• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সুৰুযমুখী স্বপ্ন! চন্দ্ৰত নমাৰ ১০ দিন পাছতেই সৌৰ অভিযান ইছৰোৰ, ইছৰোৱে জনালে এই অভিযানৰ সবিশেষ তথ্য

সুৰুযমুখী স্বপ্ন! চন্দ্ৰত নমাৰ ১০ দিন পাছতেই সৌৰ অভিযান ইছৰোৰ, ইছৰোৱে জনালে এই অভিযানৰ সবিশেষ তথ্য

3 years ago
পুনৰ ভুমিকম্প! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৫.৯,  আহত ২৩ গৰাকী

পুনৰ ভুমিকম্প! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৫.৯, আহত ২৩ গৰাকী

12 minutes ago
আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!

আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!

12 hours ago
সংকটৰ সময়ত Emergency fund আহিব কামত, সৰু সৰু প্ৰয়োজনৰ বাবে নকৰিব শেষ

সংকটৰ সময়ত Emergency fund আহিব কামত, সৰু সৰু প্ৰয়োজনৰ বাবে নকৰিব শেষ

13 hours ago
বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণে সলাব ভাগ্য! জানক নক্ষত্ৰৰ সংযোগ

বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণে সলাব ভাগ্য! জানক নক্ষত্ৰৰ সংযোগ

13 hours ago
যোৰাবাটৰ প্ৰতিবাদ অন্ত! অসমলৈ আহিব পাৰিব মেঘালয়ৰ গাড়ী, নাথাকে বাধা

যোৰাবাটৰ প্ৰতিবাদ অন্ত! অসমলৈ আহিব পাৰিব মেঘালয়ৰ গাড়ী, নাথাকে বাধা

14 hours ago
KYC আপডেট নকৰিলে ব্লক হ’ব নেকি বেংক একাউণ্ট? RBI য়ে দিলে গুৰুত্বপূৰ্ণ আপডেট

KYC আপডেট নকৰিলে ব্লক হ’ব নেকি বেংক একাউণ্ট? RBI য়ে দিলে গুৰুত্বপূৰ্ণ আপডেট

15 hours ago
মন্দিৰলৈ গ’লে ভুলতো এইসময়ত নবজাব ঘণ্টা, কঢ়িয়াই আনিব দুখ-দুৰ্দশা!

মন্দিৰলৈ গ’লে ভুলতো এইসময়ত নবজাব ঘণ্টা, কঢ়িয়াই আনিব দুখ-দুৰ্দশা!

16 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

শীঘ্ৰে সলনি হ’ব ৩ ৰাশিৰ জীৱন, আছে ৰাজযোগৰ সম্ভাৱনা!

16 hours ago
পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য

পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য

17 hours ago
মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা

মাইগ্ৰেণ এটেকে শেষ কৰিব পাৰে জীৱন! আওকাণ নকৰিব এইবোৰ লক্ষণ

18 hours ago
আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা

অন্তিম তাৰিখৰ পূৰ্বে কৰক আধাৰ কাৰ্ডৰ এই কাম, UIDAI এ দিলে আপডেট

19 hours ago
পুনৰ মাতৃ হ’বলৈ সাজু নেকি কৰীনা? পোহৰলৈ আহিছে অদ্ভুদ কাণ্ড!

পুনৰ মাতৃ হ’বলৈ সাজু নেকি কৰীনা? পোহৰলৈ আহিছে অদ্ভুদ কাণ্ড!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

সুৰুযমুখী স্বপ্ন! চন্দ্ৰত নমাৰ ১০ দিন পাছতেই সৌৰ অভিযান ইছৰোৰ, ইছৰোৱে জনালে এই অভিযানৰ সবিশেষ তথ্য

editor by editor
September 2, 2023
in প্ৰযুক্তি, বিজ্ঞান, বিবিধ, ভাৰত, লেখা
0
সুৰুযমুখী স্বপ্ন! চন্দ্ৰত নমাৰ ১০ দিন পাছতেই সৌৰ অভিযান ইছৰোৰ, ইছৰোৱে জনালে এই অভিযানৰ সবিশেষ তথ্য
0
SHARES
486
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ১১ বাজি ৫০ মিনিটত সূৰ্যত গৱেষণা চলাবলৈ যাত্ৰা কৰিছে আদিত্য এল-১। শনিবাৰে আৰু এটা ঐতিহাসিক মাহেন্দ্ৰক্ষণৰ সাক্ষী হ’ল দেশবাসী। সূৰ্যৰ ওপৰত গৱেষণা চলাবলৈ ভাৰতীয় মহাকাশ সংস্থা ইছৰোৱে প্ৰেৰণ কৰিছে আদিত্য এল-১। ভাৰতীয় ৰকেট ‘পোলাৰ ছেটেলাইট লঞ্চ ভেহিকল(পিএছএলভি) ৰকেটত উঠি সূৰ্যত গৱেষণা চলাবলৈ যাত্ৰা কৰিছে মহাকাশযান আদিত্য এল-১য়ে।

আদিত্য এল-১ উৎক্ষেপনৰ লাইভ ষ্ট্ৰিমিং চোৱাৰ সুবিধা কৰি দিছে ইছৰোৰ তৰফৰ পৰা। বিগত ২৩ আগষ্টত চন্দ্ৰৰ বুকুত ভৰি দিছে ইছৰোৰ তৃতীয়খন চন্দ্ৰযানে। ৰোভাৰ প্ৰজ্ঞানক লৈ ২৩ তাৰিখে সন্ধিয়া ৬ বাজি ৪ মিনিটত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিছে লেণ্ডাৰ বিক্ৰমে। এই সফল অভিযানৰ ১০ দিন পাছতেই সূৰ্যৰ অভিমুখে যান পঠিয়ালে ইছৰোৱে। আদিত্য এল-১ ভাৰতৰ পৰা সূৰ্যলৈ পঠিওৱা প্ৰথমখন মহাকাশযান। সূৰ্যৰ আন এক নাম আদিত্য। সেয়ে এই নামেৰেই নামকৰণ কৰা হৈছে যানখনক। ইছৰোৱে জনোৱা অনুসৰি মহাকাশযানখনে সূৰ্য-পৃথিৱীৰ মাজত এটা হেলো কক্ষপথৰ লেগৰেঞ্জ পয়েণ্টত ৰৈ সূৰ্যৰ ওপৰত গৱেষণা চলাব। পৃথিৱীৰ পৰা ১৫ লক্ষ কিঃমিঃ দূৰত্ব অতিক্ৰম কৰি সেই স্থানত উপনীত হ’ব মহাকাশযানখন। মহাকাশযানখন সেই স্থানত উপস্থিত হ’বলৈ সময় লাগিব প্ৰায় ১২০ দিন। সূৰ্যৰ বায়ুমণ্ডলৰ সৈতে সম্পৰ্কিত বিভিন্ন তথ্য সংগ্ৰহ কৰি আদিত্য এল-১ য়ে ইছৰোলৈ পঠিয়াব।

ইছৰোৰ এক সূত্ৰৰ খবৰ অনুসৰি উৎক্ষেপণৰ প্ৰায় ১৬ দিন পৃথিৱীৰ কক্ষপথতেই থাকিব আদিত্য এল-১। এই ১৬ দিনত সূৰ্যৰ দিশেৰে ৫টা ঢাপ পাৰ হ’বলৈ গতিবেগ বঢ়াব আদিত্যই। ইয়াৰ পাছতেই ১১০ দিন সূৰ্য অভিমূখে যাত্ৰা কৰি এটা নিৰ্দিষ্ট দূৰত্বত ৰৈ নক্ষত্ৰটোক পৰ্যবেক্ষণ কৰিব যানখনে। সেই লেগৰেঞ্জ পয়েণ্টত সূৰ্য আৰু পৃথিৱীৰ আকৰ্ষণ আৰু বিকৰ্ষণ বলে একেলগে ক্ৰিয়া কৰি থাকে। ফলত এই অঞ্চলত কৃত্ৰিম উপগ্ৰহটো স্থিৰ হৈ থাকে। মহাকাশৰ পৰিবেশ, পৃথিৱীৰ ওপৰত সূৰ্যৰ কি প্ৰভাৱ এই সকলোবোৰ তথ্য জনাৰ চেষ্টা কৰিব আদিত্য এল-১য়ে। আদিত্য এল-১ যানখনত মুঠ সাতটা পেলোড আছে। এইসমূহে সূৰ্যৰ বিভিন্ন স্তৰৰ পৰ্যবেক্ষণৰ বাবে নিৰ্মাণ কৰা হৈছে।

ফটোস্ফিৰেৰ পৰা ক্ৰমস্ফিয়েৰ কিম্বা সূৰ্যৰ একেবাৰে বাহিৰৰ স্তৰত কোৰোণা, পৰ্যবেক্ষণ কৰিব এই পেলোডকেইটাই। ইয়াৰোপৰি সূৰ্যৰ উত্তাপ, সৌৰপদাৰ্থৰ নিঃসৰণ, সূৰ্যৰ পৰা ছিটিকি অহা অগ্নিশিখাৰ দৰে কেইবাটাও বিষয়ৰ ওপৰত বিজ্ঞানীয়ে পৰীক্ষা চলাব। ভিজিবল এমিছন লাইন কৰোনাগ্ৰাফী আৰু চলাৰ আল্ট্ৰাভায়োলেট ইমেজিং টেলিস্কোপ নামৰ দুটা মূল পোলেড আছে। লেগৰেঞ্জ পয়েণ্টত উপস্থিত হৈয়েই এই ভিএলচি পোলেডে প্ৰতি দিনেই ১৪৪০ খনকৈ ছবি তুলি পঠিয়াব। এই পোলেডকেইটাই আদিত্য এল-১ৰ অন্যতম গুৰুত্বপূৰ্ণ পোলেড বুলি দাবী কৰিছে বিজ্ঞানীয়ে। এি ছেটেলাইটত থকা অন্য পোলেডসমূহ হৈছে চ’লাৰ লো এনাৰ্জী এক্স-ৰে স্পেক্টোমিটাৰ, হাই এনাৰ্জী এল-১ অৰবিটিং এক্স ৰে স্পেক্ট্ৰোমিটাৰ, আদিত্য চলাৰ উইণ্ড পাৰ্টিকল এক্সপেৰিমেণ্ট আৰু প্লাজমা এনালাইজাৰ পেকেজ ফৰ আদিত্য। উল্লেখ্য যে এইবাৰ ভাৰতে পঠিওৱা চন্দ্ৰযান-৩টো চাৰিটাকৈ পোলেড আছিল। আদিত্য এল-১ উৎক্ষেপনৰ বাবে ইছৰোৰ খৰচ হৈছে ৩৭৮.৫৩ কোটি টকা। এই অভিযান সফল হ’লে সূৰ্যৰ অগ্নিশিখা সম্পৰ্কে উচ্চ মানৰ গৱেষণা চলাবলৈ সক্ষম হ’ব ভাৰতে। এই অভিযানৰ মাধ্যমেৰে সূৰ্য সম্পৰ্কীয় বহু তথ্য ভাৰতে লাভ কৰিবলৈ সক্ষম হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুনৰ ভুমিকম্প! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৫.৯,  আহত ২৩ গৰাকী
বিশ্ব

পুনৰ ভুমিকম্প! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৫.৯, আহত ২৩ গৰাকী

August 23, 2026
আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!
অসম

আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!

August 22, 2026
সংকটৰ সময়ত Emergency fund আহিব কামত, সৰু সৰু প্ৰয়োজনৰ বাবে নকৰিব শেষ
বাণিজ্য

সংকটৰ সময়ত Emergency fund আহিব কামত, সৰু সৰু প্ৰয়োজনৰ বাবে নকৰিব শেষ

August 22, 2026
বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণে সলাব ভাগ্য! জানক নক্ষত্ৰৰ সংযোগ
জীৱনশৈলী

বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণে সলাব ভাগ্য! জানক নক্ষত্ৰৰ সংযোগ

August 22, 2026
Next Post
অগ্নিশিখাৰ ভয় কিমান দিনলৈ! বিজ্ঞানীয়ে সেই শিখাৰেই জুখিব গতিবেগ… আদিত্য এল-১ উৎক্ষেপণৰ পৰিকল্পনা এছ সোমনাথৰ নহয়, এই পৰিকল্পনা কৰা অন্যতম বিজ্ঞানীক সোঁৱৰিলে ইছৰোৰ কৰ্মকৰ্তাই

অগ্নিশিখাৰ ভয় কিমান দিনলৈ! বিজ্ঞানীয়ে সেই শিখাৰেই জুখিব গতিবেগ... আদিত্য এল-১ উৎক্ষেপণৰ পৰিকল্পনা এছ সোমনাথৰ নহয়, এই পৰিকল্পনা কৰা অন্যতম বিজ্ঞানীক সোঁৱৰিলে ইছৰোৰ কৰ্মকৰ্তাই

ভাৰতৰ সৈতে খেলত নমাৰ পূৰ্বে উদ্বিগ্ন পাক বলাৰ শ্বাহিন, কিয় উদ্বিগ্ন হৈছে ক্ৰিকেটাৰগৰাকী?

ভাৰতৰ সৈতে খেলত নমাৰ পূৰ্বে উদ্বিগ্ন পাক বলাৰ শ্বাহিন, কিয় উদ্বিগ্ন হৈছে ক্ৰিকেটাৰগৰাকী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.