অসম লাইভ২৪ঃ সূৰ্যৰ পথত ধাপে ধাপে আগুৱাইছে সৌৰযান আদিত্য এল-১৷ ইতিমধ্যেই পৃথিৱীৰ চতুৰ্থ কক্ষপথত ভৰি থৈছে আদিত্য এল-১য়ে৷ গন্তব্যৰ দিশে আগুৱাই যাওঁতে নিজৰ লক্ষ্যত অবিচল আদিত্য এল-১৷ ইতিমধ্যে পৰীক্ষা-নিৰীক্ষাৰ কাম আৰম্ভ কৰিছে ইছৰোৰ এই সূৰ্য অভিমুখে যাত্ৰা কৰা মহাকাশযানখনে৷ সোমবাৰে ইছৰোৰ এক্স হেণ্ডেলত ঘোষণা কৰা অনুসৰি বৈজ্ঞানিক তথ্য সংগ্ৰহ কৰা আৰম্ভ কৰিছে আদিত্য এল-১৷ STEPS যন্ত্ৰৰ সহায়ত চেঞ্চৰসমূহে পৃথিৱীৰ পৰা ৫০,০০০ কিঃমিঃ বেছি দূৰত্বত ছুপাৰ থাৰ্মেল আৰু শক্তিশালী আয়ন ইলেক্ট্ৰনৰ পৰিমাপ লোৱা আৰম্ভ কৰিছে৷
পৃথিৱীৰ চাৰিওফালৰ কণাৰ আচৰণ বিশ্লেষণত বিজ্ঞানীসকলক সহায় কৰিছে এই তথ্যই৷ ইছৰোৰ তৰফৰ পৰা পূৰ্বে জনোৱা অনুসৰি মৰিশা, বাংগালুৰু আৰু পৰ্ট ব্লেয়াৰত ইছৰোৰ গ্ৰাউণ্ড ষ্টেছনৰ পৰা আদিত্য এল-১ক পৰ্যবেক্ষণ কৰিছে বিজ্ঞানীয়ে৷ ইয়াৰোপৰি শেহতীয়াকৈ আৰু এটা কক্ষপথ সলনি কৰিছে সূৰ্যযান আদিত্য এল-১য়ে৷ বৰ্তমান পৃথিৱীৰ কক্ষপথতেই আছে যানখন৷
৩, ৫ আৰু ১০ ছেপ্টেম্বৰত কক্ষপথ সলনি কৰিছে যানখনে৷ কক্ষপথ পৰিবৰ্তনৰ পৰবৰ্তি প্ৰক্ৰিয়া অহা ১৮ ছেপ্টেম্বৰত নিশা ২ বজাত কক্ষপথ সলনি কৰিব যানখনে৷ আদিত্য এল-১ মিছনৰ এল১ পয়েণ্ট হৈছে লেগৰেঞ্জ পয়েণ্ট৷ পৃথিৱী আৰু সূৰ্যৰ মাজত এই পয়েণ্ট৷ এই পয়েণ্টত পৃথিৱী আৰু সূৰ্যৰ মধ্যাকৰ্ষণ শক্তিৰ ভাৰসাম্য থাকে৷ এই অৱস্থানত যানখন স্থিৰ হৈ থাকিব৷ এই পয়েণ্টটোত ৰৈ নিৰৱচ্ছিন্নভাৱে সূৰ্যক চাই থকাটো সম্ভৱ৷ এই লেগৰেঞ্জ পয়েণ্টত পৃথিৱীৰ মধ্যাকৰ্ষণ আৰু সূৰ্যৰ আকৰ্ষণ শক্তিয়ে সমানেই ক্ৰিয়া কৰি থাকে৷ ফলত যানখন সূৰ্যৰ ফালে আগুৱাই যাবও নোৱাৰে আৰু পৃথিৱীৰ দিশে পিছুৱাইয়ো আহিব নোৱাৰে৷ সূৰ্যৰ পৰা নিৰ্গত অগ্নিশিখাসমূহেও যানখনৰ ক্ষতি কৰিব নোৱাৰে৷ সেই স্থানৰ পৰা সূৰ্যৰ ছবিও তুলিব পাৰিব যানখনে৷ সূৰ্যৰ কৰোনাৰ খবৰ তাৰ পৰাই পৃথিৱীক পঠিয়াই থাকিব যানখনে৷ আদিত্য এল-১ত মুঠ ৭টা পোলেড আছে৷ এইসমূহৰ বিশেষ কামেই হৈছে সূৰ্যৰ বিভিন্ন স্তৰ পৰ্যবেক্ষণ কৰা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ