অসম লাইভ২৪ঃ ১১ বাজি ৫০ মিনিটত সূৰ্যত গৱেষণা চলাবলৈ যাত্ৰা কৰিছে আদিত্য এল-১। শনিবাৰে আৰু এটা ঐতিহাসিক মাহেন্দ্ৰক্ষণৰ সাক্ষী হ’ল দেশবাসী। সূৰ্যৰ ওপৰত গৱেষণা চলাবলৈ ভাৰতীয় মহাকাশ সংস্থা ইছৰোৱে প্ৰেৰণ কৰিছে আদিত্য এল-১। ভাৰতীয় ৰকেট ‘পোলাৰ ছেটেলাইট লঞ্চ ভেহিকল(পিএছএলভি) ৰকেটত উঠি সূৰ্যত গৱেষণা চলাবলৈ যাত্ৰা কৰিছে মহাকাশযান আদিত্য এল-১য়ে।
আদিত্য এল-১ উৎক্ষেপনৰ লাইভ ষ্ট্ৰিমিং চোৱাৰ সুবিধা কৰি দিছে ইছৰোৰ তৰফৰ পৰা। বিগত ২৩ আগষ্টত চন্দ্ৰৰ বুকুত ভৰি দিছে ইছৰোৰ তৃতীয়খন চন্দ্ৰযানে। ৰোভাৰ প্ৰজ্ঞানক লৈ ২৩ তাৰিখে সন্ধিয়া ৬ বাজি ৪ মিনিটত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিছে লেণ্ডাৰ বিক্ৰমে। এই সফল অভিযানৰ ১০ দিন পাছতেই সূৰ্যৰ অভিমুখে যান পঠিয়ালে ইছৰোৱে। আদিত্য এল-১ ভাৰতৰ পৰা সূৰ্যলৈ পঠিওৱা প্ৰথমখন মহাকাশযান। সূৰ্যৰ আন এক নাম আদিত্য। সেয়ে এই নামেৰেই নামকৰণ কৰা হৈছে যানখনক। ইছৰোৱে জনোৱা অনুসৰি মহাকাশযানখনে সূৰ্য-পৃথিৱীৰ মাজত এটা হেলো কক্ষপথৰ লেগৰেঞ্জ পয়েণ্টত ৰৈ সূৰ্যৰ ওপৰত গৱেষণা চলাব। পৃথিৱীৰ পৰা ১৫ লক্ষ কিঃমিঃ দূৰত্ব অতিক্ৰম কৰি সেই স্থানত উপনীত হ’ব মহাকাশযানখন। মহাকাশযানখন সেই স্থানত উপস্থিত হ’বলৈ সময় লাগিব প্ৰায় ১২০ দিন। সূৰ্যৰ বায়ুমণ্ডলৰ সৈতে সম্পৰ্কিত বিভিন্ন তথ্য সংগ্ৰহ কৰি আদিত্য এল-১ য়ে ইছৰোলৈ পঠিয়াব।
ইছৰোৰ এক সূত্ৰৰ খবৰ অনুসৰি উৎক্ষেপণৰ প্ৰায় ১৬ দিন পৃথিৱীৰ কক্ষপথতেই থাকিব আদিত্য এল-১। এই ১৬ দিনত সূৰ্যৰ দিশেৰে ৫টা ঢাপ পাৰ হ’বলৈ গতিবেগ বঢ়াব আদিত্যই। ইয়াৰ পাছতেই ১১০ দিন সূৰ্য অভিমূখে যাত্ৰা কৰি এটা নিৰ্দিষ্ট দূৰত্বত ৰৈ নক্ষত্ৰটোক পৰ্যবেক্ষণ কৰিব যানখনে। সেই লেগৰেঞ্জ পয়েণ্টত সূৰ্য আৰু পৃথিৱীৰ আকৰ্ষণ আৰু বিকৰ্ষণ বলে একেলগে ক্ৰিয়া কৰি থাকে। ফলত এই অঞ্চলত কৃত্ৰিম উপগ্ৰহটো স্থিৰ হৈ থাকে। মহাকাশৰ পৰিবেশ, পৃথিৱীৰ ওপৰত সূৰ্যৰ কি প্ৰভাৱ এই সকলোবোৰ তথ্য জনাৰ চেষ্টা কৰিব আদিত্য এল-১য়ে। আদিত্য এল-১ যানখনত মুঠ সাতটা পেলোড আছে। এইসমূহে সূৰ্যৰ বিভিন্ন স্তৰৰ পৰ্যবেক্ষণৰ বাবে নিৰ্মাণ কৰা হৈছে।
ফটোস্ফিৰেৰ পৰা ক্ৰমস্ফিয়েৰ কিম্বা সূৰ্যৰ একেবাৰে বাহিৰৰ স্তৰত কোৰোণা, পৰ্যবেক্ষণ কৰিব এই পেলোডকেইটাই। ইয়াৰোপৰি সূৰ্যৰ উত্তাপ, সৌৰপদাৰ্থৰ নিঃসৰণ, সূৰ্যৰ পৰা ছিটিকি অহা অগ্নিশিখাৰ দৰে কেইবাটাও বিষয়ৰ ওপৰত বিজ্ঞানীয়ে পৰীক্ষা চলাব। ভিজিবল এমিছন লাইন কৰোনাগ্ৰাফী আৰু চলাৰ আল্ট্ৰাভায়োলেট ইমেজিং টেলিস্কোপ নামৰ দুটা মূল পোলেড আছে। লেগৰেঞ্জ পয়েণ্টত উপস্থিত হৈয়েই এই ভিএলচি পোলেডে প্ৰতি দিনেই ১৪৪০ খনকৈ ছবি তুলি পঠিয়াব। এই পোলেডকেইটাই আদিত্য এল-১ৰ অন্যতম গুৰুত্বপূৰ্ণ পোলেড বুলি দাবী কৰিছে বিজ্ঞানীয়ে। এি ছেটেলাইটত থকা অন্য পোলেডসমূহ হৈছে চ’লাৰ লো এনাৰ্জী এক্স-ৰে স্পেক্টোমিটাৰ, হাই এনাৰ্জী এল-১ অৰবিটিং এক্স ৰে স্পেক্ট্ৰোমিটাৰ, আদিত্য চলাৰ উইণ্ড পাৰ্টিকল এক্সপেৰিমেণ্ট আৰু প্লাজমা এনালাইজাৰ পেকেজ ফৰ আদিত্য। উল্লেখ্য যে এইবাৰ ভাৰতে পঠিওৱা চন্দ্ৰযান-৩টো চাৰিটাকৈ পোলেড আছিল। আদিত্য এল-১ উৎক্ষেপনৰ বাবে ইছৰোৰ খৰচ হৈছে ৩৭৮.৫৩ কোটি টকা। এই অভিযান সফল হ’লে সূৰ্যৰ অগ্নিশিখা সম্পৰ্কে উচ্চ মানৰ গৱেষণা চলাবলৈ সক্ষম হ’ব ভাৰতে। এই অভিযানৰ মাধ্যমেৰে সূৰ্য সম্পৰ্কীয় বহু তথ্য ভাৰতে লাভ কৰিবলৈ সক্ষম হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ