জিম্বাবুৱেৰ বিৰুদ্ধে T20 ছিৰিজত প্ৰশংসনীয় প্ৰদৰ্শনৰ বাবে বৈভৱ সূৰ্য্যবংশীয়ে প্লেয়াৰ অব দ্য ছিৰিজৰ সন্মান লাভ কৰে। আকৰ্ষণীয় প্ৰদৰ্শনৰ পিছতো বৈভৱ সূৰ্যবংশীক মুখ্য প্ৰশিক্ষক ভি ভি এছ লক্ষ্মণে কঠোৰ সতৰ্কবাণী দিয়ে। শৃংখলা সমাপ্ত হোৱাৰ পিছত লক্ষ্মণে সূৰ্যবংশীক অতিশয় প্ৰশংসা কৰে যদিও খেলুৱৈগৰাকীয়ে নিজৰ ফিটনেছৰ ওপৰত কাম কৰাটো নিত্যান্তই প্ৰয়োজন বুলিও উল্লেখ কৰে। লক্ষ্মণৰ মতে, টিম ইণ্ডিয়াই বিচাৰে সূৰ্যবংশীয়ে যিকোনো মূল্যৰ বিনিময়ত নিজৰ ফিটনেছৰ ওপৰত কাম কৰক।
বৈভৱ সূৰ্যবংশীক কি ক’লে ভি ভি এছ লক্ষ্মণে?
জিম্বাবুৱেৰ বিৰুদ্ধে ক্লিন ছুইপ কৰাৰ পিছত ভি ভি এছ লক্ষ্মণে কয়, “বৈভৱৰ পাৰদৰ্শিতাৰ বিষয়ে নতুনকৈ ক’বলগীয়া একোৱেই নাই। কিন্তু সূৰ্যবংশীয়ে এটা ক্ষেত্ৰত আৰু অধিক মনযোগ দিয়াটো আমি বিচাৰো, সেয়া হৈছে তেওঁৰ ফিটনেছ। তেওঁ এতিয়াও সৰু হৈয়ে আছে। তেওঁ খেলৰ প্ৰতিটো দিশতে উন্নতি কৰিব বিচাৰে। যেতিয়া বৈভৱে ফিল্ডিঙৰ সময়ত আঘাতপ্ৰাপ্ত হৈছিল, তেতিয়াও তেওঁ খেলপথাৰতে থাকিব বিচাৰিছিল যদিও আমাৰ ফিজিঅ’ই তেওঁক সেই অনুমতি নিদিলে। ইয়াৰ মুখ্য কাৰণ হৈছে বৈভৱৰ ফিটনেছ।”
বৈভৱে ফিটনেছৰ ওপৰত গুৰুত্ব দিয়াৰ প্ৰয়োজন
জিম্বাবুৱে ভ্ৰমণত টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্বত থকা ভি ভি এছ লক্ষ্মণে লগতে কয়- বৈভৱ সূৰ্যবংশীয়ে ফিটনেছৰ ওপৰত গুৰুত্ব দিয়াৰ নিত্যান্তই প্ৰয়োজন আছে। কাৰণ ফিটনেছেই হৈছে এজন ক্ৰিকেটাৰৰ কেৰিয়াৰ দীঘলীয়া কৰাৰ মূল চাবিকাঠি। ফিটনেছে তেওঁক টেষ্ট আৰু এদিনীয়াত নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ সুবিধা প্ৰদান কৰিব। ক্ৰিকেট কেৱল বাউণ্ডাৰী বা অভাৰ বাউণ্ডাৰী শ্বট মৰা খেলেই নহয়। যিকোনো ডাঙৰ ইনিংছ খেলিবলৈ ফিটনেছৰ প্ৰয়োজন। দীঘলীয়া সময় ফিল্ডত থকাৰ বাবেও লাগে উন্নত ফিটনেছ। একেদৰে ধাৰাবাহিকভাৱে প্ৰদৰ্শন কৰিবলৈও ফিটনেছৰ প্ৰয়োজন আৰু বিৰাট কোহলি ইয়াৰ অন্যতম উদাহৰণ। ফিটনেছে এজন খেলুৱৈক শ্ৰেষ্ঠৰ পৰা সৰ্বশ্ৰেষ্ঠলৈ নিয়ে। যদি সূৰ্যবংশীয়ে ফিটনেছৰ ক্ষেত্ৰত আৰু অধিক গুৰুত্ব দিয়ে, তেন্তে নিঃসন্দেহে বৈভৱ ভাৰতীয় ক্ৰিকেট ইতিহাসৰ সবাটোকৈ দীঘলীয়া কেৰিয়াৰৰ ক্ৰিকেটাৰ হিচাপে পৰিগণিত হ’ব।
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত প্ৰথমটো মেন অব দ্য ছিৰিজৰ সন্মান
জিম্বাবুৱেৰ বিৰুদ্ধে তিনিখন মেচৰ শৃংখলাত বৈভৱ সূৰ্য্যবংশীয়ে ১৫১ ৰান সংগ্ৰহ কৰে। তেওঁৰ বেটিং গড় আছিল ৫০.৩৩ আৰু ষ্ট্ৰাইক ৰেট আছিল ১৯৬.১০। ছিৰিজটোত বৈভৱে সৰ্বাধিক ৯টা ছিক্সাৰ কোবায়। সূৰ্যবংশীয়ে মাত্ৰ ১৫ বছৰ বয়সতে প্লেয়াৰ অব দ্য ছিৰিজৰ বঁটা লাভ কৰে। ইয়াৰ লগে লগে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত মেন অব দ্য ছিৰিজ লাভ কৰা কনিষ্ঠতম ক্ৰিকেটাৰত পৰিণত হয় বৈভৱ সূৰ্যবংশী।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















