অসম লাইভ ২৪ঃ শ্ৰদ্ধা হত্যাকাণ্ডৰ তথ্য পোহৰলৈ অহাৰ কেইবাটাও দিন পাৰ হৈ গৈছে। এই হত্যাক লৈ বিভিন্ন ৰহস্যৰ কথাও চৰ্চা হৈছে। এই ৰহস্যৰ ওৰ পেলাবলৈকে শেহতীয়াভাৱে শ্ৰদ্ধাৰ হত্যাকাৰী প্ৰেমিক আফাতাবক কৰা হৈছিল পলিগ্ৰাফ টেষ্ট। একোজন হত্যাকাৰীক নাৰকো টেষ্ট বা পলিগ্ৰাফ টেষ্ট কৰাৰ নিৰ্দেশ আদালতে দিয়েই। শ্ৰদ্ধা হত্যাকাৰী আফতাবৰো পলিগ্ৰাফ টেষ্ট কৰিছে আৰক্ষীৰ বিশেষ তদন্তকাৰী সংস্থাই। কিন্তু এই নাৰ্কো টেষ্ট বা পলিগ্ৰাফ টেষ্ট কেনেকৈ কৰে?
Polygraph Test- কেনেকৈ কৰে?
দিল্লীৰ ফৰেনছিক লেবৰটৰীৰ বিশেষজ্ঞই প্ৰকাশ কৰা মতে একোজন অপৰাধীৰ নাৰ্কো টেষ্ট (Narco Test) কৰাৰ আগত শাৰীৰিক আৰু মানসিক স্থিতাৱস্থাৰ পৰীক্ষা কৰি লোৱা হয়। সেয়ে নাৰ্কো টেষ্ট কৰাৰ আগতে পলিগ্ৰাফ টেষ্ট কৰি লোৱা হয়। এই পৰীক্ষাত অভিযুক্তৰ হৃদস্পন্দন, ব্লাড প্ৰেছাৰ, মানসিক চাপ বহন কৰিব পৰা ক্ষমতা আদি জোখা হয়। যদি অপৰাধীয়ে কোনো প্ৰশ্নৰ সঠিক উত্তৰ নিদিয়ে বা মিছাকৈ দিয়ে তেন্তে সহজেই ধৰা পেলোৱাৰ উপায় থাকে এই পলিগ্ৰাফ টেষ্টত। কাৰ্ডিঅ’ কাফ, স্পৰ্শকাতৰ বৈদ্যুতিক কিছু তাঁৰ অভিযুক্তৰ শৰীৰত লগাই দিয়া হয়। এনেদৰে তাঁৰ সংযোগ কৰি থলে ব্যক্তিগৰাকীৰ ব্লাড প্ৰেছাৰ, পালছ আদি দেখুওৱাই থাকে। অভিযুক্তই সত্য কৈছেনে সেয়াও এটা মেচিনত ওলায় থাকে। তাতেই নম্বৰ অনুযায়ী ভুল আৰু শুদ্ধৰ মাত্ৰা ওলায় থাকে।
কেতিয়া প্ৰথম আৰম্ভ হৈছিল পলিগ্ৰাফ টেষ্ট?
৯০ৰ দশকত পোনতে আৰম্ভ হৈছিল পলিগ্ৰাফ টেষ্ট। ইটালিত প্ৰথম এই টেষ্ট আৰম্ভ হৈছিল। ইটালীৰ এজন অপৰাধ দমন শাখাৰ বিশেষজ্ঞক এই টেষ্ট পোনতে কৰা হৈছিল। এজন অভিযুক্তৰ শাৰীৰিক অৱস্থাৰ পৰিমাপ ল’ব পৰাটো সম্ভৱনে সেই পৰীক্ষাই কৰা হৈছিল। ইটালীৰ পিছত মাৰ্কিন যুক্তৰাজ্যতো মনোবিদ আৰু অপৰাধ দমন বিভাগেও এই টেষ্ট আৰম্ভ কৰে। তেতিয়াই এই কথা প্ৰমাণ হৈছিল যে ঠাণ্ডা মগজুৰ একোজন হত্যাকাৰীয়ে পলিগ্ৰাফ টেষ্টৰ সময়ত প্ৰায়েই উত্তীৰ্ণই হয়। বিশেষজ্ঞই প্ৰকাশ কৰা অনুযায়ী পলিগ্ৰাফ টেষ্ট আৰু নাৰ্কো টেষ্ট একে নহয়। পলিগ্ৰাফ টেষ্টত ১০০ শতাংশই সফল হোৱাৰ সম্ভাৱনা থাকে। কোনো অভিযুক্তৰ ওপৰত থাৰ্ড ডিৰ্গী দিয়া আদি নৃশংস উপায় অৱলম্বন কৰাতকৈ পলিগ্ৰাফ টেষ্টেই উপযুক্ত বুলি বিশেষজ্ঞই প্ৰকাশ কৰিছে।
উল্লেখ্য যে, একোজন অভিযুক্তৰ ক্ষেত্ৰত পলিগ্ৰাফ টেষ্টৰ ৰিজাল্টেই শেষ তথ্যপ্ৰমাণ নহয়। এই ক্ষেত্ৰত উদাহৰণ হিচাপে যদি আফতাব পুনুৱালাক ধৰা হয় তেন্তে আফতাবে এই পৰীক্ষাত যদি মিছা তথ্য দি বাছি যাব এনে নহয়। হত্যা কৰা অস্ত্ৰ, শ্ৰদ্ধাৰ শৰীৰৰ টুকুৰা আদিয়ে একোটা প্ৰমাণ এই হত্যাৰ। তেনেক্ষেত্ৰত পলিগ্ৰাফ টেষ্টৰ প্ৰমাণতকৈ এইসমূহক হে প্ৰকৃত প্ৰমাণ হিচাপে ধৰা হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ