্স কং: দ্য নিউ এম্পায়াৰ’ত জিয়াৰ চৰিত্ৰত অভিনয় কৰিছিল কেলি হটলে। জিয়া আছিল এগৰাকী মূক-বধিৰ অনাথ ছোৱালী, যাৰ লগত ‘কিং কং’ৰ বিশেষ সম্পৰ্ক দেখুওৱা হৈছিল। ইয়াৰ পিছত ২০২৪ চনৰ ‘গডজিলা এক্স কং: দ্য নিউ এম্পায়াৰ’ ছবিখনতো একে চৰিত্ৰত অভিনয় কৰে।

এই ছবিখনত তেওঁৰ অসাধাৰণ অভিনয়ৰ বাবে তেওঁ ‘Saturn Awards’ত ‘এজন যুৱ অভিনেতাৰ শ্ৰেষ্ঠ অভিনয়’ৰ শাখাৰ বাবে মনোনীত হৈছিল। ২০২১ চনত দিয়া এক সাক্ষাৎকাৰত কেলিয়ে কয় যে সংলাপ মুখস্থ কৰাটো তেওঁৰ বাবে কঠিন নাছিল যদিও সংলাপসমূহ আমেৰিকান সাংকেতিক ভাষাৰ লগত খাপ খুৱাই লোৱাটো অতি প্ৰত্যাহ্বানজনক আছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ














