• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অনুশীলনৰ বাবে বিক্ৰী কৰিছিল জীৱিকাৰ একমাত্ৰ সম্বল ই-ৰিক্সা, আজি CWGত দেশৰ হৈ জিনিলে পদক

অনুশীলনৰ বাবে বিক্ৰী কৰিছিল জীৱিকাৰ একমাত্ৰ সম্বল ই-ৰিক্সা, আজি CWGত দেশৰ হৈ জিনিলে পদক

2 months ago
জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

1 hour ago
২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

2 hours ago
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

2 hours ago
পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

3 hours ago
এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

4 hours ago
বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

4 hours ago
এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

5 hours ago
পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

5 hours ago
ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

6 hours ago
বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

6 hours ago
কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

7 hours ago
জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

অনুশীলনৰ বাবে বিক্ৰী কৰিছিল জীৱিকাৰ একমাত্ৰ সম্বল ই-ৰিক্সা, আজি CWGত দেশৰ হৈ জিনিলে পদক

ছলমান খানৰ ‘দাবাং’ছবিয়ে দিছিল অনুপ্ৰেৰণা

editor by editor
July 27, 2026
in ক্ৰীড়া, বিনোদন, বিবিধ, ভাৰত
0
অনুশীলনৰ বাবে বিক্ৰী কৰিছিল জীৱিকাৰ একমাত্ৰ সম্বল ই-ৰিক্সা, আজি CWGত দেশৰ হৈ জিনিলে পদক
0
SHARES
81
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জীৱনে সন্মুখীন কৰোৱা কঠিনতকৈ কঠিন পৰীক্ষাতো হাৰি ভাগৰি নপৰাজনেই প্ৰকৃতাৰ্থত জীৱনযুঁজৰ আচল সৈনিক। যাক ইংৰাজীত ক’ব পাৰি the real Hero বুলি। জীৱনৰ কঠিন পৰিস্থিতিৰে মোকাবিলা কৰি সফলতাৰ উচ্চতম শিখৰত আৰোহণ কৰিবলৈ লাগে অদম্য মানসিক শক্তি, নিজৰ দেহৰ ঘামক সোণ কৰিব পৰা মানসিকতা, যিকোনো পৰিস্থিতিতে হাৰ নমনা মানসিকতা আৰু সঠিক সময়ত সঠিক সিদ্ধান্ত ল’ব পৰা ক্ষমতা। চলিত কমনৱেলথ গেমছত ভাৰতৰ হৈ প্ৰথমটো পদক লাভ কৰা ঝাণ্ডু কুমাৰৰ জীৱন পৰিক্ৰমা ইয়াৰ অন্যতম উদাহৰণ।

চলিত CWGত ভাৰতৰ হৈ প্ৰথমটো পদক

বিহাৰৰ ঝণ্ডু কুমাৰে গ্লাছগো অনুষ্ঠিত হৈ থকা কমনৱেলথ গেমছত ভাৰতৰ হৈ আনুষ্ঠানিকভাৱে প্ৰথমটো পদক দখল কৰি ইতিহাসত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে। পেৰা পাৱাৰলিফ্টিং শাখাত ঝণ্ডু কুমাৰে প্ৰথমে ১৮১ কিলোগ্ৰাম তাৰ পিছত ১৯০ কিলোগ্ৰাম সফলতাৰে উত্তোলন কৰে। অৱশ্যে তৃতীয় প্ৰচেষ্টাত ১৯৬ কিলোগ্ৰামৰ টাৰ্গেট লৈ ডাইচলৈ অহা ঝণ্ডু কুমাৰে ফাউল খেলি স্বৰ্ণৰ স্বপ্ন বুকুত লৈয়ে অভিযান সামৰিবলৈ বাধ্য হয়। স্বৰ্ণ জয় কৰিব নোৱাৰিলেও পেৰা পাৱাৰলিফ্টাৰজনৰ হাতলৈ আহে ব্ৰঞ্জৰ পদক। ইয়াৰ লগে লগে চলিত কমনৱেলথ গেমছত ভাৰতৰ হৈ আনুষ্ঠানিকভাৱে পদক দখল কৰা প্ৰথমজন খেলুৱৈত পৰিণত হয় ঝণ্ডু কুমাৰ। অৱশ্যে কমনৱেলথ গেমছ আৰম্ভ হোৱাৰ পূৰ্বেই অসম কন্যা লাভলীনাৰ বাবে ন্যূনতম ব্ৰঞ্জ হলেও নিশ্চিত হৈ আছে। কিয়নো গ্ৰুপ পৰ্যায়ত বক্সাৰগৰাকীয়ে বাই লাভ কৰি ইতিমধ্যে ছেমি ফাইনেললৈ উন্নীত হৈছে।

জীৱনৰ প্ৰতিটো খোজতেই আছিল সংগ্ৰাম

ঝাণ্ডু কুমাৰৰ শিশুকালৰ পৰাই জীৱনৰ প্ৰতিটো খোজেই যেন সংগ্ৰামৰ অন্য এটি নাম। ঝাণ্ডু কুমাৰ জীৱনটো অভাৱ-অনাটন, বঞ্চনা, ক্ষুধা, ত্যাগ আৰু অদম্য অধ্যৱসায়ৰ দীঘলীয়া ইতিহাস। বিহাৰৰ নালন্দা জিলাৰ হৰনৌতত জন্মগ্ৰহণ কৰা ঝাণ্ডু সৰুৰে পৰাই প’লিঅ’ত আক্ৰান্ত হৈছিল। বহুতে হয়তো সেই অৱস্থাত জীৱনৰ সপোনবোৰেই এৰি দিলেহেঁতেন, কিন্তু তেওঁ সহজেই হাৰি যোৱা ল’ৰা নাছিল। পিতৃয়ে শাক-পাচলি বিক্ৰী কৰি ডাঙৰ পৰিয়ালটো পোহ-পাল দিছিল। শিশুকালৰে পৰা ঝাণ্ডুৱেও পিতৃৰ সৈতে ট্ৰাইচাইকেল চলাই বিক্ৰী কৰিছিল শাক-পাচলি। দৰিদ্ৰতাৰ সৈতে যুঁজ দিয়াটো আছিল তেওঁৰ দৈনন্দিন জীৱনৰ অবিচ্ছেদ্য অংগ।

ছলমান খানৰ ‘দাবাং’ছবিয়ে দিছিল অনুপ্ৰেৰণা

এদিন ছলমান খান অভিনীত ‘দাবাং’ ছবিখন চাই ঝাণ্ডু কুমাৰৰ মনত কিবা এটা কৰাৰ সপোন এটাই বাহ লয়। ভৰি দুখন কাৰ্যক্ষম নহলেও ওপৰৰ সুঠাম দেহটোৰে কি কৰিব পাৰি তাকেই ভাবি অৱশেষত পেৰা পাৱাৰলিফ্টিঙৰ বিষয়ে কিছু জ্ঞান আহৰণ কৰিলে। সেই সময়ত ঝণ্ডুৱে পিতৃৰ শাক-পাচলি দোকানত সহায় কৰাৰ উপৰিও চলাইছিল ই-ৰিক্সা। ভবা মতেই কাম, ই-ৰিক্সা, শাক-পাচলি দোকানৰ সমান্তৰালভাৱে দৈনিক প্ৰয়োজনীয় অনুশীলন ঘৰুৱাভাৱেই কৰাৰ ব্যৱস্থা কৰিলে ঝাণ্ডু কুমাৰে। নিজৰ এটা মোবাইল ফোনো নথকা ঝাণ্ডু কুমাৰে বন্ধুৰ ফোনত ব্যায়ামৰ ভিডিঅবোৰ চাই ঘৰতে অনুশীলন আৰম্ভ কৰে। ব্যায়ামৰ বাবে প্ৰয়োজনীয় খাদ্যৰ অভাৱে প্ৰায়ে জুৰুলা কৰিলেও হাৰ মনা নাছিল ঝাণ্ডু কুমাৰে।

প্ৰশিক্ষকে প্ৰশিক্ষণৰ উপৰিও কৰিছিল আৰ্থিক সহায়

ঝাণ্ডু কুমাৰৰ অধ্যাৱসায় আৰু আগ্ৰহ দেখি এসময়ত ভাৰোত্তলনৰ প্ৰশিক্ষক গৌতম সিঙে তেওঁৰ জীৱনত পোহৰৰ কিৰণ হৈ আহে। ঝাণ্ডু কুমাৰক কেৱল প্ৰয়োজনীয় প্ৰশিক্ষণ দিয়াই নহয়, আৰ্থিকভাৱেও সহায় কৰে। কিন্তু ইয়াৰ পিছতো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ধনৰ অভাৱ শেষ নহ’ল। অৱশেষত জীৱন নিৰ্বাহৰ একমাত্ৰ সম্বল বন্ধুৰ পৰা ঋণ লৈ কিনা ই-ৰিক্সাখনকেই এদিন বিক্ৰী কৰিবলৈ বাধ্য হয় পেৰা পাৱাৰলিফ্টাৰগৰাকীয়ে। অৱশেষত অসীম কষ্ট, অধ্যাৱসায় আৰু একাগ্ৰতা দেখি ভাগ্যয়ো যেন এদিন সুপ্ৰসন্ন হ’ল তেওঁৰ প্ৰতি।যিজন ল’ৰাই এদিন বজাৰত শাক-পাচলি বিক্ৰী কৰিছিল, যিজন লৰাই ই-ৰিক্সা চলাই পেট প্ৰৱৰ্তাইছিল, যিজনে পুষ্টিকৰ খাদ্যৰ অভাৱত অনুশীলন কৰিছিল, সেইজনেই আজি কমনৱেলথ গেমছৰ পদকজয়ী ঝাণ্ডু কুমাৰ।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24commonwealth games
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ
জীৱনশৈলী

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

October 1, 2026
২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব
বাণিজ্য

২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

October 1, 2026
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?
ভাৰত

প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

October 1, 2026
পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ
ভাৰত

পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

October 1, 2026
Next Post
CJPৰ আন্দোলনৰ পিছতে প্ৰধানমন্ত্ৰী মোদীলৈ আহিল বেয়া খবৰ! জ্যোতিষ শাস্ত্ৰই কি কয়?

CJPৰ আন্দোলনৰ পিছতে প্ৰধানমন্ত্ৰী মোদীলৈ আহিল বেয়া খবৰ! জ্যোতিষ শাস্ত্ৰই কি কয়?

বৈভৱ সূৰ্যবংশীক ভি ভি এছ লক্ষ্মণৰ কঠোৰ সতৰ্কবাণী!

বৈভৱ সূৰ্যবংশীক ভি ভি এছ লক্ষ্মণৰ কঠোৰ সতৰ্কবাণী!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.