এফালে সংসাৰৰ গুৰুদায়িত্ব আৰু অন্যফালে কাৰ্যালয়ৰ বোজা৷ সকলোমিলি এগৰাকী মহিলাই নিজক সময় দিবলৈ সুযোগেই নাপায়৷ ভোকৰ বাবে কেৱল পেটত খাদ্য পেলাই যায় সেয়া সুষম আহাৰ হওক বা নহওক সেই বিষয়ে জানিবলৈকো সময় নাথাকে বহু মহিলাৰ৷ বয়সে ৩০ পাৰ কৰিলেই নানান শাৰীৰিক সমস্যাত জৰ্জৰিত হৈ পৰে বহু নাৰী৷ চিকিৎসকৰ মতে, বয়স ৩০ পাৰ হওঁতেই খাদ্যতালিকাত বিশেষ নজৰ দিয়া প্ৰয়োজন৷ প্ৰটিন আছেনে নাই, শৰীৰে কিমান পৰিমাণে প্ৰটিন লাভ কৰিছে সেই দিশত নজৰ দিয়া খুবেই প্ৰয়োজন৷
সমীক্ষাই কৈছে, পুৰুষৰ তুলনাত কমপক্ষেও দিনত ১৩শতাংশ কম প্ৰটিনজাত খাদ্য খায়৷ তাৰ ফলত আমাৰ দেশৰ ৭০-৮০শতাংশ মহিলাই প্ৰটিনৰ অভাৱত ভোগে৷ স্বাভাৱিকভাৱেই পুৰুষৰ তুলনাত প্ৰটিনৰ ঘাটিত শাৰীৰিক সমস্যাও বেছি হয় মহিলাসকলৰ৷ কাৰণ প্ৰটিনেই আমাৰ শৰীৰৰ পেশীশক্তি, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত অত্যন্ত গুৰুত্বপূৰ্ণ৷ চিকিৎসকৰ মতে ৩০ৰ পৰা ৪০ বছৰ বয়সীয়া মহিলাই বেছি পৰিমাণে প্ৰটিনজাত খাদ্য খোৱাটো প্ৰয়োজন৷
কিয় এই বয়সত মহিলাই বেছি প্ৰটিনজাত খাদ্য খোৱাটো প্ৰয়োজন?
চিকিৎসকৰ মতে ৩০ৰ পৰা ৪০ বছৰ বয়সীয়া মহিলাৰ শৰীৰত নানান পৰিবৰ্তন আহে৷ ধীৰে ধীৰে মেনোপজৰ দিশত আগুৱাই তেওঁলোক৷ তাৰ ফলত শৰীৰত হৰমনৰ তাৰতম্য ঘটিবলৈ আৰম্ভ কৰে৷ মুড ছুইংয়ৰ দৰে সমস্যাও বাঢ়ি থাকে৷ কাৰণ কাৰোবাৰ তেজত শৰ্কৰাৰ মাত্ৰা বাঢ়িও থাকে৷ কিছুমানৰ আকৌ ভিটামিন ডি, ভিটামিন বিৰ ঘাটিও থাকে শৰীৰত৷ প্ৰটিনে এই সকলোবোৰৰ তাৰতম্যৰ সম্ভালি থাকে৷ সেয়ে চিকিৎসকৰ মতে ৩০ৰ পৰা ৪০ বছৰ বয়সীয়া মহিলাসকলে সকলোতকৈ বেছি প্ৰটিনজাত খাদ্য খোৱাটো প্ৰয়োজন৷
প্ৰটিনৰ অভাৱত কি কি সমস্যাই দেখা দিয়ে মহিলাৰ শৰীৰত?
- ওজন কমে৷
- পেশীৰ দুৰ্বলতা৷
- তেজত শৰ্কৰাৰ মাত্ৰা কমি যোৱা৷
- মিঠা খাদ্য খোৱাৰ ইচ্ছা বৃদ্ধি৷
- হৰমনৰ তাৰতম্য৷
- মাহিলী সমস্যা৷
কিমান পৰিমাণৰ প্ৰটিন খাদ্যতালিকাত থকাটো প্ৰয়োজন?
এগৰাকী মহিলাৰ ওজনৰ ওপৰত প্ৰটিনৰ মাত্ৰা স্থিৰ হয়৷ যেনে কিঃগ্ৰাঃ প্ৰতি ০.৮-১.২ গ্ৰাম প্ৰটিন থকা প্ৰয়োজন৷ কোনো মহিলাৰ ওজন যদি ৬০ কেজি হয় তেন্তে তেওঁ প্ৰতিদিনে খাদ্যতালিকাত ৭২-৯৬গ্ৰাম প্ৰটিন লোৱাটো প্ৰয়োজন৷ অৱহেলা নহয় নিজৰ স্বাস্থ্যৰ প্ৰতি নিজেই যত্ন ৰাখক৷ খাদ্যতালিকা কেৱল পেট ভৰাবৰ বাবেই নহয় সুষম খাদ্য খাইছেনে সেই কথাতো গুৰুত্ব ৰাখক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















