অসম লাইভ২৪ঃ ১০০০ সংগী, ঘৰৰ পৰাই উদ্ধাৰ ৬৯ হাজাৰ গৰ্ভনিৰোধক ঔষধ। এয়া কোনো আণ্ডাৰৱৰ্ল্ড ডনৰ কাহিনী নহয়। এই কাহিনী স্বঘোষিত এজন ধৰ্মগুৰুৰ। হত্যা, ধৰ্ষণ, মহিলাসকলক যৌনদাসী কৰি ৰখা ইত্যাদি একাধিক অভিযোগ আছে এই ধৰ্মগুৰুৰ বিৰুদ্ধে। অপৰাধৰ সংখ্যা গণি শেষ কৰিব নোৱাৰা এই ধৰ্মগুৰুক অৱশেষত আদালতে ৮,৬৫৮ বছৰ কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে।
ধৰ্মগুৰু ৰামৰহিমৰ কীৰ্তিৰ কথা সকলোৱে জানে। সম্প্ৰতি ৰামৰহিমক চেৰ পেলাই চৰ্চাত আহিছে আন এজন ধৰ্মগুৰু। এই ধৰ্মগুৰু ভাৰতৰ নহয়। তুৰস্কৰ স্বঘোষিত এই ধৰ্মগুৰুৰ নাম আদনান ওক্তাৰ। বয়স ৬৬ বছৰ। যদিও ধৰ্মগুৰুজনৰ নাম আদনান ওক্তাৰ তথাপিও এই ধৰ্মগুৰু হাৰুণ ইয়াইয়া নামেৰেহে পৰিচিত। ধৰ্মগুৰুৰ নামেৰে কৰি অহা কাৰ্যকলাপৰ বাবে হাৰুণ আৰু ১৩ সহযোগীক ইস্তানবুলৰ ফৌজাদাৰী আদালতে ৮ বছৰৰো অধিক সময় কাৰাদণ্ডেৰে দণ্ডিত কৰিছে।
কোন এই স্বঘোষিত ধৰ্মগুৰু হাৰুণ?
ফাইন আৰ্টছ বিষয়ত পঢ়াশুনা কৰাৰ অন্তত ধৰ্মগুৰু হোৱাৰ মন মেলে হাৰুণে। ১৯৮০ চনত নিজকে ধৰ্মগুৰু বুলি আনুষ্ঠানিক ঘোষণা কৰে হাৰুণে। ধৰ্মগুৰু হিচাপে কাম কৰি থাকোতেই হাৰুণে ‘আদনানছিলাৰ’ নামৰ এটি সংগঠনো খোলে। পিছলৈ ১৯৯০ চনত ছায়েন্স ৰিছাৰ্জ ফাউণ্ডেছন খুলি মহিলাসকলৰ পোছাকক লৈ গৱেষণা আৰম্ভ কৰে। মহিলাসকলৰ বাবে আধুনিক তথা চুটি পোছাক তৈয়াৰ কৰা ব্যৱসায়ো আৰম্ভ কৰে। কম সময়ৰ ভিতৰতে বহু সা-সম্পদৰ গৰাকী হৈ পৰাত তুৰস্কৰ আৰক্ষী বিভাগে হাৰুণৰ ওপৰত গোপনে নজৰ ৰাখিবলৈ আৰম্ভ কৰে। আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহে যে হাৰুণে এই ব্যৱসায়সমূহৰ আঁৰত অসামাজিক কাৰ্যকলাপৰ এক বিশাল সাম্ৰাজ্য গঢ়ি তুলিছে।
কেনেকৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হাৰুণক?
আৰক্ষীয়ে এক দিঘলীয়া অনুসন্ধানৰ পাছত ২০১৬ চনত আদনানৰ ঘৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত তালাচি চলাই। কিন্তু তালাচিত কোনো তথ্যই লাভ নকৰিলে আৰক্ষীয়ে। পিছলৈ ২০১৭ চনত পুনৰ আৰক্ষীৰ বিশেষ দলে তালাচি চলাই। সেই তালাচিত কথামপি আৰক্ষীৰ হাতৰ পৰা ৰক্ষা পৰে ওক্তাৰ তথা হাৰুণ। কিন্তু আৰক্ষী পিছোৱাই নাহিল। তালাচি জাৰি ৰাখিল তুৰস্কৰ আৰক্ষীয়ে। তালাচিতেই আৰক্ষীয়ে হাৰুণৰ কাৰ্যালয় আৰু বাসগৃহৰ পৰা সন্দেহজনক তথ্য লাভ কৰে। তথ্যৰ ভিত্তিতেই ২০১৮ চনত হাৰুণ তথা ওক্তাৰক গ্ৰেপ্তাৰ কৰে তুৰস্কৰ আৰক্ষীয়ে।
কি কি গোচৰত গ্ৰেপ্তাৰ কৰে হাৰুণক?
আৰক্ষীয়ে প্ৰকাশ কৰা প্ৰতিবেদন মতে হাৰুণৰ বিৰুদ্ধে নাবালিকাক ধৰ্ষণ, প্ৰতাৰণা, ৰাজনৈতিক অস্থিৰতা সৃষ্টিক উদগনি জগোৱা আদি কেইবাটাও অভিযোগত গ্ৰেপ্তাৰ কৰে। ইপিনে সংগঠন চলোৱাৰ নামত ওক্তাৰে ১০০০ যুৱতীক বলপূৰ্বকভাৱে যৌনদাসী কৰি দৈনিক অত্যাচাৰো চলাই আহিছিল। এই যৌনদাসীসকলক পেটৰ সমস্যাৰ বাবে ঔষধ দিয়া বুলি বলপূৰ্বক গৰ্ভনিৰোধক ঔষধো খুৱাই আহিছিল। ওক্তাৰ তথা হাৰুণৰ বাসগৃহত চলোৱা তালাচিত ৬৯ হাজাৰ গৰ্ভনিৰোধক ঔষধ জব্দ কৰে আৰক্ষীয়ে। সকলো সময়তে হাৰুণৰ আশেপাশে বহুকেইগৰাকী সুন্দৰী আছিল এই সুন্দৰীসকলক হাৰুনে ঘৰত পোহা মেকুৰী বুলি মাতিছিল। এনেদৰে থকা কোনো সুন্দৰীয়ে যদি পলোৱাৰ চেষ্টা কৰে তেন্তে লগে লগেই হাৰুণে সেই সুন্দৰীৰ জীৱন নৰক কৰি তুলিছিল। যাৰ বাবে কোনোৱে পলাই যোৱাৰ চেষ্টাও কৰা নাছিল।
উল্লেখ্য্য যে অবৈধভাৱে সংগঠন চলোৱাষ শিক্ষা আৰু যৌন অধিকাৰ উলংঘন কৰা ব্যক্তিগত তথ্য চুৰ কৰা আদি কেইবাটাও অভিযোগত ২০২২ বৰ্ষৰ ১৭ নৱেম্বৰত ৮,৬৫৮ বছৰৰ কাৰাদণ্ড দিছে তুৰস্কৰ আদালতে। ওক্তাৰ তথা হাৰুণ এনেদৰে ইমান দিঘলীয়া সময়ৰ বাবে কাৰাদণ্ড লাভ কৰা তুৰস্ক দ্বিতীয় অপৰাধী। ইয়াৰ পুৰ্বে তুৰস্কৰ এটা অপৰাধীক ৯,৮৩০ বছৰৰ কাৰাদণ্ড বিহিছিল তুৰস্কৰ আদালতে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ