cockroach janta partyৰ দুমাহজোৰা আন্দোলনৰ সফলতাৰ পিছত এইবাৰ এটা নতুন সমস্যাক লৈ ছচিয়েল মিডিয়াত জন্মলাভ কৰিছে আন এটা ডিজেটেল অভিযান। সামাজিক মাধ্যমত গঢ় লৈ উঠা এই ডিজিটেল অভিযানটোৰ নাম হৈছে Reservation Hatao movement। এই জুলাইতে জন্ম দিয়া এই Reservation Hatao movement-এ ইতিমধ্যে ব্যাপক সঁহাৰি লাভ কৰিছে। Instagram, X আৰু অন্যান্য ডিজিটেল প্লেটফৰ্মতো সংৰক্ষণ হটাও আন্দোলনে দ্ৰুতগতিত জনপ্ৰিয়তা অৰ্জন কৰিছে। ইতিমধ্যে Instagramত Reservation Hatao movement-এ বাতৰি লিখা পৰলৈ ৪.৭ মিলিয়ন ফলোৱাৰ্ছ অতিক্ৰম কৰিছে। একেদৰে Xত ৭৬.৩ হাজাৰ ফলোৱাৰ্ছ অতিক্ৰম কৰিছে।
Reservation Hatao movementৰ দাবী কি?
Reservation Hatao movementৰ সমৰ্থকসকলে ভাৰতত প্ৰচলিত জাতিভিত্তিক সংৰক্ষণ (Caste-based Reservation) ব্যৱস্থাৰ পুনৰ মূল্যায়ন অথবা সম্পূৰ্ণ বিলুপ্তিৰ দাবী উত্থাপন কৰিছে। তেওঁলোকৰ মূল যুক্তি হৈছে—শিক্ষা, চৰকাৰী চাকৰি আৰু অন্যান্য সুযোগ-সুবিধা জাতিৰ পৰিবৰ্তে মেধা, দক্ষতা আৰু অৰ্থনৈতিক অৱস্থাৰ ভিত্তিত প্ৰদান কৰা উচিত। বহু সমৰ্থনকাৰীয়ে দাবী কৰিছে যে বৰ্তমানৰ সংৰক্ষণ ব্যৱস্থাই প্ৰতিযোগিতামূলক পৰীক্ষাত মেধাৰ যথোচিত মূল্যায়নত বাধাৰ সৃষ্টি কৰিছে।
কোনে আৰম্ভ কৰিছে এই অভিযান?
Reservation Hatao movement আৰম্ভ কৰা ব্যক্তিজনৰ পৰিচয় এই পৰ্যন্ত পোহৰলৈ অহা নাই। প্ৰথমে ইনষ্টাগ্ৰামত এটা একাউণ্ট খোলাৰ পিছতে X আৰু ফেচবুকতো একেই নামেৰে একাউণ্ট খোলা হয়। ইতিমধ্যে এই সন্দৰ্ভত অসংখ্য মীম ভাইৰেল হৈছে।
অৱশ্যে এই আন্দোলনৰ সমৰ্থনৰ সমান্তৰালভাৱে প্ৰবল বিৰোধিতাও দেখা গৈছে। বিৰোধিতা কৰাসকলে যুক্তি দিছে যে সংৰক্ষণ কোনো দয়া বা বিশেষ সুবিধা নহয়; ই ঐতিহাসিক সামাজিক বৈষম্য, বৰ্ণবৈষম্য আৰু শতাব্দীজুৰি চলি অহা বঞ্চনাৰ ক্ষতিপূৰণৰ বাবে ভাৰতীয় সংবিধানত প্ৰদান কৰা এক সাংবিধানিক ব্যৱস্থা। তেওঁলোকৰ মতে, এতিয়াও শিক্ষা, চাকৰি আৰু সামাজিক প্ৰতিনিধিত্বৰ ক্ষেত্ৰত বহু জনগোষ্ঠী সমান সুযোগ লাভ কৰা নাই। সেয়ে সংৰক্ষণ সম্পূৰ্ণ বাতিল কৰাৰ পৰিৱৰ্তে ইয়াৰ প্ৰভাৱ আৰু কাৰ্যকৰিতা উন্নত কৰাৰ ওপৰত গুৰুত্ব দিব লাগে। সামগ্ৰিকভাৱে, এই বিষয়টো ভাৰতীয় সমাজত সামাজিক ন্যায়, সমান সুযোগ, ঐতিহাসিক বৈষম্য আৰু মেধাভিত্তিক প্ৰতিযোগিতা—এই চাৰিটা মূল প্ৰশ্নক কেন্দ্ৰ কৰি চলি থকা এক জটিল আৰু সংবেদনশীল বিতৰ্ক, য’ত বিভিন্ন পক্ষৰ যুক্তি, অভিজ্ঞতা আৰু দৃষ্টিভংগী আছে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















