অসম লাইভ২৪ঃ আকৌ এটা কোম্পানী অধিগ্ৰহণ কৰিবলৈ আগবাঢ়িছে আদানীয়ে৷ এবাৰ দেওলীয়া হোৱা এটা কোম্পানী ক্ৰয় কৰিব আদানীয়ে৷ সূত্ৰৰ খবৰ অনুসৰি Adani Goodhomes Pvt য়ে Radius Estates and Developers Pvt কোম্পানীটো অচিৰেই অধিগ্ৰহণ কৰিব৷
৯৮% ৰেহাইত বিশেষ কোম্পানীটো অধিগ্ৰহণ কৰিবলৈ আগবাঢ়িছে আদানী৷ দেউলীয়া হোৱা কোম্পানীটোৰ গৰাকীয়ে যিমান পৰিমানৰ ধন কোম্পানীটোৰ বাবদ বিচাৰিছিল সেই ধন দিয়াত মান্তি নহ’ল আদানী৷ কোম্পানীটোৰ মালিকে আদানীক কোম্পানীটোৰ বাবদ ১৬৫৮ কোটি ধন আৰু কৰ্মাচাৰীসকলৰ বাবে ১৫২ লাখ ধন বিচাৰিছিল৷
কিন্তু আদানী গোষ্ঠীয়ে কোম্পানীটোৰ গৰাকীক ৩১৯৭ লাখ টকাহে দিয়াৰ প্ৰস্তাৱ আগবঢ়াইছে৷ বৰ্তমানলৈ আদানীৰ সংস্থাৰ পৰা এই বিষয়ে কোনো বিবৃতি প্ৰকাশ পোৱা নাই যদিও অচিৰেই আদানীয়ে এই বিশেষ কোম্পানীটোৰ মালিকীস্বত্ব গ্ৰহণ কৰিব বুলি সমগ্ৰতে ভাইৰেল হোৱা পৰিলক্ষিত হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ