শেখ হাছিনাই বিদেশৰ পৰা ভাষণ দিয়াৰ ঘোষণাৰ পাছতেই আকৌ অশান্ত বাংলাদেশ৷ বংগবন্ধুৰ ধানমণ্ডিৰ ঘৰত তাণ্ডৱ চলাইছে ক্ষুদ্ধ প্ৰতিবাদকাৰীয়ে৷ ভৱনৰ তৃতীয় মহলাৰ এটা অংশ জ্বলাই দিছে প্ৰতিবাদকাৰীয়ে৷ বাংলাদেশৰ সংবাদপত্ৰ প্ৰথম আলোৱে প্ৰকাশ কৰিছে এই খবৰ৷
https://www.prothomalo.com/bangladesh/ncmsfe7zwo
বৃহস্পতিবাৰে পুৱা শ্বেখ মুজিবুৰ ৰহমানৰ ঘৰ ভাঙিছে দুষ্কৃতিকাৰীয়ে৷ ভাৰী যন্ত্ৰৰে অবাধে ভাঙি পেলাইছে ঘৰ৷ ঘৰৰ সন্মুখৰ অংশৰ চাৰিমহলা পৰ্যন্ত ভাঙি গুৰি কৰি দিছে দুষ্কৃতিকাৰীয়ে৷ ইটা, কাঠ, হাঁতুৰি দি ভাঙি দিয়া হৈছে দুৱাৰ, গ্ৰীল সকলো৷ অনা হৈছে ক্ৰেনো৷ ঢাকাৰ ধানমণ্ডিৰ ৩২ নম্বৰত শ্বেখ মুজিবুৰ ৰহমানৰ স্মৃতি বিজৰিত সেই ঘৰ ভাঙি পেলাইছে বাংলাদেশৰ তথাকথিত বিপ্লৱী ছাত্ৰ-জনতাই৷
এই বিদ্ৰোহক উদগনি দিছে মৌলবাদীসকলেও৷ মৌলবাদীৰ স্পষ্ট কথা, স্বৈৰাচাৰৰ কোনো চিহ্ন বাংলাদেশত ৰখা নহ’ব৷ সেয়ে শ্বেখ মুজিবুৰৰ ঘৰৰ বিভিন্ন অংশত ৰঙা ৰঙেৰে লিখি দিয়া হৈছে, ‘স্বৈৰাচাৰী হুঁচিয়াৰ৷’ নিশা ধানমণ্ডি ৫ত অৱস্থিত শেখ হাছিনাৰ ঘৰ সুধা সদনো ভাঙি গুৰি কৰি দিছে প্ৰতিবাদী জনতাই৷ এই খবৰ প্ৰকাশ কৰিছে বাংলাদেশৰ স্থানীয় সংবাদমাধ্যমে৷
উল্লেখ্য যে শ্বেখ হাছিনাই ভাষণত কৈছিল, ‘ধানমণ্ডিৰ ৩২ নম্বৰ ঘৰৰ পৰা জাতিৰ পিতা শ্বেখ মুজিবৰে স্বাধীনতাৰ ঘোষণা কৰিছিল৷ সেই ঘটনাৰ পাছতেই পাকিস্তানী হানদাৰ বাহিনীয়ে তেওঁক গ্ৰেপ্তাৰ কৰি লৈ গৈছিল৷ তেতিয়াও এই ঘৰত তেওঁলোকে লুটপাট চলাইছিল৷ কিন্তু জুই লগাই পুৰি নেপেলালে বা ভাঙি নেপেলালে৷ বহু ৰাষ্ট্ৰপ্ৰধান, চৰকাৰ প্ৰধান, বিশ্বৰ ডাঙৰ ডাঙৰ নেতা এই ঘৰলৈ আহিছে৷ আজি এই ঘৰ শেষ কৰি দিলে৷ কিয়? কি অপৰাধ এই ঘৰটোৰ? এই ঘৰটোক কিয় ইমান ভয় কৰিছে?’
ইয়াৰপাছতেই ধানমণ্ডিৰ ৩২ নম্বৰৰ বিশেষ ঘৰটো গুৰি কৰি দিয়াৰ ধমকি দি একাধিক ফেছবুক পোষ্ট কৰে ইনক্লাব মঞ্চৰ আহ্বায়ক আৰু জাতীয় নাগৰিক কমিটিৰ সদস্য শৰিফ ওছমান হাদিয়ে৷ ইয়াৰপাছতেই হাছিনাৰ ভাষণ আৰম্ভ হোৱাৰ পূৰ্বেই ধানমণ্ডিত মুজিবৰ ৰহমানৰ ঘৰৰ গেট ভাঙি দিয়া হৈছে৷ উল্লেখ্য যে বিগত বছৰৰ ৫ আগষ্টত ক্ষমতাচ্যুত হৈ ভাৰতলৈ আহিছিল শ্বেখ হাছিনা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















