ডেকা কালতে দেখা দিয়া পকা চুলিৰ সমস্যা যেন এক মূৰৰ কামোৰণি। বৰ্তমান সময়ত বিভিন্ন কাৰণত কম বয়সতে মানুহৰ চুলি পকিবলৈ লয়। পকা চুলিবোৰ ক’লা কৰিবলৈ বহুতে বিভিন্ন ধৰণৰ ৰং ব্যৱহাৰ কৰে। আন বহুতে চুলি ক’লা কৰিবলৈ ভিন ভিন ঘৰুৱা উপায়ো অৱলম্বন কৰা দেখা যায়। সাধাৰণতে বহু লোকে পকা চুলি ক’লা কৰিবলৈ জেতুকা ব্যৱহাৰ কৰে যদিও ই দীৰ্ঘদিনলৈ চুলি ক’লা কৰি ৰাখিবলৈ সক্ষম নহয়। দীৰ্ঘ সময়লৈ চুলি ক’লা কৰি ৰাখিবলৈ জেতুকাৰ লগত কেইবিধমান বস্তু মিহলাই ল’লে সুফল পোৱা যায়।
কণীৰ বগা অংশ
চুলিত সঠিক মাত্ৰাত প্ৰ’টিন পাবলৈ হ’লে জেতুকাৰ লগত কণীৰ বগা অংশ মিহলাই ল’ব পাৰে। ইয়াৰ দ্বাৰা চুলি চিকমিকিয়া হোৱাৰ লগতে চুলি ঘন হয় আৰু চুলিৰ গুৰি মজবুত হয়।
আমলখি
আমলখিক চুলিৰ বাবে এক মহৌষধ বুলি গণ্য কৰা হয়। আমলখিয়ে চুলিক কেৱল প্ৰাকৃতিকভাৱে ক’লা কৰি ৰখাই নহয়, ই চুলিক ঘন আৰু শক্তিশালীও কৰি ৰাখে। জেতুকাৰ লগত আমলখিৰ ৰস মিহলাই চুলিত লগালে চুলি বহুদিনলৈ ক’লা হৈ থাকে।
কফী
জেতুকাৰ লগত কফী মিহলাই লগালেও চুলি ক’লা কৰি ৰখাত সুফল পোৱা যায়। প্ৰাকৃতিকভাবে চুলি ক’লা কৰি ৰাখিব বিচৰা লোকসকলৰ বাবে এই মিশ্ৰণ উপযোগী।
নেমু
জেতুকাৰ লগত নেমুৰ ৰস মিহলাই চুলিত লগালে চুলি চিকমিকিয়া হয়। কিন্তু বেছি পৰিমানে নেমু ব্যৱহাৰ কৰিলে চুলি শুকাই যায়। সেয়েহে ইয়াক সঠিক মাত্ৰাত মিশ্ৰিত কৰা অতি দৰকাৰ।
(ওপৰোক্ত প্ৰতিকাৰসমূহ তথ্য আহৰিত)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ