অসম লাইভ ২৪ ডিজিটেল ডেস্কঃ বিগত বিধনসভা নির্বাচনৰ বিফলতাৰ বাবে দিল্লী বিজেপিৰ সভাপতি মনোজ তিৱাৰী পদৰ পৰা আঁতৰিল৷ আদেশ কুমাৰ গুপ্তা হ’ব দিল্লী বিজেপিৰ নতুন সভাপতি, সদৰী কৰে বিজেপিয়ে৷ আদেশ গুপ্তা আছিল উত্তৰ দিল্লী মিউনিচিপাল কর্প’ৰেচনৰ প্ৰাক্তন মেয়ৰ৷ মনোজ তিৱাৰীয়ে দিল্লী বিজেপিৰ সভাপতিৰ আসনত বহিছিল ২০১৬ত৷ দিল্লী বিধানসভাৰ শেহতীয়া নির্বাচনত ‘আম আদমী পার্টী’ৰ হাতত শোচনীয়ভাৱে পৰাজিত হৈছিল বিজেপি৷ তাৰ পাছতেই পদৰ পৰা অব্যাহতি বিচাৰি শীর্ষ নেতৃত্বক আবেদন জনাইছিল তিৱাৰীয়ে৷ কিন্তু বিকল্প সাজু নোহোৱালৈ পদত বাহাল থাকিবলৈ নির্দেশ দিয়া হৈছিল তিৱাৰীক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ